ETV Bharat / city

ধুবুৰীত বাংলাদেশী গ্ৰেপ্তাৰ

author img

By

Published : May 16, 2021, 8:15 PM IST

বাংলাদেশীৰ চৰণীয়া পথাৰত পৰিণত হৈছে অসম । ধুবুৰী জিলাৰ উন্মুক্ত সীমান্তৰে অসমত প্ৰৱেশ অব্যাহত আছে বাংলাদেশী নাগৰিকৰ । ধুবুৰী জিলাত দেওবাৰে ভাৰতীয় 1 লাখ টকাৰ জালনোটসহ আটক এজন যুৱক ৷

ধুবুৰীত বাংলাদেশী গ্ৰেপ্তাৰ
ধুবুৰীত বাংলাদেশী গ্ৰেপ্তাৰ

ধুবুৰী, 16 মে': দেওবাৰে ধুবুৰী আৰক্ষীৰ গোপন অভিযানত গ্ৰেপ্তাৰ হ’ল এজন বাংলাদেশী যুৱক ৷ যুৱকজন বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ কাছাকাটা থানাৰ কালাৰ চৰগাঁৱৰ ওমৰ ফাৰুক (২০) বুলি জানিব পৰা গৈছে ৷ বাংলাদেশী যুৱকজনে কেইদিনমান পূৰ্বে ভাৰত-বাংলাৰ উন্মুক্ত সীমান্তৰ মন্ত্ৰীৰ চৰ এলেকাদি প্ৰৱেশ কৰিছিল অসমত ৷ তাৰ পিছতেই মন্ত্ৰীৰ চৰৰ সাহা আলম নামৰ নামৰ এজন যুৱকৰ সৈতে যোগাযোগ কৰে ।

ধুবুৰী জিলাৰ ঝগৰাৰপাৰ দ্বিতীয় খণ্ড গাঁৱৰ আমিৰ আলী নামৰ এজন লোকৰ ঘৰত আশ্ৰয় লৈ আছিল বাংলাদেশী যুৱকজন । এক গোপন খবৰৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে ঝগৰাৰপাৰ দ্বিতীয় খণ্ড গাঁৱত চলায় অভিযান । অভিযানত গ্ৰেপ্তাৰ কৰে এজন বাংলাদেশী নাগৰিকৰ লগতে আন দুজন যুৱকক ।

ধুবুৰীত বাংলাদেশী গ্ৰেপ্তাৰ

ইপিনে আৰক্ষীৰ জালত পৰা চক্ৰটোৱে এক লাখ টকাৰ ভাৰতীয় জাল নোট সৰবৰাহ কৰাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে । অভিযানত চক্ৰটোৰ পৰা এক লাখ টকাৰ ভাৰতীয় জাল নোট জব্দ কৰিবলৈ সক্ষম হয় ।

যুৱকজন বিভিন্ন অপৰাধজনিত কাৰ্যত জড়িত থকাৰ সন্দেহ কৰাৰ বিপৰীতে কোনো উগ্ৰপন্থী সংগঠনক সহায় কৰিব পাৰে বুলিও সন্দেহ ব্যক্ত কৰে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । আনহাতে, বাংলাদেশী যুৱকজনে ভাৰতীয় কোনো ছোৱালীৰ সৈতে সাক্ষাৎ কৰাৰ কথাও উল্লেখ কৰিছে বুলি কয় আৰক্ষী অধীক্ষক গৰাকীয়ে ।

যদিওঁ আৰক্ষীৰ চকুত ধুলি দিবলৈ বাংলাদেশী যুৱকজনে এনে তথ্য দিব পাৰে বুলিও সন্দেহ কৰিছে আৰক্ষীয়ে । ইয়াৰ উপৰিও যুৱকজন এটা বৃহৎ চক্ৰ জড়িত হৈ আছে বুলিও সন্দেহ ব্যক্ত কৰে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।

উল্লেখ্য যে, ধুবুৰী দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত বাংলা সীমান্তৰ মুঠ ১৪৭.০২৪ কিলোমিটাৰৰ ভিতৰত এতিয়াওঁ প্ৰায় ৬১ কিলোমিটাৰ নদী সীমান্ত । যত চি আই বি এম এছ নামৰ এক প্ৰকল্পৰ জৰিয়তে স্মাৰ্ট ফেংচিংৰ কাম চলি আছে যদিওঁ এতিয়াওঁ সম্পূৰ্ণ হৈ উঠা নাই । যাৰ ফলত ভাৰত-বাংলা সীমান্তৰ বৃহৎ এলেকা আজিও উন্মুক্ত হৈ আছে ৷

লগতে পঢ়ক : টিংৰাই কাণ্ডত জড়িত দুৰ্বৃত্তৰ সন্ধান দিওতালৈ 2 লাখ টকাৰ পুৰস্কাৰ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.