ETV Bharat / city

ধুবুৰীৰ কোৱাৰেণ্টাইন কেন্দ্ৰত অনাহাৰত শতাধিক লোক !

author img

By

Published : Jun 1, 2020, 6:16 PM IST

কোৱাৰেণ্টাইন কেন্দ্ৰত খাদ্য যোগান দিয়াৰ নামত কি চলিছে ধুবুৰী জিলাত ! কোৱাৰেণ্টাইন কেন্দ্ৰত খাদ্য যোগানৰ নামত উঠিছে চৰম দুৰ্নীতিৰ অভিযোগ । ধুবুৰীৰ এখন কোৱাৰেণ্টাইন কেন্দ্ৰত কিয় দুদিন ধৰি অনাহাৰত থাকিবলগীয়া হৈছে ডেৰ শতাধিক লোক ।

Hundreds starve at Dhubri's quarantine center

ধুবুৰী, 1 জুন : কৰ'ণা ভাইৰাছ, লক্ ডাউন আৰু কোৱাৰেণ্টাইনৰ মাজতেই ধুবুৰীত উঠিছে এক চাঞ্চল্যকৰ অভিযোগ । ধুবুৰী জিলাৰ বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্ৰত আৰম্ভণীৰ পৰাই উত্থাপন হৈ আহিছে খাদ্য যোগান দিয়াৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ এক অভিযোগ । ইটিভি ভাৰতেও এনে অভিযোগৰ ভিত্তিত ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ কৰি অহাৰে সময়তে ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ দুৰাহাটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত পুনৰ উত্থাপন হৈছে আন এটা গুৰুতৰ অভিযোগ ।

কোৱাৰেণ্টাইন কেন্দ্ৰৰ বাহিৰত পৰি ৰৈছে খাদ্যৰ টোপোলা

এই কোৱাৰেণ্টাইন কেন্দ্ৰটোত যোৱা 23 মে'ত মুঠ 172 জনকৈ লোক আহি উপস্থিত হৈছিল । কিন্তু সম্পূৰ্ণ 9 দিন উকলি যোৱাৰ পিছতো এই সকলৰ ভিতৰৰ বহু লোকৰ স্বাৱ টেষ্টৰ নমুনা সংগ্ৰহ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে । মাত্ৰ কেইজন মানৰ নমুনা সংগ্ৰহ কৰা হৈছে যদিও হ'ম কোৱাৰেণ্টাইন কৰা নাই সেই সকলক ।

ইপিনে কেন্দ্ৰটোত খাদ্য যোগানৰ নামতো ব্যাপক অনিয়ম সংঘটিত হোৱাৰ লগতে খাবলৈ অনুপযোগী খাদ্য যোগান ধৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে । যাৰ বাবে দেওবাৰে নিশাৰে পৰা সোমবাৰলৈ কোনো ধৰণৰ আহাৰ গ্ৰহণ কৰা নাই কোৱাৰেণ্টাইন কেন্দ্ৰত থকা লোকসকলে । যোগানকাৰীয়ে যোগান ধৰা খাদ্য সমূহ ঘূৰাই পঠিয়াইছে এই সকল লোকে । যাৰ ফলত এতিয়াও কোৱাৰেণ্টাইন কেন্দ্ৰটোৰ বাহিৰত পেকেটে পেকেটে পৰি ৰৈছে খাদ্য সামগ্ৰী ।

ধুবুৰীৰ কোৱাৰেণ্টাইন কেন্দ্ৰত অনাহাৰত শতাধিক লোক !

আৰক্ষীয়ে এই সকলক লোকক বুজোৱাৰ চেষ্টা কৰিছে যদিও আহাৰ গ্ৰহণ কৰিবলৈ মান্তি হোৱা নাই লোকসকল। এতিয়া এই ক্ষেত্ৰত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়াহে লক্ষ্যণীয় হ'ব ।

লগতে চাওকঃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.