ETV Bharat / business

Hindenburg Report on Tingo Inc : এইবাৰ হিণ্ডেনবাৰ্গে কঁপাইছে আফ্ৰিকান ব্যৱসায়িক গ্ৰুপক - Tingo Group Inc

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিত্তীয় গৱেষণা প্ৰতিষ্ঠানটোৱে আফ্ৰিকাৰ ব্যৱসায়িক গোটটোক ইয়াৰ বিত্তীয় বিষয়ত খেলিমেলি কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু এই কাৰ্যক এক ব্যতিক্ৰমী কেলেংকাৰী বুলি অভিহিত কৰিছে (Hindenburg Report on African business conglomerate) ।

Hindenburg Report on Tingo Inc
Hindenburg Report on Tingo Inc
author img

By

Published : Jun 8, 2023, 2:23 PM IST

নিউজ ডেস্ক, ৮ জুন : আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিত্তীয় গৱেষণা প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিছাৰ্চ (US based short seller Hindenburg Research) এইবাৰ লাগিছে আফ্ৰিকাৰ ব্যৱসায়িক সাম্ৰাজ্যৰ পিছত । উল্লেখ্য, হিণ্ডেনবাৰ্গে ইয়াৰ প্ৰতিবেদন প্ৰকাশ কৰাৰ পাছতে ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি গৌতম আদানি নেতৃত্বাধীন কোম্পানীবোৰৰ ষ্টক বজাৰত আঘাত পৰিছিল । এতিয়া হিণ্ডেনবাৰ্গে আফ্ৰিকাৰ এক ব্যৱসায়িক সাম্ৰাজ্যৰ ওপৰত বিত্তীয় খেলিমেলি কৰাৰ অভিযোগ উত্থাপন কৰিছে (Hindenburg Report on African business conglomerate) । লগতে এই কাৰ্যক এক ব্যতিক্ৰমী কেলেংকাৰী বুলিও অভিহিত কৰিছে ।

ইটিভি ভাৰতলৈ প্ৰেৰণ কৰা এক গৱেষণা প্ৰতিবেদনত হিণ্ডেনবাৰ্গ ৰিছাৰ্চে নিউ জাৰ্চীত মুখ্য কাৰ্যালয় থকা টিঙ্গো গ্ৰুপৰ ওপৰত ভুৱা কৃষক, ধন আৰু ফোন ব্যৱহাৰ কৰি বিত্তীয় প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰে । এই অভিযোগৰ ফলত কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পায় (Hindenburg Report on Tingo Inc) ।

এই অভিযোগৰ ফলস্বৰূপে নাছডেক ষ্টক এক্সচেঞ্জত (NASDAQ stock exchange) তালিকাভুক্ত Tingo Group Inc-ৰ শ্বেয়াৰৰ মূল্য ১৬%-তকৈও অধিক হ্ৰাস পাইছে । প্ৰতিবেদন অনুসৰি, টিংগো গ্ৰুপে দাবী কৰিছে যে মুখ্যত নাইজেৰিয়াস্থিত কৃষকসকলৰ বাবে মোবাইল ফোন, খাদ্য প্ৰক্ৰিয়াকৰণ আৰু অনলাইন খাদ্য বজাৰ প্ৰদান কৰাৰ ওপৰত গুৰুত্ব দিয়া কেইবাটাও ব্যৱসায়িক খণ্ড আছে ।

টিঙ্গো প্ৰতিষ্ঠা কৰাৰ লগতে ইয়াৰ নেতৃত্ব দিছে মুখ্য হোল্ডিং কোম্পানী সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়া ডজি মমবুওচিয়ে । ডজিক সংবাদ মাধ্যমে নিয়মীয়াকৈ কোটিপতি বুলি উল্লেখ কৰি আহিছে আৰু চলিত বছৰৰ আৰম্ভণিতে তেওঁ বৰ্তমানৰ প্ৰিমিয়াৰ লীগ ফুটবল দল শ্বেফিল্ড ইউনাইটেড অধিগ্ৰহণ কৰিবলৈ চেষ্টা কৰা বুলি খবৰ ওলাইছিল ।

"আমি ডজিৰ পটভূমিৰ সৈতে সম্পৰ্ক থকা কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় চিনাক্ত কৰিছোঁ । ষ্টাৰ্টাৰৰ বাবে তেওঁ নাইজেৰিয়াত প্ৰথম মোবাইল পেমেণ্ট এপ বিকশিত কৰাৰ বাবে তেওঁৰ জীৱনী প্ৰস্তুত কৰা দেখা গৈছে । আমি এপটোৰ প্ৰকৃত সৃষ্টিকৰ্তাৰ সৈতে যোগাযোগ কৰিছিলোঁ, যিয়ে ডজিৰ দাবীক "সম্পূৰ্ণ মিছা" বুলি অভিহিত কৰে ।" হিণ্ডেনবাৰ্গ ৰিছাৰ্চে ইটিভি ভাৰতলৈ প্ৰেৰণ কৰা এক বিবৃতিত কয় ।

প্ৰতিবেদন অনুসৰি, ডজীয়ে ২০০৭ চনত মালয়েছিয়াৰ এখন বিশ্ববিদ্যালয়ৰ পৰা গ্ৰাম্য উন্নতিত পিএইচডি লাভ কৰা বুলি দাবী কৰিছিল । গৱেষণা প্ৰতিবেদনখন টিঙ্গো গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া ডজি মমবুওচিৰ (Tingo Groups CEO Dozy Mmobuosi) ওপৰত বিশেষভাৱে লক্ষ্য কৰি লোৱা হৈছে, য'ত তেওঁক বিশ্ববিদ্যালয়ৰ ডিগ্ৰী সম্পৰ্কে মিছা কোৱা বুলি অভিযোগ কৰা হৈছে ।

লগতে পঢ়ক :Gitanjali Aiyar passes away : প্ৰথমগৰাকী মহিলা ইংৰাজী বাতৰি পৰিৱেশক গীতাঞ্জলি আয়াৰৰ বিয়োগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.