ETV Bharat / city

ধুবুৰীত শিখ ধৰ্ম গুৰু টেগ বাহাদুৰৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী পালন

ধুবুৰীৰ ঐতিহাসিক শিখ ধৰ্ম গুৰু টেগ বাহাদুৰৰ গুৰুদ্বাৰত ৪০০ বছৰীয়া জন্ম জয়ন্তী পালন কৰা হয় । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে শতাধিক ভক্ত উপস্থিত হৈ ভিৰ কৰা পৰিলক্ষিত হয় গুৰুদ্বাৰটোত ৷

author img

By

Published : Apr 24, 2021, 10:24 PM IST

Guru teg Bahadurs 400 Years Birth Day Celebration At Dhubri
ধুবুৰীত শিখ ধৰ্ম গুৰু টেগ বাহাদুৰৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী পালন

ধুবুৰী, 24 এপ্ৰিল : সমগ্ৰ দেশৰ লগতে ৰাজ্যতো এতিয়া মহামাৰী কৰ'ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । যাৰ ফলত বাতিল কৰা হৈছে ৰাজ্যৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰ্যসূচী । তাৰ মাজতেই ধুবুৰীৰ ঐতিহাসিক গুৰু টেগ বাহাদুৰ গুৰুদ্বাৰত অনুষ্টুপীয়াকৈ পালন কৰা হৈছে শিখ ধৰ্মৰ নৱম গুৰু টেগ বাহাদুৰৰ চাৰিশ বছৰীয়া জন্ম জয়ন্তী ৷

উল্লেখ্য যে, বিগত দিনত ধুবুৰীত মহা ধুম-ধামেৰে পালন কৰা হৈছিল শিখ ধৰ্ম গুৰু টেগ বাহাদুৰৰ জন্ম শতবাৰ্ষিকী মহোৎসৱৰ । দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উপৰিও বিভিন্ন দেশৰ পৰা শিখ ধৰ্মাৱলম্বীৰ অগণন ভক্তৰ সমাগম হৈছিল যদিও এইবেলি মহামাৰী কৰণাতংকৰ বাবে ম্লান পৰিল গুৰু টেগ বাহাদুৰৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠান ।

কৰ'ণাৰ আতংকৰ মাজতেই তিনিদিনীয়া কাৰ্যসূচীৰে এই জন্ম শতবাৰ্ষিকীৰ আয়োজন কৰিছিল যদিও জিলা প্ৰশাসনে অনুমতি প্ৰদান কৰা নাই । যাৰ ফলত অনুষ্টুপীয়াকৈ পালন কৰা হৈছে গুৰু টেগ বাহাদুৰৰ চাৰিশ সংখ্যক জন্ম শতবাৰ্ষিকী।

কাৰ্যসূচী অনুসৰি কেইদিনমান পূৰ্বেই ধুবুৰীৰ গুৰুদ্বাৰৰ পৰা জাগৰাত্রী যাত্ৰা উলিওৱা হৈছিল । ইফালে শুকুৰবাৰে প্ৰকাশ উৎসৱ-অখণ্ড পাঠ কৰাৰ পিছতে শনিবাৰৰ পৰা শিখ সকলৰ কীৰ্তন পাঠ আৰম্ভ হয় । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ২০০ ভক্ত উপস্থিত হয় ঐতিহাসিক গুৰুদ্বাৰটোত । উল্লেখ্য যে, মহামাৰী কৰ'ণাৰ বাবেই এইবেলি বাতিল কৰা হয় শিখ সকলৰ নগৰ কীৰ্তন আৰু শিখ মেলা ।

লগতে পঢ়ক-ONGC তিনি বিষয়াৰ অপহৰণ সন্দৰ্ভত আলফা (স্বাধীন)ৰ প্ৰেছ বিবৃতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.