ETV Bharat / city

ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ বাবে কোন হ’ব ফেক্টৰ ? - etv bharat

ধুবুৰীৰ ৰাজীৱ ভৱনৰ দলীয় কৰ্মী সভাত কংগ্ৰেছ প্ৰক্ষেপিত প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক সম্বৰ্ধনা ৷ বদৰুদ্দিন আজমল নহয়, অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামহে ফেক্টৰ হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ধুবুৰী লোকসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে ৷

ETV BHARAT
author img

By

Published : Apr 2, 2019, 2:48 AM IST

ধুবুৰী, 2 এপ্ৰিল: লোকসভা নিৰ্বাচন সমাগত ৷ নিৰ্বাচনী প্ৰচাৰক লৈ ব্যাপক তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ মাজত ৷ সোমবাৰে ধুবুৰীৰ ৰাজীৱ ভৱনত উপস্থিত হ’ল ধুবুৰীৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰী ৷ ৰাজীৱ ভৱনত অনু্ষ্ঠিত কৰ্মী সভাত অংশ লৈ এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল ফেক্টৰ নহয় বুলি উল্লেখ কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ লগতে কয় যে, যদি ফেক্টৰ হয় তেনেহ’লে বিজেপি অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামহে হ’ব ৷

ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ বাবে কোন হ’ব ফেক্টৰ ?

ইফালে নিৰ্বাচনত প্ৰাৰ্থিত্ব নোপোৱা সন্দৰ্ভত দলীয় কৰ্মীৰ লগতে প্ৰাৰ্থিত্ব প্ৰত্যাশী নেতা সকলৰ মাজত সৃষ্টি হোৱা বিসম্বাদ তথা সংঘাতৰ সন্দৰ্ভত তেওঁ কয় যে, ‘‘আমি সকলো তেজ মঙহৰে গঢ়া মানুহ ৷ প্ৰাৰ্থিত্বনাপালে অলপ আবেগ থাকিবই ৷ কিন্তু সম্প্ৰতি সকলো মীমাংসাহৈছে ৷’’

অহা 3 এপ্ৰিল বুধবাৰে কংগ্ৰেছ প্ৰেক্ষপিত প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে দাখিল কৰিব নিজৰ মনোনয়ন পত্ৰ ৷ উল্লেখ্য যে, প্ৰাৰ্থীগৰাকীয়ে উল্লেখ কৰা অনুসৰি জাবেদ ইছলাম যদি ফেক্টৰ হয় তেনেহ’লে, ধুবুৰীৰ লোকসভা সমষ্টিৰ পৰা অগপ-বিজেপি মিত্ৰদল, কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত ত্ৰিকোণীয়া যুঁজ হোৱাতো নিশ্চিত ৷

Intro: ধুবুৰীত কংগ্ৰেছ প্ৰাৰ্থীক সম্বৰ্ধনা। কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আবু তাহেৰ বেপাৰী নিশা উপস্থিত ধুবুৰী ৰাজীৱ ভৱনত। আবু তাহেৰ বেপাৰীৰ মতে ফেক্টৰ নহব আজমল। আনহাতে ফেক্টৰ হব পাৰে জাবেদ ইছলাম।

Body: লোকসভা নিৰ্বাচন সমাগত। শাসক বিৰোধী বিভিন্ন ৰাজনৈতিক দলৰ মাজত ব্যপক তৎপৰতা আৰম্ভ হৈছে। আজি ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে নিশা সহস্ৰাধিক দলীয় সমৰ্থকক লৈ উপস্থিত হয় ধুবুৰী ৰাজীৱ ভৱনত। উল্লেখযোগ্য যে, ধুবুৰীৰ বিলাসিপাৰাৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক জিলা কংগ্ৰেছে আদৰি আনে। ৰাজীৱ ভৱনত উপস্থিত হৈ আবু তাহেৰ বেপাৰীয়ে অংশ লয় এখন কৰ্মী সভাত। ইপিনে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে কয় বদৰুদ্দিন আজমল ফেক্টৰ নহব। কিন্তু ফেক্টৰ হব পাৰে অগপ বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলাম।

ইপিনে কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা কৰাৰ লগে লগে কংগ্ৰেছৰ একাংশ প্ৰাৰ্থীত্ব প্ৰত্যাশি নেতাৰ মাজত বিসম্বাদৰ জুই জ্বলি থকাৰ প্ৰসংগত আবু তাহেৰ বেপাৰী কয়ঃ আমি তেজ মঙহৰে গঢ়া মানুহ। আমিও প্ৰাৰ্থীত্ব বিচাৰিছিলোঁ নাপালে অলপ আবেগ থাকেই। যদিওঁ এতিয়া সকলো ঠিক হৈছে বুলি কৈ অহা তিনি এপ্ৰিলৰ দিনা কংগ্ৰেছৰ আবু তাহেৰ বেপাৰীয়ে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব বুলি উল্লেখ কৰে।

Conclusion: উল্লেখযোগ্য যে, কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে কোৱা দৰে অগপ বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলাম ফেক্টৰ হলে ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছ মিত্ৰ দল আৰু এ আই ইউ ডি এফৰ মাজত ত্ৰিকণীয়া যুজঁ হোৱাটো নিশ্চিত।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.