ধুবুৰী, 2 আগষ্ট শুকুৰবাৰৰ পৰা পাঁচ দিনীয়া কাৰ্যসূচীৰে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাজ্যৰ প্ৰায় ছয় হাজাৰ ঠিকাভিত্তিত নিযুক্ত শিক্ষক শিক্ষয়িত্ৰীয়ে ৷ পাঁচ মাহৰ বকেয়া দৰমহা আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীত শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰিছে এই ঠিকা ভিত্তিক শিক্ষক শিক্ষয়িত্ৰী সকলে ৷ ইফালে গ্ৰীষ্ম বন্ধৰ পাছত 1 আগষ্টৰ পৰা বিদ্যালয় সমূহত পুনৰ আৰম্ভ হৈছে পাঠদান তেনে এক সময়তে সমগ্ৰ ৰাজ্যৰ লগতে আজি ধুবুৰী জিলাৰ ১৭৩ গৰাকী ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীয়ে পাচদিনীয়া কাৰ্যসূচীৰে শ্ৰেণী বৰ্জন কাৰ্যসূচী আৰম্ভণি কৰিছে ৷ পাঁচ দিনীয়া শ্ৰেণী বৰ্জনৰ পিছত সাত আগষ্টত জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি ঠিকা ভিত্তিক শিক্ষক শিক্ষয়িত্ৰী সকলে জানিবলৈ দিয়ে । উল্লেখযোগ্য যে বিগত পাঁচ মাহে দৰমহা নাপাই হাহাকাৰ লাগিছে ধুবুৰীৰ লগতে ৰাজ্যৰ প্ৰায় ছয় হাজাৰ ঠিকা ভিত্তিক শিক্ষক শিক্ষয়িত্ৰীৰ কিন্তু এই ক্ষেত্ৰত সম্পূৰ্ণ নিমাত ভূমিকাত অসম চৰকাৰ তথা শিক্ষা বিভাগ ৷
আজিৰে পৰা ৰাজ্যজুৰি ঠিকাভিত্তিক শিক্ষকৰ প্ৰতিবাদ - Dhubri
আজিৰে পৰা ৰাজ্যৰ ৬,৬৫০ গৰাকী ঠিকাভিত্তিক শিক্ষকে চাকৰি নিয়মীয়াকৰণ আৰু প্ৰাপ্য দৰমহাৰ দাবীত গ্ৰহণ কৰিছে শ্ৰেণী বৰ্জন কাৰ্যসূচী।পাঁচ দিনীয়া কাৰ্যসূচীৰে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে শিক্ষকসকলে ৷
ধুবুৰী, 2 আগষ্ট শুকুৰবাৰৰ পৰা পাঁচ দিনীয়া কাৰ্যসূচীৰে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাজ্যৰ প্ৰায় ছয় হাজাৰ ঠিকাভিত্তিত নিযুক্ত শিক্ষক শিক্ষয়িত্ৰীয়ে ৷ পাঁচ মাহৰ বকেয়া দৰমহা আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীত শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰিছে এই ঠিকা ভিত্তিক শিক্ষক শিক্ষয়িত্ৰী সকলে ৷ ইফালে গ্ৰীষ্ম বন্ধৰ পাছত 1 আগষ্টৰ পৰা বিদ্যালয় সমূহত পুনৰ আৰম্ভ হৈছে পাঠদান তেনে এক সময়তে সমগ্ৰ ৰাজ্যৰ লগতে আজি ধুবুৰী জিলাৰ ১৭৩ গৰাকী ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীয়ে পাচদিনীয়া কাৰ্যসূচীৰে শ্ৰেণী বৰ্জন কাৰ্যসূচী আৰম্ভণি কৰিছে ৷ পাঁচ দিনীয়া শ্ৰেণী বৰ্জনৰ পিছত সাত আগষ্টত জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি ঠিকা ভিত্তিক শিক্ষক শিক্ষয়িত্ৰী সকলে জানিবলৈ দিয়ে । উল্লেখযোগ্য যে বিগত পাঁচ মাহে দৰমহা নাপাই হাহাকাৰ লাগিছে ধুবুৰীৰ লগতে ৰাজ্যৰ প্ৰায় ছয় হাজাৰ ঠিকা ভিত্তিক শিক্ষক শিক্ষয়িত্ৰীৰ কিন্তু এই ক্ষেত্ৰত সম্পূৰ্ণ নিমাত ভূমিকাত অসম চৰকাৰ তথা শিক্ষা বিভাগ ৷
Body:
এমহীয়া গৰমৰ বন্ধৰ পিছত আৰম্ভ হল বিদ্যালয়ৰ পাঠদান। পিছে শ্ৰেণীত পাঠদান নকৰি শ্ৰেণী বৰ্জন কৰিলে ৰাজ্যৰ প্ৰায় ছয় হাজাৰ ঠিকা ভিত্তিক শিক্ষক শিক্ষয়িত্ৰী সকলে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ মুঠ ১৭৩ গৰাকী ঠিকা ভিত্তিক শিক্ষক শিক্ষয়িত্ৰীয়ে শ্রেণী বৰ্জনেৰে পাঁচ দিনীয়া প্ৰতিবাদী কাৰ্য্যসূচী আৰম্ভ কৰিছে। চাকৰি নিয়মীয়াকৰণ আৰু পাঁচ মাহৰ বকেয়া দৰমহা আদায়ৰ দাবীত এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ আৰম্ভ কৰিছে। পাঁচ দিনীয়া শ্ৰেণী বৰ্জনৰ পিছত সাত আগষ্টত জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয়ত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিব বুলি উল্লেখ কৰে ঠিকা ভিত্তিক শিক্ষক শিক্ষয়িত্ৰী সকলে।
DL with Byte
Conclusion: উল্লেখযোগ্য যে, বিগত পাঁচ মাহে দৰমহা নাপাই হাহাকাৰ লাগিছে ধুবুৰীৰ লগতে ৰাজ্যৰ প্ৰায় ছয় হাজাৰ ঠিকা ভিত্তিক শিক্ষক শিক্ষয়িত্ৰী সকলে। যদিওঁ চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।