ETV Bharat / city

ৰাজ্যজুৰি আমছুৰ ব্যাপক প্ৰতিবাদ - ৰাজ্যজুৰি আমছুৰ ব্যাপক প্ৰতিবাদ

এন জি অৰ দ্বাৰা যোগান ধৰা বেজাল মধ্যাহ্ন ভোজন আৰু সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানীৰ ২০০ কোটি টকাৰ কেলেংকাৰীৰ বিচাৰৰ দাবীৰে কলগাছিয়া, বঙাইগাঁও আৰু ধুবুৰীত আমছুৰ প্ৰতিবাদ ৷ দাহ কৰিলে শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি ৷

ৰাজ্যজুৰি আমছুৰ ব্যাপক প্ৰতিবাদ
author img

By

Published : Nov 8, 2019, 3:26 PM IST

নিউজ ডেস্ক, 8 নৱেম্বৰ: শুকুৰবাৰে মধ্যাহ্ন ভোজন যোগানৰ দায়িত্ব এন জি অক হস্তান্তৰ আৰু সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানীৰ নামত সংঘটিত হোৱা 200 কোটি টকাৰ কেলেংকাৰীৰৰ বিৰোধিতাৰে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৱে ৷ বৰপেটা জিলাৰ কলগাছিয়াত ইয়াৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আমছুৱে লগতে দাহ কৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰতিকৃতি ৷ মধ্যাহ্ন ভোজন যোগানৰ দায়িত্ব এন জি অক হস্তান্তৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোনোধৰণৰ মন্তব্য নকৰাৰো তীব্ৰ বিৰোধিতা কৰে সংখ্যালঘু সংগঠনটোৱে ৷ প্ৰতিবাদকাৰীসকলে ছাত্ৰ-ছাত্ৰীসকলৰ জলপানীৰ ধন আত্মসাৎ আৰু এন জি অ'ৰ দ্বাৰা ভেজাল খাদ্য যোগানৰ ক্ষেত্ৰত চিবিআইৰ তদন্ত দাবী জনাই চৰকাৰক ৷

কলগাছিয়াত আমছুৰ প্ৰতিবাদী কাৰ্যসূচী

সমান্তৰালভাৱে,বঙাইগাঁওৰ ৰাখালডুবিত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটো ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে আমছুৱে ৷ সংগঠনটোৱে শিক্ষামন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰি সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ আৰু মধ্যাহ্ন ভোজন যোগানৰ দায়িত্ব এন জি অক হস্তান্তৰ বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰি অতি শীঘ্ৰে বিফলতাৰ দায়িত্ব কান্ধত পাতি শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক পদত্যাগ কৰিবলৈ আহ্বান জনাই ৷

বঙাইগাঁওত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰতিকৃতি দাহ আমছুৰ

ইফালে শুকুৰবাৰৰ দিনটোতে ধুবুৰীৰ বিলাসীপাৰাতো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আমছুৰ ধুবুৰী জিলা সমিতিৰ সদস্যসকলে ৷ প্ৰতিবাদকাৰীসকলে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত মধ্যাহ্ন ভোজনৰ নামত অখাদ্য বিতৰণ অতি শীঘ্ৰে বন্ধ কৰিবলৈ চৰকাৰক সকীয়নি প্ৰদান কৰাৰ লগতে বাঙালীপাৰাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰতিকৃতি দাহ কৰে ৷

বিলাসীপাৰাত আমছুৰ প্ৰতিবাদ

লগতে পঢ়কঃ মুক্তি পালে অংগৰাগৰ নতুন এলবাম "বৰগীত ঘোষা"

Intro:slug: as_jania_8nov_effigy_burnt_vis1+byt2+pho1_story_asc10058

Anchor: কলগাছিয়াত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ প্ৰতিকৃতি দাহ আমছুৰ।Body:slug: as_jania_8nov_effigy_burnt_vis1+byt2+pho1_story_asc10058

VO-1: বৰপেটা জিলাৰ কলগাছিয়াত আজি শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ প্ৰতিকৃতি দাহ কৰে। প্ৰতিকৃতি দাহ কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই। শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ নেতৃত্বত বহি ৰাজ্যত নিষিদ্ধ কৰা এন জি অ'ৰ জৰিয়তে মধ্যাহ্ন ভোজনৰ ভেজাল খাদ্য যোগান ধৰাৰ প্ৰতিবাদত এই প্ৰতিকৃতি দাহ। সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানীৰ ২০০ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে আমছুৱে। এই ক্ষেত্ৰত এতিয়ালৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কোনো ধৰণৰ মন্তব্য নকৰাৰ অভিযোগ। ছাত্ৰ-ছাত্ৰীৰ জলপানীৰ ধন আত্মহাত আৰু এন জি অ'ৰ দ্বাৰা ভেজাল খাদ্য যোগান ধৰাৰ বাবে চি বি আই তদন্তৰ দাবী কৰিছে আমছুৱে।Conclusion:slug: as_jania_8nov_effigy_burnt_vis1+byt2+pho1_story_asc10058

Byte: আমছু নেতাৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.