ETV Bharat / city

ধুবুৰীত পুনৰ আন এজনী মহিলা ক'ভিড-১৯ত আক্ৰান্ত - স্বাস্থ্য বিভাগ

ধুবুৰীত এজনী মহিলাৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতেই স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ বিৰুদ্ধে সৰৱ হৈ পৰে স্থানীয় লোকসকল ৷

One COVID-19 Positive Case At Dhubri District
ধুবুৰীত পুনৰ আন এজনী মহিলা ক'ভিড-১৯ত আক্ৰান্ত
author img

By

Published : Jul 11, 2020, 5:26 PM IST

ধুবুৰী, 11 জুলাইঃ ধুবুৰী সদৰ চহৰৰ এক নং ৱাৰ্ডৰ এগৰাকী মহিলাৰ দেহত ধৰা পৰে ক'ভিড-১৯ৰ উপস্থিতি ৷ মহিলাজনী ক'ভিড-১৯ত আক্ৰান্ত হোৱাৰ পিছতেই ধুবুৰী চহৰত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

ধুবুৰীত পুনৰ আন এজনী মহিলা ক'ভিড-১৯ত আক্ৰান্ত

ধুবুৰী সদৰ চহৰৰ এক নং ৱাৰ্ডৰ এগৰাকী মহিলাৰ দেহত শুকুৰবাৰে ক'ভিড-১৯ত আক্ৰান্ত হোৱা বুলি ৰিপৰ্ট লাভ কৰে ৷ উল্লেখ্য যে,বিগত দহ দিন পূৰ্বে বিহাৰৰ পৰা অহা এগৰাকী মহিলাক ধুবুৰী চহৰৰ হোটেলত 9 দিন কোৱাৰেণ্টাইন কৰি ৰাখিছিল জিলা প্ৰশাসনে ৷ লগতে মহিলাজনীৰ স্বাৱ সংগ্ৰহ কৰি পৰীক্ষাগাৰ লৈ প্ৰেৰণ কৰিছিল । কিন্তু স্বাৱৰ ফলাফল অহাৰ এদিন পূৰ্বেই মহিলা গৰাকীক ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰিছিল জিলা প্ৰশাসনে। ঘৰলৈ যোৱাৰ এদিন পিছতেই মহিলা গৰাকীৰ ফলাফল পজিটিভ ওলায় । তাৰ পিছতেই মহিলা গৰাকীক ঘৰৰ পৰা চিকিৎসালয় লৈ নিয়াৰ ব্যৱস্থা কৰে স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে । ফলাফল পজিটিভ ওলোৱাৰ পিছতেই স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে । আনহাতে,মহিলা গৰাকী ঘৰত থকাৰ সময়ত ফলাফল পজিটিভ হোৱাৰ ফলত জিলা প্ৰশাসনে এই অঞ্চলটো কণ্টেইনমেণ্ট জ'ন কৰাৰ সম্ভাৱনা থকাৰ প্ৰতি লক্ষ্য কৰি আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ । লগতে এই ঘটনাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় সচেতন ৰাইজে ।

লগতে পঢ়ক- শদিয়াৰ বিধায়ক কোভিড পজিটিভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.