ETV Bharat / city

ইতিহাস হ'ব নেকি ধুবুৰীৰ ঐতিহাসিক চৰকাৰী বাছ আস্থান ? - চৰকাৰী বাছ আস্থান

ক্ৰমাৎ কালৰ গৰ্ভত হেৰাই গৈ ইতিহাস হ'বলৈ গৈ আছে সত্তৰৰ দশকত স্থাপন হোৱা ধুবুৰীৰ ঐতিহাসিক চৰকাৰী বাছ আস্থান। দীৰ্ঘ দিনে মৃত্যু ঘণ্টা বাজি থকা চৰকাৰী বাছ আস্থান এতিয়া পুঁজিপতিৰ দখলত । বাছ আস্থান ভাঙি পুঁজিপতিয়ে নির্মাণ কৰিব পেট্ৰল পাম্প। ইপিনে পেট্ৰল পাম্পৰ বিৰুদ্ধে আজি শ্ৰেণী কোঠা এৰি ৰাজপথত নামিলে শ শ কলেজীয়া শিক্ষাৰ্থী ।

ৰাজপথত নামিলে শ শ কলেজীয়া শিক্ষাৰ্থী
author img

By

Published : Aug 21, 2019, 5:42 PM IST

ধুবুৰী,21 আগষ্টঃ বুধবাৰে শ্ৰেণী কোঠা এৰি হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ ৰাজপথলৈ ওলাই আহিল ধুবুৰীৰ শ শ ছাত্ৰী । ধুবুৰী ছোৱালী মহাবিদ্যালয় আৰু ধুবুৰী কনিষ্ঠ ছোৱালী মহাবিদ্যালয়ৰ প্ৰায় চাৰি শতাধিক ছাত্ৰীয়ে চৰকাৰ আৰু দালাল বিৰোধী শ্ল'গানেৰে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ । ধুবুৰীত পুঁজিপতি কোম্পানীয়ে নির্মাণ কৰি থকা এটা পেট্ৰ'ল পাম্পৰ বিৰুদ্ধে গৰজি উঠিছে কলেজীয়া শিক্ষাৰ্থীৰ লগতে স্থানীয় একাংশ ।

ইতিহাস হ'ব নেকি ধুবুৰীৰ ঐতিহাসিক চৰকাৰী বাছ আস্থান ?

উল্লেখ্য যে সত্তৰৰ দশকত স্থাপন হোৱা অসম ৰাজ্যিক পৰিবহণ নিগমৰ ধুবুৰীৰ চৰকাৰী বাছ আস্থান ভাঙি পুঁজিপতিয়ে নির্মাণ কৰিব পেট্ৰল পাম্প । এটা সময়ত অবিভক্ত গোৱালপাৰা জিলাৰ বহিঃবিশ্বৰ সৈতে যোগাযোগৰ একমাত্ৰ মাধ্যম আছিল এইটো চৰকাৰী এএছটিচি বাছ আস্থান । কিন্তু বৰ্তমান যেন কাগজ কলমতহে আছে এইটো চৰকাৰী বাছ আস্থান । কাৰণ সত্তৰৰ দশকৰ ঐতিহাসিক ধুবুৰীৰ চৰকাৰী এএছটিচি বাছ আস্থান উটি গৈ ইয়াৰ নির্মাণ হবলৈ গৈছে হিন্দুস্থান পেট্ৰল পাম্প । ওচৰৰ শিক্ষানুষ্ঠান আৰু ধুবুৰী সাহিত্য সভাৰ লগতে স্থানীয় ৰাইজ আৰু ৱাৰ্ড কমিছনাৰৰ বাধাক নেওচি পূৰ্ণ গতিত চলাই গৈছে পেট্ৰল পাম্পৰ নিৰ্মাণ কাৰ্য । ইপিনে পেট্ৰ'ল পাম্প নিৰ্মাণৰ বিৰোধিতা কৰি ইতিমধ্যে জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দিয়াৰ পিছতো কোনো সঁহাৰি নোপোৱাৰ ফলত বুধবাৰে এইদৰে ৰাজপথ আৰু বাছ আস্থানত প্ৰতিবাদ সাব্যস্ত কৰে ক্ষোভিত কলেজীয়া শিক্ষাৰ্থী সকলে ।

Intro: কালৰ গৰ্ভত হেৰাই গৈ ইতিহাস হবলৈ গৈ আছে সত্তৰৰ দশকত স্থাপন হোৱা ধুবুৰীৰ ঐতিহাসিক চৰকাৰী বাছ আস্থান। দীৰ্ঘ দিনে মৃত্যু ঘণ্টা বাজি থকা চৰকাৰী বাছ আস্থান এতিয়া পুঁজিপতিৰ দখলত। বাছ আস্থান ভাঙি পুঁজিপতিয়ে নির্মাণ কৰিব পেট্ৰল পাম্প। ইপিনে পেট্ৰল পাম্পৰ বিৰুদ্ধে আজি শ্ৰেণী কোঠা এৰি ৰাজপথত নামিলে শ শ কলেজীয়া শিক্ষাৰ্থী। চাওঁ আহক ইটিভি ভাৰতৰ এক প্ৰতিবেদন।

Body: শ্ৰেণী কোঠা এৰি হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ ৰাজপথত নামিলে ধুবুৰীৰ শ শ ছাত্ৰী। ধুবুৰী ছোৱালী মহাবিদ্যালয় আৰু ধুবুৰী কণিষ্ঠ ছোৱালী মহাবিদ্যালয়ৰ প্ৰায় চাৰি শতাধিক ছাত্ৰীয়ে এইদৰে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ চৰকাৰ আৰু দালাল বিৰোধী শ্লোগানেৰে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। পুঁজিপতি কোম্পানীয়ে নির্মাণ কৰি থকা পেট্ৰল পাম্পৰ বিৰুদ্ধে গৰজি উঠিছে কলেজীয়া শিক্ষাৰ্থীৰ লগতে স্থানীয় একাংশই।

