ETV Bharat / city

ধুবুৰী পৌৰসভাত অৰাজক পৰিস্থিতি

author img

By

Published : Oct 17, 2019, 10:48 PM IST

পৌৰ সভাৰ সভানেত্ৰী বিৰূদ্ধে একনায়কত্বৰ অভিযোগ ৱাৰ্ড কমিছনাৰৰ ৷ পৌৰ সভাৰ সভানেত্ৰীয়ে নিজ ইচ্ছাৰে খৰছ কৰে পৌৰসভাৰ বাবে আবন্টিত ধন ৷

ধুবুৰী পৌৰসভাত অৰাজক পৰিস্থিতি

ধুবুৰীত,17 অক্টোবৰ: চৰম অৰাজকতাৰ মাজেৰে চলিছে ধুবুৰী পৌৰসভা ! পৌৰ সভাৰ সভানেত্ৰী আৰু ৱাৰ্ড কমিছনাৰৰ মাজৰ কাজিয়াত এতিয়া স্থবিৰ হৈ ৰৈছে ধুবুৰী পৌৰসভাৰ সকলোধৰণৰ উন্নয়নমূলক কাম-কাজ ৷ পৌৰ সভাৰ সভানেত্ৰী পুষ্প মালোৰ বিৰূদ্ধে এই চৰম একনায়কত্ববাদৰ অভিযোগ আনিছে ধুবুৰী পৌৰসভাৰ সাত নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ কলিম উদ্দিনে ৷ অভিযোগ অনুসৰি 2018-19ত চতুৰ্দশ বিত্তীয় বৰ্ষৰ বাবে ধুবুৰী পৌৰসভাৰ নামত আবন্টিত হৈছিল প্ৰায় 91 লাখ টকা যাৰ অধিকাংশই পৌৰ সভাৰ সভানেত্ৰী গৰাকীয়ে পৌৰসভাৰ কৰ্মচাৰীৰ দৰমহা দিয়াৰ কামত ব্যৱহাৰ কৰে তাৰোপৰি বছৰৰ বাৰ মাহেই ৱাৰ্ড কমিছনাৰ সকলৰ লগত কৰিব লগা বৰ্ড মিটিং আয়োজন কৰা নাই অভিযুক্ত পৌৰ সভাৰ সভানেত্ৰী পুষ্প মালোয়ে ৷ লগতে নাই পৌৰসভাৰ সাধাৰণ পুঁজিৰ কোনো হিচাপ ৷

নেত্ৰী গৰাকীৰ বিৰূদ্ধে ইটিভি ভাৰতৰ কেমেৰাৰ সন্মুখত এই অভিযোগ তুলি ৱাৰ্ড কমিছনাৰ কলিম উদ্দিনে ধুবুৰী পৌৰসভাত এই অনিয়ম সমূহৰ বিৰূদ্ধে মাত মাতিলে সভানেত্ৰী গৰাকীয়ে আক্ৰমণ কৰাৰো অভিযোগ কৰে ৷ পৌৰ সভাৰ সভানেত্ৰী পুষ্প মালোয়ে নিজ গাড়ী চালকক ঠিকাদাৰ সজাই বিভিন্ন সামগ্ৰী যোগানৰ ঠিকা দিয়াৰো গুৰুতৰ অভিযোগ কৰে ৱাৰ্ড কমিছনাৰ কলিম উদ্দিনে ৷

পৌৰনেত্ৰীৰ বিৰূদ্ধে একনায়কত্বৰ অভিযোগ ৱাৰ্ড কমিছনাৰৰ

ইফালে কলিমউদ্দিনৰ এই অভিযোগৰ পাছত ইটিভি ভাৰতৰ সাংবাদিকে সভানেত্ৰী পুষ্প মালোৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত সভানেত্ৰী গৰাকীয়ে তেওঁৰ বিৰোদ্ধে উত্থাপিত সকলোবোৰ অভিযোগ খণ্ডন কৰে এইয়া তেওঁৰ বিৰোদ্ধে চলা এক ষড়যন্ত্ৰ বুলি মন্তব্য কৰে ৷ উল্লেখযোগ্য যে,কলিমউদ্দিনে সভানেত্ৰী গৰাকীৰ এই একনায়কত্ববাদৰ অভিযোগ জিলা উপায়ুক্তকো অৱগত কৰে যদিও এতিয়ালৈকে কোনো সঁহাৰি পোৱা নাই বুলি উল্লেখ কৰে ৷ ঘটনা সন্দৰ্ভত অভিযোগকাৰী ৱাৰ্ড কমিছনাৰ গৰাকীয়ে উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে ৷ এতিয়া এই ক্ষেত্ৰত জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব পৰৱৰ্তী সময়তহে গম পোৱা যাব ৷

