ধুবুৰী,20 এপ্ৰিল: দেশৰ লগতে ৰাজ্যত মহামাৰী কৰ’ণাই ক্ৰমান্বয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । সমান্তৰালভাৱে ধুবুৰীতো এতিয়ালৈকে ৪২ জন লোক কৰ’ণাত আক্ৰান্ত হৈছে । তেনে সময়তে জিলা উপায়ুক্তই অশোকাষ্টমী স্নান সম্পৰ্কত কিছু নিৰ্দেশনা জাৰি কৰাৰ লগতে জিলাখনত ১৪৪ ধাৰা বলৱৎ কৰে ।
মঙলবাৰে অশোকাষ্টমী স্নান উপলক্ষে ধুবুৰী চহৰলৈ আগমন ঘটে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উপৰিও প্ৰতিবেশী ৰাজ্য পশ্চিমবংগ আৰু মেঘালয়ৰ সহস্ৰাধিক ভক্তপ্ৰাণ লোকৰ । কিন্তু প্ৰশাসনৰ ক’ভিড নিৰ্দেশনাৰ বাবে স্নানৰ বাবে অহা ভক্তসকলে নিশাৰ ভাগত চৰম হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে । প্ৰশাসনে ভক্তসকলৰ বাবে নৈশযাপনৰ ব্যৱস্থা নকৰাত শিশুৰ পৰা বৃদ্ধলৈকে সহস্ৰাধিক লোক হাৰাশাস্তিৰ সন্মুখীন হয় ৷
ইপিনে প্ৰশাসনৰ কঠোৰ নিৰ্দেশত বন্ধ কৰি দিয়া হৈছে মন্দিৰ, অন্য অনুষ্ঠান-প্ৰতিষ্ঠানৰ দুৱাৰ । লক্ষণীয়ভাৱে ক’ভিড-19 মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে স্নান কৰিবলৈ অহা প্ৰতিগৰাকী ব্যক্তিৰ ক’ভিড টেষ্টৰ ফলাফল ঋণাত্মক হ’ব লাগিব বুলি জিলা প্ৰশাসনে ঘোষণা কৰিছে ৷
লগতে পঢ়ক: চেন্নাইৰ অধিনায়ক হিচাপে আইপিএলত ২০০ খন খেল সম্পন্ন ধোনীৰ