ETV Bharat / city

হিমন্ত মেকিং মাষ্টৰ, ইভিএম বদলি কৰা মাষ্টৰ: আজমল

author img

By

Published : Apr 1, 2021, 10:39 AM IST

ধুবুৰীত হেলিকপ্তাৰেৰে আজমলৰ নিৰ্বাচনী প্ৰচাৰ । অসমত মহাজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি দাবী আজমলৰ ৷ হিমন্তক মেকিং মাষ্টৰ, ইভিএম বদলি কৰা মাষ্টৰ আখ্যা বদৰুদ্দিন আজমলৰ ৷

হিমন্ত মেকিং মাষ্টৰ, ইভিএম বদলি কৰা মাষ্টৰ : আজমল

ধুবুৰী,1 এপ্ৰিল: ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৱৰ্তী অঞ্চল ভোগদহত বুধবাৰে নিৰ্বাচনী প্ৰচাৰ চলালে বদৰুদ্দিন আজমলে ৷ প্ৰচাৰ সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মেকিং মাষ্টৰ আৰু ইভিএম বদলি কৰা মাষ্টৰ আখ্যা আজমলৰ । বুধবাৰে বিয়লি ভোগদহৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত উপস্থিত হৈ আজমলে ভাষণত এআইইউডিএফ জিন্দাবাদ, মহাজোঁট জিন্দাবাদ ধ্বনি দিয়াৰ লগতে ছোনিয়া গান্ধী জিন্দাবাদ, ৰাহুল গান্ধী জিন্দাবাদ, ৱাজেদ আলী চৌধুৰী জিন্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হয় । ভাষণত আজমলে ৰাইজক উদ্দেশ্যি "খেলা হবে" বুলি ঘোষণা কৰে । অসমত এইবাৰ মহাজোঁটৰ চৰকাৰ হ’ব বুলিও দাবী কৰে আজমলে ।

উল্লেখ্য যে, জোনাইৰ এখন নিৰ্বাচনী সভাত নিজকে আল্লাৰ লগত তুলনা কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে বিতৰ্কৰ সূচনা হৈছে অসমত । সেই প্ৰসংগত আজমলৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত খঙত অগ্নিগৰ্ভা হৈ পৰে আজমল । সাংবাদিকৰ প্ৰশ্নোত্তৰত সকলো অভিযোগ নসাৎ কৰি তেনে মন্তব্য কৰা নাই বুলি স্পষ্ট কৰি আজমলে কয়, তেনে মন্তব্য কৰিলে মই ইছলামৰ পৰা খাৰিজ হৈ যাম । আজমলে খঙত অগ্নিগৰ্ভা হৈ এটা ব্যক্তিগত চেনেলৰ ওপৰতো আক্ৰমণাত্মক মন্তব্য কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়কঃ নৰেন্দ্ৰ মোদীয়ে 24 ঘণ্টাই মিছা কয়: ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.