ETV Bharat / city

বিধায়ক অশোক সিংহিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কৃষকমুক্তি সংগ্ৰাম সমিতিৰ

শাসকীয় দলৰ এজন বিধায়ক অশোক কুমাৰ সিংহিৰ বিৰুদ্ধে ধুবুৰী জিলা কৃষকমুক্তি সংগ্ৰাম সমিতিৰ সংবাদ মেল ৷ উক্ত সংবাদমেলত বিধায়কৰ লগতে প্ৰশাসনৰ বিৰুদ্ধে বহু মন্তব্য কৰে সংগ্ৰাম সমিতিৰ সদস্য সকলে ৷

KMSS PRESS MEET AGAINST MLA ASHOK KUMAR SINGHI AT DHUBRI
ধুবুৰীত চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে সৰৱ কৃষকমুক্তি সংগ্ৰাম সমিতি
author img

By

Published : Aug 10, 2020, 4:56 PM IST

ধুবুৰী, 10 আগষ্টঃ সোমবাৰে ধুবুৰী জিলা বার্তাজীৱী সংঘৰ কাৰ্যালয়ত ধুবুৰী জিলা কৃষকমুক্তি সংগ্ৰাম সমিতিয়ে আয়োজন কৰে এখন সংবাদমেল ৷ সংবাদমেলত জিলা কৃষকমুক্তি সংগ্ৰাম সমিতিয়ে ধুবুৰী জিলাৰ শাসকীয় দলৰ বিধায়ক অশোক কুমাৰ সিংহিয়ে জিলাখনত বহু কেইটা দিশত ছিণ্ডিকেট চলোৱা বুলি উত্থাপন কৰে কেইবাটাও অভিযোগ ৷

সংবাদমেলত কৃষকমুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে ধুবুৰীত শাসকীয় দলৰ এজন বিধায়ক অশোক কুমাৰ সিংহিয়ে ছিণ্ডিকেট ৰাজ চলোৱা বুলি গুৰুতৰ অভিযোগ কৰাৰ লগতে জিলা প্ৰশাসনো বিধায়ক জনৰ হাতৰ আঙুলিত নাচিছে বুলি অভিযোগ কৰে । আনকি বিধায়কজনৰ বিৰুদ্ধাচৰণ কৰিলেই জেলৰ ভাত খাব লাগে প্ৰতিবাদকাৰীসকলে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

ধুবুৰীত চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে সৰৱ কৃষকমুক্তি সংগ্ৰাম সমিতি

ইমানেই নহয়, ধুবুৰীৰ পূৱ বিলাসীপাৰা সমষ্টিৰ বিধায়ক সিংহিৰ বিৰুদ্ধে শিল- বালিৰ ছিণ্ডিকেটৰ বাতৰি সম্প্ৰচাৰিত হৈছিল বিভিন্ন সংবাদ মাধ্যমত । এইবাৰ সিংহি এণ্ড কোম্পানীয়ে বিলাসীপাৰাৰ চাপৰ ৰাজহ চক্ৰ এলেকাৰ ফলিমাৰী অঞ্চলৰ ৬০০ বিঘা মাটি দখলত নামি পৰিছে । বিলাসীপাৰাৰ চাপৰ ৰাজহ চক্ৰৰ ফলিমাৰী ধিৰবিলৰ ১১২ বিঘা মাটি চম্পামাটি দুগ্ধ উৎপাদন সমবায় সমিতিৰ নামত আবন্টন দিয়াৰ বাবে জিলা প্ৰশাসন তথা বিলাসীপাৰা মহকুমাধিপতিলৈ আবেদন পত্ৰ প্ৰেৰণ কৰা হৈছে ।

আনহাতে চাপৰৰ চৰুৱা বাখৰা জংঘল ব্লক গাঁৱৰ ১০০ বিঘা মাটি Govt khass for Govt perposs ৰ নামত আৱণ্টন দিয়াৰ বাবে আবেদন কৰা হৈছে। একেদৰে যমদুৱাৰ প্ৰথম খণ্ড গাঁৱৰ ১৭০ বিঘা মাটি Proposed Camp For Security Personal ৰ বাবে আৰু চৰুৱা বাখৰা জংঘল ব্লক গাঁৱৰ ২০০ বিঘা মাটি হিন্দুস্তান পেট্ৰলিয়াম কোম্পানী (পেট্ৰল পাম্প) ৰ নামত দিয়াৰ বাবে আবেদন কৰা হৈছিল । সেইমতে চাপৰ ৰাজহ চক্ৰ বিষয়াই মাটি আৱণ্টনৰ যাবতীয় কাম সম্পন্ন কৰি ইতিমধ্যে মহকুমাধিপতি লৈ ৰেকৰ্ড দাখিল কৰিছে । উক্ত ঘটনাক কেন্দ্ৰ কৰি এতিয়া ক্ষুব্ধ হৈ পৰিছে জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকল ।

কেৱল এয়াই নহয় বিধায়ক সিংহিৰ ভাতৃৰ নামত থকা Gautom Construction ৰ ফেক্টৰীত বনোৱা পথ নিৰ্মাণৰ ব্লক সমুহ এম জি এনেৰেগা পথ নিৰ্মাণত ব্যৱহাৰ নকৰিলে পঞ্চায়ত সভাপতি সম্পাদক সকলৰো বিপদ আহে বুলি অভিযোগ কৰে সমিতিৰ সদস্য সকলে । মুঠৰ ওপৰত জিলা প্ৰশাসনক হাতৰ মুঠিত ৰাখি চৰকাৰী ভূমি দখলৰ লগতে বিভিন্ন ছিণ্ডিকেট চলাই যোৱা বুলি অভিযোগ কৰে বিধায়ক সিংহি এণ্ড কোম্পানীৰ বিৰুদ্ধে । অতি শীঘ্ৰেই বিধায়ক গৰাকীৰ বিৰুদ্ধে চিবিআই তদন্তৰ লগতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী তুলিছে ধুবুৰী জিলা কৃষকমুক্তি সংগ্ৰাম সমিতি সদস্য সকলে।

লগতে পঢ়ক- বাক্সাৰ শিমলাবাৰীৰ ভূমি বিবাদৰ ঘটনাঃ গাঁওবাসীৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.