ETV Bharat / city

চিকিৎসক আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা বিধায়ক ছামছুল হুদাৰ

author img

By

Published : Jun 2, 2021, 10:12 PM IST

বুধবাৰে বিলাসীপাৰা পূৱ-সমষ্টিৰ বিধায়ক ছামছুল হুদাই চাপৰৰ বিভিন্ন ঠাই পৰিদৰ্শন ৷ হোজাই জিলাৰ উদালীৰ ক’ভিড চিকিৎসক সেউজ কুমাৰ সেনাপতিক আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা ৷

mla bilasipara samsul huda condemn on doctor attact
চিকিৎসক আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক ছামছুল হুদাৰ

বিলাসীপাৰা, ০২ জুন : হোজাই জিলাৰ উদালীৰ ক’ভিড চিকিৎসক সেউজ কুমাৰ সেনাপতিক আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা পূৱ বিলাসীপাৰা সমষ্টিৰ বিধায়ক ছামছুল হুদাই ৷ উক্ত ঘটনাৰ উচিত তদন্ত কৰাৰ লগতে দোষীক উপযুক্ত শাস্তিৰ দাবী জনায় বিধায়ক ছামছুল হুদাই ৷ মঙলবাৰে একাংশ উন্মাদপ্ৰায় লোকে আক্ৰমণ চলাইছিল চিকিৎসকজনৰ ওপৰত ৷ বৰ্তমান গুৱাহাটী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ভুক্তভোগী চিকিৎসক গৰাকী ৷ ইতিমধ্যে ঘটনাৰ সৈতে জড়িত 24 জনক আটক কৰিছে আৰক্ষীয়ে ৷

বুধবাৰে বিলাসীপাৰা পূৱ-সমষ্টিৰ বিধায়ক ছামছুল হুদাই চাপৰৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰে । চাপৰ প্ৰাথমিক চিকিৎসালয় আৰু ৰঙামাটি চম্পাৱতী ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰ আৰু চাপৰৰ তিনিখন চাহ বাগিছাৰ ক’ভিড কেয়াৰ চেন্টাৰত উপস্থিত হৈ বিধায়কগৰাকীয়ে নিজেই স্বাস্থ্য কেন্দ্ৰবোৰত ছেনিটাইজাৰ কৰে । লগতে ক’ভিড আক্ৰান্ত ব্যক্তিসকল আৰু ক’ভিড যোদ্ধা সকলক কিছু খাদ্য সামগ্ৰী বিতৰণ কৰাৰ উপৰিও মাস্ক, ছেনিটাইজাৰ বিতৰণ কৰে । বিধায়ক ছামছুল হুদাই চাপৰৰ অঞ্চলৰ ক’ভিড পৰিস্থিতিৰো বুজ লোৱা পৰিলক্ষিত হয় । পৰিদৰ্শন সময়ত ৰঙামাটি চম্পাৱতী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অৰ্ধনিৰ্মিত হৈ থকা এটা বিল্ডিঙৰ কাম কম সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰো প্ৰতিশ্ৰুতি দিয়ে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক : ব‍্যৱসায়ীক উৎসাহিত কৰিবলৈ ৰঙিয়াত উপস্থিত মন্ত্ৰী ৰঞ্জিত দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.