Intro:ধুবুৰী পৌৰসভাত চলিছে চৰম খেলিমেলি। পৌৰনেত্ৰী পুষ্প মালোই নিজৰ ইচ্ছা মতেই চলাইছে পৌৰসভা। চতুৰ্দশ বিত্তীয় বৰ্ষৰ অবন্টিত ব্যৱহাৰ হয় অন্য কামত। তাৰোপৰি পৌৰসভাত নহয় মাহেকীয়া বোৰ্ড মিটিং। এনে বহু কেইটা গুৰুতৰ অভিযোগ এগৰাকী ৱাৰ্ড কমিচনাৰৰ।

Body:

ধুবুৰী পৌৰসভাত চলিছে পৌৰনেত্ৰী পুষ্প মালোৰ ৰাজত্ব। পৌৰনেত্ৰীৰ আসনত বহি নিজৰ ইচ্ছা মতেই কৰিছে কাম কাজ। অভিযোগ মতে, ২০১৮-১৯ বৰ্ষৰ চতুৰ্দশ বিত্তীয় বৰ্ষৰ বাবে অবন্টিত ৯১ লাখ টকাৰ পৰা পৌৰসভাৰ কৰ্মচাৰীৰ দৰমহা দিয়াৰ কামত ব্যৱহাৰ কৰা হৈছে। ইপিনে এই ক্ষেত্ৰত পৌৰসভাৰ ৱাৰ্ড কমিচনাৰৰ কোনো বৈঠক অনুষ্ঠিত কৰা নাই বুলি অভিযোগ উঠিছে পৌৰনেত্ৰীৰ বিৰুদ্ধে। ইপিনে ধুবুৰী পৌৰসভাত অন্যায়ৰ বিৰুদ্ধে মাত মাতিলেই একপ্ৰকাৰ আক্ৰমণ কৰে বুলিও অভিযোগ পৌৰনেত্ৰীৰ লগতে আন একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে। আনহাতে প্ৰতি মাহেকত এখনকৈ বোৰ্ড মিটিং কৰিব লাগে যদিওঁ এটা বছৰত মাত্ৰ পাঁচটা বোৰ্ড মিটিং কৰা হৈছে বুলিও অভিযোগ তোলে ধুবুৰীৰ সাত নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ কলিম উদ্দিনে। লগতে কলিম উদ্দিনে কয়ঃ পৌৰসভাৰ সাধাৰণ পুঁজিৰ কোনো হিচাপ নিকাচ কৰা নাই। কেৱল এয়াই নহয়। পৌৰনেত্ৰীৰ গাড়ী চালকক ঠিকাদাৰ সজাই বিভিন্ন ঠিকাকামৰ লগতে বিভিন্ন সামগ্ৰীও যোগান ধৰা হৈছে বুলিও ৱাৰ্ড কমিছনাৰ জনে অভিযোগ কৰে ইটিভি ভাৰতৰ আগত। মুঠৰ ওপৰত ধুবুৰী পৌৰসভাৰ কাৰ্য্যালয়তেই এনে একাধিক অভিযোগ ধুবুৰী পৌৰসভাৰ পৌৰনেত্ৰী পুষ্প মালোৰ বিৰুদ্ধে।

Byte:- কলিম উদ্দিন, ৱাৰ্ড কমিছনাৰ।।

ইপিনে এই সন্দৰ্ভত ধুবুৰী পৌৰসভাৰ পৌৰনেত্ৰী পুষ্প মালোৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত পৌৰনেত্ৰী গৰাকীয়ে ইটিভি ভাৰতৰ আগত সকলো অভিযোগ খণ্ডণ কৰি এইদৰেই মন্তব্য কৰে।

Byte:- পুষ্প মালো, ৱাৰ্ড কমিছনাৰ

Conclusion:উল্লেখযোগ্য যে, এই সন্দৰ্ভত জিলা উপায়ুক্তৰ উপৰি উৰ্ধতম কৰ্তৃপক্ষক ৱাৰ্ড কমিছনাৰ জনে অৱগত কৰিও কোনো সঁহাৰি পোৱা নাই বুলি উল্লেখ কৰে। যদিওঁ এইক্ষেত্ৰত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে ৱাৰ্ড কমিছনাৰ কলিম উদ্দিনে। কিন্তু এই ক্ষেত্ৰত জিলা কৰ্তৃপক্ষই কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়াই লক্ষণীয় বিষয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.