ETV Bharat / city

ধুবুৰীত চকাবন্ধৰ প্ৰভাৱ সৰ্বাত্মক - মটৰ পৰিবহন সন্থাৰ 24 ঘন্টীয়া চকাবন্ধ

দুৰ্গাপূজাৰ ব্যস্ততাৰ মাজতেই ৰাইজ পণবন্দী ৷ স্তব্ধ যান-বাহনৰ চলাচল ৷

চকাবন্ধৰ প্ৰভাৱত স্থবিৰ ধুবুৰীৰ যাতায়ত
author img

By

Published : Oct 3, 2019, 12:51 PM IST

ধুবুৰী, 3 অক্টোবৰ: সাধাৰণ ৰাইজক পণবন্দী কৰি দুৰ্গাপূজাৰ ব্যস্ততাৰ মাজতেই সদৌ অসম মটৰ পৰিবহন সন্থাই বৃহস্পতিবাৰে আহ্বান দিয়া 24 ঘন্টীয়া চকা বন্ধত ধুবুৰী জিলাত সৰ্বাত্মক প্ৰভাৱ পৰিছে ।

উল্লেখযোগ্য যে, যোৱা ২০১২ চনত ভাড়া বৃদ্ধিৰ পিছত আজিলৈ সাত বছৰে ভাড়া বৃদ্ধি পোৱা পোৱা নাই । পেট্ৰলজাত সামগ্ৰীৰ লগতে যান-বাহনত ব্যৱহৃত সকলো সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটাৰ বাবে ব্যপক হাৰত লোকচানৰ সন্মুখীন হবলগীয়া হৈছে যান-বাহনৰ গৰাকীসকলে । ভাড়া বৃদ্ধিৰ দাবীত বাৰাম্বাৰ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰে গুৰুত্ব দিয়া নাই ।

ইয়াৰ প্ৰতিবাদতেই দুৰ্গাপূজাৰ মাজতেই চব্বিশ ঘন্টীয়া চকাবন্ধ পালন কৰিছে মটৰ পৰিবহন সন্থাই । সদৌ অসম মটৰ পৰিবহন সন্থাই ভাড়া বৃদ্ধিৰ দাবীত বৃহস্পতিবাৰে পুৱা পাঁচ বজাৰ পৰা শুক্ৰবাৰৰ পুৱা পাঁচ বজালৈ আহ্বান জনাইছে এই বন্ধৰ ৷

চকাবন্ধই উকা কৰিলে ধুবুৰীৰ ৰাজপথ

Intro:দুৰ্গাপূজাৰ ব্যস্ততাৰ মাজতেই ৰাইজক পোনবন্দী কৰ আজি চকা বন্ধ। সদৌ অসম মটৰ পৰিবহণ সন্থাই ভাড়া বৃদ্ধিৰ দাবীত আজি পুৱা পাঁচ বজাৰ পৰা কাইলৈ পুৱা পাঁচ বজালৈ আহ্বান জনাইছে বন্ধৰ। বন্ধৰ সময়ছোৱাত ধুবুৰীত বন্ধ সকলো ব্যৱসায়ীক যান বাহনৰ চলাচল।

Body:

সাধাৰণ ৰাইজক পোনবন্দী কৰি দুৰ্গাপূজাৰ ব্যস্ততাৰ মাজতেই সদৌ অসম মটৰ পৰিবহণ সন্থাই আজি চব্বিশ ঘন্টিয়া চকা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে ধুবুৰীত। উল্লেখযোগ্য যে, যোৱা ২০১২ চনত ভাড়া বৃদ্ধিৰ পিছত আজিলৈ সাত বছৰে ভাড়া বৃদ্ধি পোৱা পোৱা নাই। যি সময়ত পেট্ৰলজাত সামগ্ৰীৰ লগতে যান বাহনত ব্যৱহৃত সকলো সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটিছে। ফলত ব্যপক হাৰত লোকচানৰ সন্মুখীন হব লগীয়া হৈছে যান বাহনৰ গৰাকী সকলে। ইপিনে ভাড়া বৃদ্ধিৰ দাবীত বাৰম্বাৰ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে যদিওঁ চৰকাৰে গুৰুত্ব দিয়া নাই। যাৰ বাবে দুৰ্গাপূজাৰ মাজতেই চব্বিশ ঘন্টিয়া চকা বন্ধ পালন কৰিছে মটৰ পৰিবহন সন্থাই।

Byte:- (03) গৌতম ৰয়, সাধাৰণ সম্পাদক, জিলা মটৰ পৰিবহন সন্থা।

ইপিনে ভাড়া বৃদ্ধিৰ দাবীত বন্ধৰ সময়ছোৱাত ধুবুৰীৰ ৰাজপথত কোনো ধৰণৰ ব্যৱসায়ীক যান বাহন তথা যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ চলাচল বন্ধ থকা পৰিলক্ষিত হয়। বন্ধৰ সময়ছোৱাত সাধাৰণতে যাত্ৰী সকলে দুৰ্ভোগ ভুগিব লগীয়া হৈছে।

Byte:- (02) যাত্ৰী

আনহাতে চৰকাৰে মটৰ পৰিবহণ সন্থাৰ দাবী পূৰণ নকৰিলে পূজাৰ পিছত দহ দিনৰ বাবে চকা বন্ধৰ আহ্বান জনায় ব্যপক প্ৰতিবাদ সাব্যস্ত কৰিব বুলি মটৰ পৰিবহন সন্থাৰ ফালৰ পৰা সকীয়ানি প্ৰদান কৰা হয় চৰকাৰক।

Byte:- (04) দেৱান আছফাক আলী, উত্তৰ পূৱ বাছ সংস্থাৰ জিলা কাৰ্য্যলয় সম্পাদক।

Conclusion:উল্লেখযোগ্য যে, মটৰ পৰিবহন সন্থাই ভাড়া বৃদ্ধিৰ দাবীত চকা বন্ধৰ আহ্বান জনাইছে যদিওঁ সেয়া চৰকাৰ আৰু মটৰ পৰিবহন সন্থাৰ বিষয়। কিন্তু ইয়াৰ বাবে কেৱল সাধাৰণ ৰাইজেই দুৰ্ভোগ ভোগ কৰিবলগীয়া হৈছে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.