ETV Bharat / city

Protest against Sikha Sarma : গৰজি উঠিল সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ - Protest in West Bilasipara

লেখিকা শিখা শৰ্মাৰ বিৰুদ্ধে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ(Protest against Sikha Sarma)। শনিবাৰে বিলাসীপাৰাৰ বেলতলী চাৰিআলিত সাব্যস্ত কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে শিখা শৰ্মাক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে সংগঠনটোৱে ৷

gmdjp-protest-against-sikha-sarma-at-west-bilasipara
পশ্চিম বিলাসীপাৰাত প্ৰতিবাদ
author img

By

Published : Dec 5, 2021, 1:22 PM IST

পশ্চিম বিলাসীপাৰা, 5 ডিচেম্বৰ : শনিবাৰে লেখিকা শিখা শৰ্মাৰ বিৰুদ্ধে বিলাসীপাৰাৰ বেলতলী চাৰিআলিত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ(Protest against Sikha Sarma) । শুকুৰবাৰে নিশা ঐতিহাসিক পাণবাৰী মছজিদত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিবলৈ গৈ দেশী জনগোষ্ঠীক লৈ বিতৰ্কিত মন্তব্য কৰাৰ লগতে দেশী কোন বুলি প্ৰশ্ন উত্থাপন কৰিছিল লেখিকা শৰ্মাই ।

gmdjp-protest-against-sikha-sarma-at-west-bilasipara
পশ্চিম বিলাসীপাৰাত প্ৰতিবাদ

তাৰ পিছতেই জাঙুৰ খাই উঠে পৰিষদৰ সমূহ বিষয়ববীয়াই ৷ শিখা শৰ্মা মূর্দাবাদ, শিখা শৰ্মা গ' বেক, শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰক, শিখা শৰ্মা আজমলৰ দালাল আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷ লগতে শৰ্মাক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে পৰিষদে ৷ ইয়াৰোপৰি বিতৰ্কিত লেখিকাগৰাকীৰ পুত্তলিকা দাহ কৰি ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে ৷ এই প্ৰতিবাদস্থলীত পৰিষদৰ কেন্দ্ৰীয় সভাপতি শ্বাহনৱাজ হুছেইনৰ লগতে সংগঠনটোৰ বিভিন্ন পৰ্যায়ৰ নেতা, কৰ্মকৰ্তা সকলো উপস্থিত থাকে ।

উল্লেখ্য যে, শুকুৰবাৰে ধুবুৰীত উপস্থিত হৈ (Sikha Sarma visits Dhubri) মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল লেখিকাগৰাকীয়ে (Controversial Statement Of Sikha Sarma against CM) ৷ সংবিধানত থকা ‘ধৰ্ম নিৰপেক্ষতা’ক অৱমাননা কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভাৰতক এখন হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰাত সমৰ্থন কৰিছে ৷ গতিকে আলফা(স্বা) আৰু পৰেশ বৰুৱাৰ লেখীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীকো নিষিদ্ধ ঘোষণা কৰি গ্ৰেপ্তাৰ কৰিব লাগে বুলি মন্তব্য কৰিছিল লেখিকাগৰাকীয়ে ৷

লগতে পঢ়ক : শিখা শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ দেশী জনগোষ্ঠীয় মঞ্চৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.