ETV Bharat / city

সাংবাদিকক জেৰা : ধুবুৰীত অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান

author img

By

Published : Jul 17, 2020, 9:01 PM IST

ধুবুৰী জিলাৰ বন বিষয়া বিশ্বজিৎ ৰয়ে সাংবাদিক ৰাজীৱ শৰ্মাৰ বিৰুদ্ধে তৰা গোচৰ আৰু বন বিষয়াৰ বিৰুদ্ধে বিভিন্ন সময়ত উত্থাপন হোৱা অভিযোগৰ এক তদন্তৰ প্ৰতিবেদন অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ লগতে অসমৰ মুখ্যমন্ত্ৰীক দাখিল কৰিব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙে ৷ সাংবাদিকৰ বিৰুদ্ধে তৰা বন বিষয়াৰ গোচৰ চিআইডি লৈ হস্তান্তৰ কৰাৰ লগতে ধুবুৰী জিলা আৰক্ষীৰ বিৰুদ্ধে গৰু ছিণ্ডিকেট কে ধৰি উত্থাপন হোৱা বিভিন্ন অভিযোগৰ তদন্ত কৰাৰ বাবে এছ আই টি গঠনৰ সিদ্ধান্তৰ কথা ঘোষণা ৷

ধুবুৰীত অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান

ধুবুৰী, 17 জুলাই: বুধবাৰে মাজ নিশা সাংবাদিকক গ্ৰেপ্তাৰ কৰা ঘটনাই চৌদিশে আলোড়নৰ সৃষ্টি কৰাৰ মাজতেই পুৱা মৃত্যু হৈছিল সাংবাদিকগৰাকীৰ দুৰ্ভগীয়া পিতৃৰ ৷ শেহতীয়াকৈ এই ঘটনাৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশতেই শুকুৰবাৰে ধুবুৰীত উপস্থিত হৈ বন বিষয়াই তৰা গোচৰৰ বুজ লয় অতিৰিক্ত সঞ্চালক প্ৰধানজনে । সাংবাদিকৰ বিৰুদ্ধে তৰা বন বিষয়াৰ গোচৰ চিআইডি লৈ হস্তান্তৰ কৰাৰ কথা উল্লেখ কৰে অতিৰিক্ত সঞ্চালক জি পি সিঙে ৷

সাংবাদিকক জেৰা : ধুবুৰীত অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান

ধুবুৰীত হঠাৎ উপস্থিত হৈ দুপৰীয়াৰ ভাগত আৰক্ষীৰ অতিৰিক্ত সঞ্চালকগৰাকীয়ে প্ৰথমে আৰক্ষী গেষ্ট হাউছত গ্ৰহণ কৰে গাৰ্ড অফ অ'নাৰ । তাৰ পিছতেই আৰক্ষী অতিৰিক্ত সঞ্চালকগৰাকীয়ে পোনে পোনে গৈ উপস্থিত হয় ধুবুৰী সদৰ আৰক্ষী থানাত । উপ মহাপৰিদৰ্শক ৰৌনক আলী হাজৰিকা আৰু ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ উপস্থিতিত ধুবুৰী সদৰ আৰক্ষী থানাত প্ৰায় ডেৰ ঘণ্টা সময় ধৰি ধুবুৰী বন বিষয়াই সাংবাদিকৰ বিৰুদ্ধে তৰা গোচৰ আৰু যোৱা বৃহস্পতিবাৰে সাংবাদিকক গ্ৰেপ্তাৰ কৰাৰ পাচতেই সাংবাদিকৰ পিতৃৰ মৃত্যু হোৱা ঘটনাৰ বুজ লোৱাৰ লগতে তদন্ত কৰে সমগ্ৰ বিষয়টো । ইয়াৰ লগতে জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীৰ সৈতেও সাক্ষাৎ কৰে আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধানজনে ।

উল্লেখ্য যে, বুধবাৰে নিশা দুই বজাত ধুবুৰীৰ সাংবাদিক ৰাজীৱ শৰ্মাক গ্ৰেপ্তাৰ কৰিছিল ধুবুৰী আৰক্ষীয়ে । তাৰ পিছতেই পুত্ৰৰ শোকত আকস্মিক মৃত্যুক আঁকোৱালি লৈছিল অকলশৰীয়া ৰোগীয়া পিতৃয়ে । এই ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য ৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশতেই শুকুৰবাৰে ধুবুৰীত উপস্থিত  অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিং

ইয়াৰ প্ৰতি লক্ষ্য কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙক সামগ্ৰিক ঘটনাৰ তদন্ত কৰিবলৈ ধুবুৰী লৈ যোৱা নিৰ্দেশ প্ৰদান কৰিছিল । ধুবুৰী জিলা বন বিষয়া বিশ্বজিৎ ৰয়ে তৰা গোচৰ আৰু বন বিষয়াৰ বিৰুদ্ধে বিভিন্ন সময়ত উত্থাপন হোৱা অভিযোগৰ এক তদন্তৰ প্ৰতিবেদন শুকুৰবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ লগতে অসমৰ মুখ্যমন্ত্ৰীক দাখিল কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধানগৰাকীয়ে । আনহাতে ধুবুৰী জিলা আৰক্ষীৰ বিৰুদ্ধে গৰু ছিণ্ডিকেটকে ধৰি উত্থাপন হোৱা বিভিন্ন অভিযোগৰ তদন্ত কৰাৰ বাবে ইতিমধ্যে এছআইটি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷

ইপিনে ধুবুৰীৰ সাংবাদিক ৰাজীৱ শৰ্মাক গ্ৰেপ্তাৰৰ পিছতেই পিতৃ বিয়োগৰ ঘটনাৰ দুখ প্ৰকাশ কৰাৰ লগতে সাংবাদিক ৰাজীৱৰ ঘৰত উপস্থিত হৈ মত বিনিময় কৰি সমবেদনা জ্ঞাপন কৰিব বুলি উল্লেখ কৰে আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙে।

লগতে চাওক-সাৱধান ! শিশুৰ খাদ্যৰ নামত বৰবিহ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.