ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে অবৈধ অস্ত্ৰৰ চোৰাং বেহা । প্ৰতিবেশী ৰাষ্ট্ৰ চীনত নিৰ্মিত অস্ত্ৰ সৰবৰাহকাৰীৰ বাবে এতিয়া অসম হৈ পৰিছে স্বৰ্গ স্বৰূপ । ধুবুৰীত আজি পুৱতি নিশা গৌৰীপুৰ আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত মেগজিন সহ অবৈধ অস্ত্ৰৰ সৈতে আটক হয় এজন । গোপন তথ্যৰ পম খেদি এছ ০১চি- ৮৬৩৬ নম্বৰৰ এখন যাত্ৰীবাহী বাছত চলোৱা যুটীয়া অভিযানত গ্ৰেপ্তাৰ হোৱা যুৱকজনৰ পৰা উদ্ধাৰ কৰা হয় চাইনা নিৰ্মিত এটা 7.65 এম এম পিষ্টল । অধিক তথ্য উদ্ঘাটনৰ বাবে যুৱকজনক বৰ্তমান জেৰা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে ।
ধুবুৰীত পিস্তলসহ গ্ৰেপ্তাৰ এজন
পুৱতি নিশা ধুবুৰী অভিমুখী যাত্ৰীবাহী বাছত আহি থকা অৱস্থাত আৰক্ষীৰ হাতত ধৰা পৰিল হাচেম আলী নামৰ এজন অবৈধ অস্ত্ৰ সৰবৰাহকাৰী যুৱক ।
ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে অবৈধ অস্ত্ৰৰ চোৰাং বেহা । প্ৰতিবেশী ৰাষ্ট্ৰ চীনত নিৰ্মিত অস্ত্ৰ সৰবৰাহকাৰীৰ বাবে এতিয়া অসম হৈ পৰিছে স্বৰ্গ স্বৰূপ । ধুবুৰীত আজি পুৱতি নিশা গৌৰীপুৰ আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত মেগজিন সহ অবৈধ অস্ত্ৰৰ সৈতে আটক হয় এজন । গোপন তথ্যৰ পম খেদি এছ ০১চি- ৮৬৩৬ নম্বৰৰ এখন যাত্ৰীবাহী বাছত চলোৱা যুটীয়া অভিযানত গ্ৰেপ্তাৰ হোৱা যুৱকজনৰ পৰা উদ্ধাৰ কৰা হয় চাইনা নিৰ্মিত এটা 7.65 এম এম পিষ্টল । অধিক তথ্য উদ্ঘাটনৰ বাবে যুৱকজনক বৰ্তমান জেৰা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে ।
Body: হয়, চাইনা নিৰ্মিত অবৈধ অস্ত্ৰ সৰবৰাহৰ বেহা চলিছে নেকি ৰাজ্যত। কাৰণ ধুবুৰীত চাইনা নিৰ্মিত অবৈধ অস্ত্ৰ আৰু মেগজিন সহ গ্ৰেপ্তাৰ হৈছে এজন যুৱক। দৰাচলতে আজি পুৱতি নিশা গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী এখন যাত্ৰীবাহী বাছত হঠাৎ অভিযান চলায় ধুবুৰীৰ গৌৰীপুৰ আৰক্ষী আৰু ৰাজপুত ৰেজিমেণ্টৰ সেনাই। এক গোপন তথ্যৰ ভিত্তিত সেনা আৰক্ষীয়ে এ এছ ০১চি- ৮৬৩৬ নম্বৰৰ এখন যাত্ৰীবাহী বাছত চলোৱা যুটীয়া অভিযানত এইজন যুৱকৰ পৰা উদ্ধাৰ কৰে এটা 7.65 এম এম চাইনা নিৰ্মিত পিষ্টল। পিছত অস্ত্ৰ সহ যুৱক জনক গ্ৰেপ্তাৰ কৰি ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। জানিব পৰামতে, গ্ৰেপ্তাৰ হোৱা যুৱকজন ধুবুৰীৰ চান্দাখোলৰ বাসিন্দা বিশা আলীৰ পুত্ৰ হাসেম আলী।
Conclusion: উল্লেখযোগ্য যে, যুৱকজনৰ অধিক তথ্য উদ্ঘাটনৰ বাবে ধুবুৰী আৰক্ষীয়ে জেৰা চলাইছে যুৱকজনক। আৰক্ষীয়ে কোনো তথ্য এই মুহূৰ্ত লৈকে প্ৰকাশ কৰা নাই। যদিওঁ গুৱাহাটীৰ পৰা চাইনা নিৰ্মিত এনে অবৈধ অস্ত্ৰ সৰবৰাহ হৈ থকাৰ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাৰ আশংকা কৰা হৈছে।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।