ETV Bharat / business

Tax burden on rental income : ঘৰভাড়াৰ উপাৰ্জনৰ ওপৰত কৰৰ বোজা কেনেদৰে হ্ৰাস কৰিব - Co owners can claim tax exemption

সম্পত্তিৰ মালিকসকলৰ বৰ্ধিত ভাৰাৰ উপাৰ্জনৰ ওপৰত ভিত্তি কৰি ব্যক্তিগত আয়কৰ শ্লেব সলনি হ'ব পাৰে । এনে পৰিস্থিতিত সম্পত্তিৰ মালিকসকলে কৰ ৰেহাই আৰু ষ্টেণ্ডাৰ্ড কৰ্তনৰ সুবিধা লৈ তেওঁলোকৰ কৰ বোজা হ্ৰাস কৰিব পাৰে (Reduce tax burden on rental income)। আনকি সহ-মালিকসকলেও কৰ ৰেহাই দাবী কৰিব পাৰে ।

Tax burden on rental income
ঘৰভাড়াৰ উপাৰ্জনৰ ওপৰত কৰৰ বোজা কেনেদৰে হ্ৰাস কৰিব
author img

By

Published : Feb 25, 2023, 5:03 PM IST

নিউজ ডেস্ক,২৫ ফেব্ৰুৱাৰী : ঘৰভাৰাৰ জৰিয়তে কৰা আপোনাৰ উপাৰ্জন কৰযোগ্য (House rent income is taxable)। এই কৰৰ পৰিমাণ বাৰ্ষিক কৰ ৰিটাৰ্ণত দেখুৱাব লাগে । আইনে কিছুমান ব্যতিক্ৰমৰ বাহিৰে আপোনাৰ ওপৰত কৰ বোজা হ্ৰাস কৰাৰ অনুমতি প্ৰদান কৰে । দীৰ্ঘ সময় ধৰি ভাৰাৰ জৰিয়তে কৰা উপাৰ্জন ব্যক্তিগত আয়কৰ শ্লেববোৰো সলনি কৰাৰ সম্ভাৱনা আছে । এই সন্দৰ্ভত কিছুমান কথা আছে যিবোৰ সম্পত্তিৰ মালিকে জানিব লাগে ।

যিকোনো স্থাৱৰ সম্পত্তিৰ ভাৰা বা লীজত পোৱা উপাৰ্জন 'ঘৰৰ সম্পত্তিৰ পৰা উপাৰ্জন'ৰ অধীনত প্ৰদৰ্শন কৰিব লাগিব (Income from House Property)। ব্যক্তিসকলে ঘৰৰ ভাৰাৰ উপাৰ্জন তেওঁলোকৰ মুঠ উপাৰ্জনত অন্তৰ্ভুক্ত কৰিব লাগিব আৰু প্ৰযোজ্য শ্লেব অনুসৰি কৰ পৰিশোধ কৰিব লাগিব ।

উদাহৰণ স্বৰূপে, আন কোনো উপাৰ্জন নথকা ব্যক্তিয়ে কেৱল ভাড়াৰ পৰা ২.৫ লাখ টকাতকৈ কম উপাৰ্জন কৰে । তেতিয়া ব্যক্তিজনৰ কোনো কৰৰ বোজা নাথাকে । ধৰি লওক পাচৰ বছৰ ভাৰা ২০ শতাংশ বৃদ্ধি হয় । ধাৰা ৮০ চি আৰু অন্যান্য ৰেহাইও ইয়াত প্ৰদৰ্শন কৰিব পাৰি । সেয়েহে, কৰযোগ্য উপাৰ্জন ৫ লাখ টকাৰ কম হ'লে কোনো কৰৰ বোজা নাথাকে । ভাৰাৰ উপাৰ্জনৰ ক্ষেত্ৰতো একে ধৰণৰ নিয়ম প্ৰযোজ্য ।

ষ্টেণ্ডাৰ্ড কৰ্তন (Standard deduction)

এগৰাকী ঘৰৰ মালিকে তেওঁৰ লাভ কৰা ভাৰাৰ উপাৰ্জনৰ পৰা কিছু ষ্টেণ্ডাৰ্ড কৰ্তন দাবী কৰিব পাৰে । এই কৰ্তন মুঠ ভাৰাৰ পৰা বাকী থকা পৰিমাণৰ ৩০ শতাংশলৈকে আৰু সম্পত্তি কৰ পৰিশোধ কৰা হয় ।

উদাহৰণ স্বৰূপে, এগৰাকী ব্যক্তিয়ে ৩,২০,০০০ টকা ভাৰাৰ ধন লাভ কৰে । যদি সম্পত্তি কৰ ২০,০০০ টকা পৰিশোধ কৰা হয়, বাকী উপাৰ্জন হৈছে ৩ লাখ টকা । ইয়াৰ ৩০ শতাংশতকৈ ওপৰৰ হৈছে ৯০,০০০ টকা । এতিয়া ঘৰৰ ভাৰাৰ পৰা মুঠ উপাৰ্জন হৈছে ২,১০,০০০ টকা । এই উপাৰ্জনক কৰ গণনাত ধৰা হয় । ঘৰ আৰু স্থাৱৰ সম্পত্তিৰ ওপৰত উপাৰ্জন কৰা সূতৰ ওপৰত প্ৰবাসী ভাৰতীয়সকলৰ বাবে এই ষ্টেণ্ডাৰ্ড কৰ্তন প্ৰযোজ্য ।

গৃহ ঋণৰ সূত (Home loan interest)

যেতিয়া গৃহ ঋণৰ জৰিয়তে ক্ৰয় কৰা ঘৰটো ভাৰাত দিয়া হয়, ঋণৰ ওপৰত পৰিশোধ কৰা সুত কৰ্তন কৰিব পাৰি । ধাৰা ২৪ (খ) অনুসৰি, ২ লাখ টকালৈকে সূতৰ ওপৰত ৰেহাই উপলব্ধ । যেতিয়া সম্পত্তিটো যুটীয়াভাৱে ক্ৰয় কৰা হয়, সহ-মালিকসকলেও কৰ ৰেহাই লাভ কৰে (Co owners can claim tax exemption)। এইটো ক্ৰয় দস্তাবেজত উল্লেখ কৰা অনুসৰি মালিকীস্বত্বৰ অংশৰ ওপৰত নিৰ্ভৰ কৰে । শ্বেয়াৰ অনুপাতৰ আধাৰত পৰিশোধ কৰা সূত ধাৰা ২৪ ৰ অধীনত দাবী কৰিব পাৰি ।

লগতে পঢ়ক :Travel insurance : বিদেশ ভ্ৰমণৰ পূৰ্বে ভ্ৰমণ বীমা কিয় প্ৰয়োজন ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.