ETV Bharat / city

আজমলৰ অথন্তৰ ! নিৰ্বাচনী প্ৰচাৰ চলোৱাত বাধা প্ৰশাসনৰ - ধুবুৰী

বিলাসীপাৰাত নিৰ্বাচনী প্ৰচাল চলাবলৈ অনুমতি নাপাই ৰাইজৰ সৈতে মত বিনিময় কৰিয়েই ওভতিল বদৰুদ্দিন আজমল

পশ্চিম বিলাসীপাৰাত নিৰ্বাচনী প্ৰচাৰ বদৰুদ্দিন আজমলৰ
author img

By

Published : Mar 24, 2019, 12:16 PM IST

ধুবুৰী,২৪মাৰ্চ: শনিবাৰে বিলাসীপাৰাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ অথন্তৰ লাগিল ৪ নং ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলৰ । শনিবাৰে প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণৰ উদ্দেশ্যে বিলাসীপাৰাত উপস্থিত হৈছিল সাংসদগৰাকী । পিচে সভাৰ উদ্যোক্তা সকলে প্ৰশাসনৰ পৰা সভা চলোৱাৰ অনুমতি উলিয়াব নোৱাৰাৰ বাবেই সাংসদগৰাকীয়ে সভালৈ অহা ৰাইজৰ সৈতে মত বিনিময় কৰিয়ে প্ৰথম নিৰ্বাচনী প্ৰচাৰ সামৰিবলগাত পৰে । আনহাতে সাংবাদিকে কংগ্ৰেছৰ সৈতে গোপন বুজাবুজি সন্দৰ্ভত সোধা প্ৰশ্নত সাংসদ বদৰুদ্দিন আজমলে তেনেধৰণৰ বুজাবুজি হোৱা নাই বুলি মন্তব্য কৰি ইছলাম ধৰ্মত গোপন বুলি কোনো শব্দ নথকাৰ কথা উল্লেখ কৰে ।

পশ্চিম বিলাসীপাৰাত নিৰ্বাচনী প্ৰচাৰ বদৰুদ্দিন আজমলৰ
ইপিনে বৰ্তমান সময়ত ৰাজনৈতিক প্ৰেক্ষাপটত এআইইউডিএফ দলৰ স্থিতি সবল হৈ উঠিছে বুলি মন্তব্য কৰি এইবাৰ লোকসভাত ৫ খনকৈ আসন লাভ কৰাৰ আশা প্ৰকাশ কৰে সাংসদ বদৰুদ্দিন আজমলে ।

Intro:পশ্চিম বিলাসীপাৰাত প্ৰথম খন নিৰ্বাচনী প্ৰচাৰ সভাত বদৰ উদ্দিন আজমলৰ লাগিল অথন্তৰ | কিন্তু কিয় এই অথন্তৰ, চাঁও আহক আমাৰ এক প্ৰতিবেদন Body:সমগ্ৰ দেশ তথা ৰাজ্যৰ চৌদিশে এতিয়া নিৰ্বাচনী গৰম বতাহ | বাদ পৰি থকা নাই ৪ নং ধুবুৰী লোকসভা সমষ্টিয়ো | সমষ্টিটোৰ অধীনস্থ বিলাসীপাৰাত শনিবাৰে উপস্থিত হল পুৰ্বৰ সাংসদ বদৰুদ্দিন আজমল | উদ্দেশ্য নিৰ্বাচনী প্ৰচাৰ | পিছে বিলাসীপাৰাত প্ৰথম খন নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ গৰাকীৰ লাগিল অথন্তৰ | কিন্তু কিয় এই অথন্তৰ, চাঁও আহক আমাৰ এক প্ৰতিবেদন |
V. O 1- শনিবাৰে বিলাসীপাৰাৰ টিয়াপাৰাত সাংসদ বদৰুদ্দিন আজমলৰ প্ৰথম খন নিৰ্বাচনী প্ৰচাৰ সভা | কিন্তু সভাত উপস্থিত হৈ সাংসদ গৰাকীয়ে পৰিল বিপাঙত | কিয়নো উদ্যোক্তা সকলে প্ৰশানৰ পৰা সভা চলোৱাৰ আদেশ উলিয়াব পৰা নাই | যাৰ বাবে বাধ্য হৈ স্থগিত ৰাখিব লগীয়া হল সভাৰ | এনে পথাৰতে ভোটাৰ ৰাইজক সাক্ষাৎ কৰিয়েই উভতি যাব লগীয়া হল |
*File No. 2*
V. O 2 - বিলাসীপাৰাত AIUDF মুৰব্বী তথা পুৰ্বৰ সাংসদ গৰাকীৰ প্ৰথম খন সভাতে কেণা লাগিলেও কিন্তু জৰা ফুকাৰ ৰাজনীতি কৰা বাদ নিদিলে আজমলে | ইয়াৰ পিছতে সাংবাদিকৰ দলক জানিবলৈ দিলে ৰাজ্যত হেনো AIUDF দলৰ অৱস্থা উন্নত হৈছে | কিয়নো নেতা গৰাকীয়ে এইবাৰৰ নিৰ্বাচনত ৰাজ্যত তিনি আসন জয় কৰা বুলি অনুমান কৰিছিল | কিন্তু এতিয়া ৰাজনৈতিক প্ৰেক্ষাপটত দলৰ স্থিতি অাৰু সৱল হৈ উঠিছে | সেয়ে এই বাৰৰ নিৰ্বাচনত AIUDF দলে ৫ খন অাসন দখল কৰিবলৈ সক্ষম হব |
*BITE - 1*
V. O 3 - প্ৰশানৰ আদেশ নোপোৱাত সভা অনুষ্ঠিত কৰিব নোৱাৰা আজমলে অৱশেত উদৰ পুৰাই এসাজ ভাত খাই বিয়লি সভাৰ স্থান ত্যাগ কৰে |Conclusion:File No. 3*
V. O 4 - বিগত দহটা বছৰে ধুবুৰী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা সাংসদ আজমলে নিজৰ ব্যৱসায়ৰ প্ৰসাৰ বৃদ্ধি কৰাৰ বাহিৰে সমষ্টিৰ কোনো উন্নয়ন নকৰাটো সৰ্বজনবিদিত | ইয়াৰ পিছতো সুগন্ধিৰ ব্যৱসায়ী আজমলে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত পুনৰ জৰা ফুকাৰ ৰাজনীতি লৈ উপস্থিত হৈছে | সংখ্যালঘু বসতি প্ৰধান সমষ্টিটোত ধৰ্মীয় আবেগ অনুভুতি সৃষ্টি কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱা নেতা গৰাকীক সমষ্টি বাসীয়ে এই বাৰ কিদৰে আকোৱালি লব সেয়া অহা ২৩ এপ্ৰিলত স্পষ্ট হৈ পৰিব |
Bite আজমল
বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলামৰ
etv Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.