ETV Bharat / city

ধুবুৰীত প্ৰশাসনক কি নিৰ্দেশ দিলে মন্ত্ৰী প্ৰমীলাই !

author img

By

Published : Jul 14, 2020, 8:56 PM IST

বান পৰিস্থিতি ভয়ংকৰ নহওতেই সতৰ্ক হৈ থাকিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিলে সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই ৷

Minister Pramila rani Attended At Dhubri
ধুবুৰীত প্ৰশাসনক কি নিৰ্দেশ দিলে মন্ত্ৰী প্ৰমীলাই !

ধুবুৰী, 14 জুলাইঃ ধুবুৰীত উপস্থিত হয় সমাজকল্যাণ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম। সাম্প্ৰতিক বান পৰিস্থিতিৰ সন্দৰ্ভত জিলা প্ৰশাসন আৰু স্থানীয় বিধায়ক সকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ গ্ৰহণ কৰে মন্ত্ৰী প্ৰমিলাৰাণীয়ে ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । সম্প্ৰতি বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ আৰু গংগাধৰ নৈৰ পানী। ইতিমধ্যে ধুবুৰী জিলাখনত প্লাৱিত হৈছে প্ৰায় চাৰে তিনি শতাধিক গাঁও। হাজাৰ হাজাৰ লোক বানৰ কবলত পৰাৰ লগতে বিস্তৰ ক্ষতি সাধন হৈছে লক্ষাধিক পশুধনৰ। তেনে সময়তে সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই ধুবুৰী জিলাখনৰ বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে ৷

ইপিনে বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী গৰাকীয়ে কয় যে,জিলা খনৰ বিভিন্ন প্ৰান্তত বানৰ কবলত পৰি ঘৰ দুৱাৰ,বহু সা সম্পত্তিৰ লগতে পশুধনৰ বিস্তৰ ক্ষতি সাধন হৈছে ৷ বান পৰিস্থিতি অধিক জটিল নোহোৱাৰ পূৰ্বেই নিৰাপদ স্থানলৈ আহিবলৈ আহ্বান জনাইছে ৷ নহ'লে বানত বহু সা-সম্পত্তি নষ্ট হোৱাৰ উপৰিও বহু পশু ধনৰ বিস্তৰ ক্ষতি সাধন হ'ব ৷ লগতে সকলো প্ৰশাসনিক বিষয়া আৰু বিধায়কসকলৰ লগতে সাংবাদিক সকলকো সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায় মন্ত্ৰী প্ৰমীলাই । ইপিনে জিলা প্ৰশাসনৰ ফালৰ পৰাও তৎপৰতা অবলম্বন কৰা হৈছে বুলি উল্লেখ কৰে জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে। জিলা খনৰ বানাক্ৰান্ত লোক সকলক সাহায্য প্ৰদানৰ লগতে বান পৰিস্থিতিৰ বাবে যাবতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা বুলি মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত সদৰি কৰে ৷

লগতে পঢ়ক- বিলাসীপাৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰফুল্ল কুমাৰ মহন্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.