ETV Bharat / city

ধুবুৰীৰ আলমগঞ্জত কংগ্ৰেছৰ 'অসম বচাও আহক' অভিযান - বিশাল বাইক ৰেলী

'বিজেপিয়ে মানুহক মদাহী কৰিব বিচাৰিছে, যাতে চৰকাৰৰ অন্যায় আৰু শোষণৰ বিষয়ে ৰাইজে উমান নাপায় । পাপ কৰা বুলি উপলব্ধি কৰি একালৰ বন্ধু মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইনিংছৰ আধাতে পলায়ন কৰিলে' । বৃহস্পতিবাৰে নিশা গৌৰীপুৰৰ আলমগঞ্জত কংগ্ৰেছৰ 'অসম বচাও আহক' অভিযানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনে ।

বিজেপি চৰকাৰক তীব্ৰ সমালোচনা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ

author img

By

Published : Feb 26, 2021, 1:15 PM IST

ধুবুৰী, ২৬ ফেব্ৰুৱাৰী: নিৰ্বাচনৰ প্ৰাক ক্ষণত সমগ্ৰ ৰাজ্যত কংগ্ৰেছ দলে 'অসম বচাও আহক' অভিযান আৰম্ভ কৰিছে । ধুবুৰীৰ গৌৰীপুৰৰ আলমগঞ্জতো বৃহস্পতিবাৰে নিশা বিৰোধী দলটোৱে এই অভিযানৰ অংশ হিচাপে এখন সভা অনুষ্ঠিত কৰে । এই সভাত অংশগ্ৰহণ কৰে চামগুৰি সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে । কংগ্ৰেছ কৰ্মীসকলে বিশাল বাইক ৰেলী উলিয়াই তেওঁক পানবাৰীৰ পৰা আলমগঞ্জ বজাৰলৈকে আদৰি আনে ।

বিজেপি চৰকাৰক তীব্ৰ সমালোচনা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ
বিজেপি চৰকাৰক তীব্ৰ সমালোচনা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ

সভাত অংশ লৈ মূল্যবৃদ্ধিৰ প্ৰসংগ উত্থাপন কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । তেওঁ কয় যে, বিজেপিয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিছে, কিন্তু সুৰাৰ দাম হ্ৰাস কৰিছে । তেওঁ লোকে সকলোকে মদাহী কৰিব খুজিছে যাতে তেওঁলোকৰ চৰকাৰে কৰা অন্যায় আৰু শোষণৰ বিৰুদ্ধে ৰাইজে মাত মাতিব নোৱাৰে । লগতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি হুছেইনে কয় যে, ইনিংছৰ আধাতে মন্ত্ৰীগৰাকীয়ে পলায়ন কৰিলে ।

কাৰণ তেওঁৰ একালৰ বন্ধুজনে বহুত পাপ কৰিছে আৰু সেয়া এতিয়া তেওঁ উপলব্ধি কৰিব পাৰিছে । বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ মহাজোঁটে ১০১ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলি দাবী কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে নিৰ্ভৰযোগ্য সমষ্টি বিচাৰি হাহাকাৰ কৰি ফুৰিছে বুলিও কটাক্ষ কৰে ৰকিবুল হুছেইনে । আনহাতে, কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ গঠন হ'লে এন আৰ চিৰ কাম সম্পন্ন কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে ।

লগতে পঢ়ক:চিৰাঙত আছাৰ মটৰ ছাইকেল ৰেলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.