নিউজ ডেস্ক, 4 আগষ্ট: সোমবাৰে ৰাজ্যজুৰি পালন কৰা হয় শাসনাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণা দিৱস ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে ৰাজ্যজুৰি পালন কৰা হয় এই প্ৰতাৰণা দিৱস কাৰ্যসূচী ৷ চিৰাং জিলাৰ বিজনীতো বড়োবাজাৰ ব্লক কংগ্ৰেছৰ আহ্বানত বিজনীত প্ৰতাৰণা দিৱস আৰু প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বিজেপি চৰকাৰৰ ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধেই সোমবাৰে এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয় ৷
বিজেপিৰ ভিজন ডকুমেন্ট জ্বলাই প্ৰতিবাদ সাব্যস্ত প্ৰতিবাদকাৰীৰ ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত চিৰাং জিলা কংগ্ৰেছৰ কমিটিৰ সম্পাদক অনিৰ্বান সেন,বড়োবাজাৰ ব্লক কংগ্ৰেছৰ আবু তালেব শিকদাৰ,কংগ্ৰেছ কৰ্মী জমশ্বেৰ আলীৰ লগতে যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তা,মহিলা কংগ্ৰেছৰ, সেৱা দলৰ লগতে ইয়ং ব্ৰিগেডৰ বহু দলীয় কৰ্মী উপস্থিত থাকে ।
![ধুবুৰীত কংগ্ৰেছৰ প্ৰতাৰণা দিৱস পালন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-02-03aug-cong-burn-protest-visbyte-7203850_03082020151943_0308f_01351_712.jpg)
সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীৰ ৰাজীৱ ভৱনতো বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণা দিৱস পালন কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ধুবুৰী টাউন মণ্ডল কংগ্ৰেছে । ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি উত্তম কুমাৰ সাৰকাৰৰ উপস্থিতিত মণ্ডল কংগ্ৰেছৰ কৰ্মকৰ্তা সকলে হাতে হাতে প্লে-কাৰ্ড লৈ চৰকাৰ বিৰোধী বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ।
উল্লেখ্য যে, বিজেপি চৰকাৰে বান সাহায্যৰ নামত দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ তুলি ৰাজ্যজুৰি কংগ্ৰেছে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণা দিৱস পালন কৰিছে ।
ইপিনে কৰিমগঞ্জ জিলাত বিজেপি কৰ্মী সকলে কংগ্ৰেছৰ বিৰুদ্ধে পালন কৰে প্ৰতাৰণা দিৱস ৷ কংগ্ৰেছৰ শাসন কালত জনগণৰ লগতে নানা প্ৰতাৰণা কৰাৰ অভিযোগত সোমবাৰে কৰিমগঞ্জৰ বদৰপুৰত বিজেপি মণ্ডল আৰু যুৱমৰ্চা কৰ্মী সকলয়ে প্ৰতাৰণা দিৱসত অংশ লয় ৷
লগতে চাওক-তিনিচুকীয়াত অখিল গগৈৰ মুক্তিৰ দাবীত অব্যাহত প্ৰতিবাদ