পশ্চিম বিলাসীপাৰা, 29 জুন : কৰ'ণা মহামাৰীয়ে (covid-19) সমগ্ৰ দেশ তথা ৰাজ্যত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ মহামাৰীয়ে কালৰূপ ধৰাত লাখ লাখ মৃত্যু হোৱাৰ বিপৰীতে এতিয়াও চিকিৎসাধীন হৈ আছে বহু লোক ৷ অকল সেয়াই নহয় কৰ'ণাৰ বাবে ইতিমধ্যে লাখ লাখ যুৱকযুৱতি কৰ্মসংস্থাপন হেৰোৱাৰ উপৰিও চৰকাৰী, বেচৰকাৰী কাম-কাজকে ধৰিকে সকলো ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ ইফালে কৰ'ণা পৰিস্থিতিত পৰি বহু পৰিয়ালে অনাহাৰ অনিদ্ৰাই জীৱন পাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ তাৰোপৰি কৰ'ণাত সৰ্বশ্ৰান্ত হৈ বহুলোকে ইতিমধ্যে আত্মহত্যাৰ দৰে পথ বাচি ল'বলগীয়া হৈছে ৷
তেনে এক শোকাৱহ ঘটনা সংঘটিত হৈছে ধুবুৰীৰ বিলাসীপাৰৰ লক্ষীগঞ্জত ৷ কৰ'ণা সৃষ্টি কৰা পৰিস্থিতিত উপায়ন্তৰ হৈ এজন অধিবক্তাই (Advocate) মঙলবাৰে চিপ লৈ আত্মহত্যা কৰে ৷ আত্মহনন কৰা অধিবক্তা জনৰ নাম হৈছে লক্ষীগঞ্জৰ হানিফ মহম্মদ ইৰছাদ ৷ তেখেতে ধুবুৰীৰ বিলাসীপাৰা আদালতত অধিবক্তা (Advocate) হিচাপে কাম কৰি জীৱন নিৰ্বাহ কৰিছিল ৷
ক'ৰনা সৃষ্ট পৰিস্থিতিৰ বাবে সমগ্ৰ দিশৰ লগতে ন্যায়, আদালতৰ কাম-কাজো স্তব্ধ হৈ পৰে ৷ অধিবক্তা গৰাকীৰ কাম কাজ বন্ধ হোৱাত পৰিয়ালটো পোহপাল দিয়াৰ লগতে আৰ্থিক দিশত ব্যাপকভাৱে জুৰুলা হ'বলগীয়া হোৱাত আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লোৱা বুলি স্থানীয় লোকে সাংবাদিকৰ আগত মন্তব্য কৰে ৷
উক্ত ঘটনাটো পোহৰলৈ অহাত স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰে ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰা লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷ এই ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে ৷ ইফালে আৰ্থিক দৈন্যতাত ভুগি অধিবক্তা হানিফ মহম্মদ ইৰছাদ অত্মহত্যা কৰিবলগীয়া হোৱাত চৰকাৰৰ তৰফৰ পৰা পৰিয়ালটোক আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে ৷
লগতে পঢ়ক-আমগুৰিত 6 বছৰে সম্পূৰ্ণ নহ'ল চৰকাৰী গৃহ নিৰ্মাণৰ কাম