ETV Bharat / city

দহ বছৰৰ অন্তত ধুবুৰী প্ৰেছ ক্লাৱৰ সাধাৰণ বৈঠক - Dhubri Press Club

ধুবুৰী প্ৰেছ ক্লাৱৰ সক্ৰিয় সদস্য সুৰেন্দ্ৰ ৰাইৰ নেতৃত্বত দহ বছৰৰ অন্তত অনুষ্ঠিত হয় এখন সভা ৷ অনুষ্ঠিত হোৱা সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় ৷

ETV BHARAT
দহ বছৰৰ অন্তত ধুবুৰী প্ৰেছ ক্লাৱৰ সাধাৰণ বৈঠক
author img

By

Published : May 31, 2020, 9:51 PM IST

ধুবুৰী, 31 মে' : সুদীৰ্ঘ দহ বছৰৰ অন্তত দেওবাৰে ধুবুৰী প্ৰেছ ক্লাৱৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । সুৰেন্দ্ৰ ৰাইৰ নেতৃত্বত অনুষ্ঠিত হয় এই সভাখন ৷

ধুবুৰী প্ৰেছ ক্লাৱৰ সক্ৰিয় সদস্য সুৰেন্দ্ৰ ৰাইৰ নেতৃত্বত দহ বছৰৰ অন্তত দেওবাৰে ধুবুৰী প্ৰেছ ক্লাৱৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় । সভাখনত উপস্থিত থাকে ধুবুৰী প্ৰেছ ক্লাৱৰ সভাপতি বিজয় শৰ্মাৰ লগতে সাংবাদিক আছিকুৰ ৰহমান, জ্যোতিৰ্ময় চক্ৰৱৰ্তী, আজাহাৰুল ইছলাম, কুলধৰ দাস, প্ৰণৱাসীস ৰায়, অমিতাভ চক্ৰৱৰ্তী, সাহানুৰ ইছলাম, ৰাজীৱ শৰ্মা, ইৰফানুল্লাহ খন্দকাৰ, আমিনুৰ আহমেদকে ধৰি বহু কেইজন সাংবাদিক ।

সভাখনৰ আৰম্ভনিতে ধুবুৰীৰ প্ৰয়াত সাংবাদিকসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে চিৰ শান্তি কামনাৰে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয় ৷

উক্ত সভাত প্ৰস্তাৱ মৰ্মে বিজয় শৰ্মাক পুনৰ সভাপতি দায়িত্ব অৰ্পণ কৰে । শৰ্মাক সভাপতি হিচাপে লৈ এখন নতুন কমিটি গঠন কৰা হয় । পৰৱৰ্তী সময়ত এখন পূৰ্ণাংগ কমিটি গঠন কৰাৰ আন এক প্ৰস্তাৱো গ্ৰহণ কৰা হয় ৷ আন এক প্ৰস্তাৱ যোগে নতুন সদস্য ভৰ্তিৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

After 10 Years General Meeting Held At Dhubri Press Club
দহ বছৰৰ অন্তত ধুবুৰী প্ৰেছ ক্লাৱৰ সাধাৰণ বৈঠক

প্ৰেছ ক্লাৱৰ সকলো দিশৰ দায়িত্ব সভাপতি বিজয় শৰ্মাৰ ওপৰত অৰ্পণ কৰে উপস্থিত থকা সদস্য সকলে । সুদীৰ্ঘ দহ বছৰৰ অন্তত অনুষ্ঠিত হোৱা সভাখনক লৈ প্ৰেছক্লাৱৰ সদস্য সকলে ধন্যবাদ জ্ঞাপন কৰে ক্লাৱৰ সক্ৰিয় সদস্য সুৰেন্দ্ৰ ৰাইক ৷

লগতে পঢ়ক- কামপুৰত বাঢ়নী পানীয়ে প্ৰাণ কাঢ়িলে দুজনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.