নেশ্যনেল ডেস্ক, 29 আগষ্ট: ২০২২ চনৰ দীপাৱলীৰ ভিতৰত "বিশ্বৰ আটাইতকৈ দ্ৰুত" 5 জি ৰোলআউট পৰিকল্পনা আৰম্ভ কৰিবলৈ সকলো সাজু হৈছে ৰিলায়েঞ্চ জিঅ'ৰ টেলিকম শাখাই (Jio to launch 5G service by Deepawali)। সোমবাৰে অনুষ্ঠিত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ৪৫ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত(45th AGM) এই ঘোষণা কৰিলে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ চি ই আইৰ চি এম ডি মুকেশ আম্বানীয়ে (Reliance Industries CEI CMD Mukesh Ambani) ৷
তেওঁ ঘোষণা কৰি কয়, "দীপাৱলী ২০২২ৰ ভিতৰত আমি দিল্লী, মুম্বাই, চেন্নাই আৰু কলকাতাৰ মেট্ৰ' চহৰকে ধৰি একাধিক গুৰুত্বপূৰ্ণ চহৰত জিঅ' 5 জি মুকলি কৰিম’’ । ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত আমি ভাৰতৰ প্ৰতিখন চহৰ, তালুক আৰু তহচিললৈ জিঅ' ৫জি নেটৱৰ্ক যোগান ধৰা হ'ব বুলি আম্বানীয়ে (Mukesh Ambani) জানিবলৈ দিয়ে ৷
তেওঁ লগতে কয়, ‘‘জিঅ' 5 জি সেৱাই সকলোকে, প্ৰতিটো ঠাই আৰু সকলোকে উচ্চ মানদণ্ড আৰু সুলভ মূল্যৰ সৈতে সংযোগ কৰিব । আমি ভাৰতক চীন আৰু আমেৰিকাতকৈও আগবাঢ়ি এখন ডাটা চালিত অৰ্থনীতি হিচাপে গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ’’ ।
সাধাৰণতে ব্যৱহৃত মোবাইল বা ডেস্কটপ স্ক্ৰীণত এই নিমজ্জিত অভিজ্ঞতা উপভোগ কৰিব পাৰি, যদিও বিশেষ 3D VR আই-ৱেৰে অভিজ্ঞতাক সমৃদ্ধ কৰিব পাৰে । ইয়াৰ উপৰিও RIL(Reliance Industries Limited)এ আৰু দুটা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম সংযোজন কৰিব য'ত Koo আৰু Instagram Reelএ এটা WhatsApp চেটবটও (Chatbot) সক্ৰিয় কৰিছে যিটো এটা ‘হাই’ বাৰ্তাৰে সক্ৰিয় কৰিব পাৰি আৰু ই AGM ৰ তাৰিখ, সময়, ইয়াক কেনেকৈ লাইভ চাব লাগে সেইটো বিচাৰি উলিওৱাত সহায় কৰিব ৷
লগতে পঢ়ক : নিৰ্ধাৰিত সময়সীমাৰ পূৰ্বে 5G spectrumৰ ধন পৰিশোধ কৰিলে এয়াৰটেলে