দৰাচলতে সত্তৰৰ দশকত স্থাপন হোৱা অসম ৰাজ্যিক পৰিবহণ বিভাগৰ ধুবুৰীৰ এইখন চৰকাৰী বাছ আস্থান। এটা সময়ত এই খন চৰকাৰী বাছ আস্থানৰ পৰা ৰাজ্যিক পৰিবহণ বিভাগৰ এএছটিচি যাত্ৰীবাহী বাছৰ জৰিয়তে অবিভক্ত গোৱালপাৰা জিলাৰ শ শ যাত্ৰীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্ত লৈ যাতায়ত কৰিছিল। অবিভক্ত গোৱালপাৰা জিলাৰ বহিঃবিশ্বৰ সৈতে যোগাযোগৰ একমাত্ৰ মাধ্যম আছিল এইখন চৰকাৰী এএছটিচি বাছ আস্থান। কিন্তু আজি কাগজ কলমতহে আছে এইখন চৰকাৰী বাছ আস্থান। কাৰণ সত্তৰৰ দশকৰ ঐতিহাসিক ধুবুৰীৰ চৰকাৰী এএছটিচি বাছ আস্থান উটি গৈ ইয়াৰ নির্মাণ হবলৈ গৈছে হিন্দুস্থান পেট্ৰল পাম্প। ওচৰৰ শিক্ষানুষ্ঠান আৰু ধুবুৰী সাহিত্য সভাৰ লগতে স্থানীয় ৰাইজ আৰু ৱাৰ্ড কমিছনাৰৰ বাধাক নেওচি পূৰ্ণ গতিত চলাই গৈছে পেট্ৰল পাম্পৰ নিৰ্মাণ কাৰ্য্য। ইপিনে বাছ আস্থানত থকা বহু কেইটা গছ কাটি তহিলং কৰাত ক্ষোভিত হৈ পৰিছে শিক্ষাৰ্থী সকল।
পেট্ৰল পাম্প নিৰ্মাণৰ বিৰোধিতা কৰি ইতিমধ্যে জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দিয়াৰ পিছতো কোনো সঁহাৰি নোপোৱাৰ ফলত আজি এইদৰে ৰাজপথ আৰু বাছ আস্থানত প্ৰতিবাদ সাব্যস্ত কৰে ক্ষোভিত কলেজীয়া শিক্ষাৰ্থী সকলে।

Byte:- শিক্ষয়িত্ৰী/শিক্ষাৰ্থী

উল্লেখযোগ্য যে, অসম ৰাজ্যিক পৰিবহণ বিভাগ আৰু হিন্দুস্থান পেট্ৰলিয়াম কৰ্তৃপক্ষৰ সৈতে হোৱা বুজা বুজি চুক্তিৰ ভিত্তিত ধুবুৰী চৰকাৰী বাছ আস্থানত হিন্দুস্থান পেট্ৰলিয়ামৰ পেট্ৰল পাম্প নির্মাণৰ কাম আৰম্ভ হৈছে। উল্লেখযোগ্য যে, ধুবুৰীৰ গুৰু টেগ বাহাদুৰ পথৰ কাষত অৱস্থিত ধুবুৰী ছোৱালী মহাবিদ্যালয় আৰু ধুবুৰী কণিষ্ঠ ছোৱালী মহাবিদ্যালয়ৰ সন্মুখতেই "ইণ্ডিয়ান অইল"ৰ এখন পুৰণি পেট্ৰল পাম্প সক্ৰিয় হৈ আছে। যাৰ ফলত মহাবিদ্যালয় দুখনৰ ছাত্ৰী সকলৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈ আহিছে যদিওঁ ইয়াৰ প্ৰতি গুৰুত্ব দিয়া নাই ৰহস্যজনক ভূমিকা গ্ৰহণ কৰি অহা জিলা উপায়ুক্তই। এখন ঐতিহাসিক চৰকাৰী বাছ আস্থান ভাঙি পুঁজিপতি কোম্পানীৰ স্বাৰ্থ পূৰণ কৰাটো সহ্য নকৰে কলেজ কৰ্তৃপক্ষৰ লগতে স্থানীয় ৰাইজ আৰু ৱাৰ্ড কমিছনাৰ।

Byte:- ৱাৰ্ড কমিছনাৰ

জানিব পৰা মতে, এই নতুন পেট্ৰল পাম্প নিৰ্মাণৰ আঁৰত ধুবুৰীৰ এগৰাকী বিজেপি নেতাৰ লগতে দুজন প্ৰতিষ্ঠিত ব্যৱসায়ী জড়িত হৈ আছে। ৰাজনৈতিক ভাবে শক্তি প্ৰয়োগ কৰি হলেও এই মহাবিদ্যালয় দুখনৰ সন্মুখত চৰকাৰী বাছ আস্থান ভাঙি নতুনকৈ পেট্ৰল পাম্প নিৰ্মাণ কৰাত উঠি পৰি লাগিছে। যাৰ ফলত দিনে নিশাই চলিছে নির্মাণকাৰ্য্য।

Conclusion: লক্ষণীয় বিষয় যে, তীব্ৰ যান জঁট আৰু জন বসতিপূৰ্ণ অঞ্চলত দুখনকৈ পেট্ৰল পাম্প হলে শিক্ষানুষ্ঠানৰ লগতে স্থানীয় শ শ পৰিয়ালৰ জীৱনৰ প্ৰতিও ভাবুকি অহাটো একপ্ৰকাৰ নিশ্চিত।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.