ETV Bharat / city

হঠাৎ ধুবুৰী চহৰৰ প্ৰতি ভাবুকি ব্ৰহ্মপুত্ৰৰ

author img

By

Published : Jun 14, 2020, 3:12 AM IST

নিশাৰ ভিতৰতে ধুবুৰীত কালৰূপ ধাৰণ ব্ৰহ্মপুত্ৰৰ ৷ গৰাখহনীয়াই এফালৰ পৰা নিশাৰ ভাগতে খহাই নিলে শতাধিক দোকান-গৃহ ৷

হঠাৎ ধুবুৰী চহৰৰ প্ৰতি ভাবুকি ব্ৰহ্মপুত্ৰৰ
হঠাৎ ধুবুৰী চহৰৰ প্ৰতি ভাবুকি ব্ৰহ্মপুত্ৰৰ

ধুবুৰী, 14 জুন : হঠাৎ ধুবুৰী চহৰৰ প্ৰতি ভাবুকি আনিলে ব্ৰহ্মপুত্ৰই । চহৰখনৰ যোগমায়া ঘাটত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই নিশাৰ ভাগতে ধাৰণ কৰিলে ভয়ংকৰ ৰূপ । নিশাৰ ভাগত হঠাৎ এইদৰে যোগমায়া ঘাটত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া সৃষ্টি হ'বলৈ ধৰে ৷ মুহুৰ্তৰ ভিতৰতেই শতাধিক দোকান গ্ৰাস কৰে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ।

গৰাখহনীয়াই ৰুদ্ৰ মূৰ্তি ধাৰণ কৰা দেখি ইতিমধ্যে আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ এইদৰে হঠাৎ হোৱা গৰাখহনীয়াক লৈ স্থানীয় ৰাইজৰ মাজত এক হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয় । ইতিমধ্যে প্ৰশাসনৰ উপস্থিতিত নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বহু কেইটা পৰিয়ালে । নিশাৰ ভাগত সৃষ্টি হোৱা বৰলুইতৰ গৰাখহনীয়াই ঐতিহাসিক ধুবুৰী চহৰৰ প্ৰতিও ভাবুকি আনিছে ।

লগতে পঢ়কঃ মহামাৰী কৰ'ণা নিৰাময়ৰ বাবে ব্ৰহ্মপুত্ৰৰ পাৰত পূজা-অৰ্চনা!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.