ETV Bharat / business

Tax saving FD : কৰ সঞ্চয় এফডিৰ দ্বাৰা নিশ্চিত ৰিটাৰ্ণ কেনেকৈ লাভ কৰিব ? - Tax saving fixed deposits

আপোনাৰ বেংকে আগবঢ়োৱা কৰ সঞ্চয় কৰা ফিক্সড ডিপজিটে (FD) একাধিক লাভালাভ প্ৰদান কৰে (Benefits of Fixed Deposit)। কৰ ৰেহাই, সুৰক্ষা আৰু প্ৰায় ৭ শতাংশ সূতৰ হাৰ প্ৰদান কৰে । কিন্তু এই সুবিধা কেনেদৰে লাভ কৰিব ?

Tax saving FD
কৰ সঞ্চয় এফডিৰ দ্বাৰা নিশ্চিত ৰিটাৰ্ণ লাভ
author img

By

Published : Jan 29, 2023, 12:51 PM IST

নিউজ ডেস্ক,২৯ জানুৱাৰী : আপোনাৰ ওচৰত এক কৰ সঞ্চয় আঁচনি থকাটো গুৰুত্বপূৰ্ণ (Importance of tax saving plan)। ইয়াৰ বাবে বিভিন্নজনে ভিন্ন প্ৰকাৰৰ বিকল্প বিচাৰে । সুৰক্ষিত আঁচনি বিচাৰি থকা সকলে বেংক আৰু অনা-বেঙ্কিং বিত্তীয় কোম্পানীবোৰে (NBFCs) আগবঢ়োৱা কৰ-সঞ্চয় স্থায়ী জমাৰ (Tax saving fixed deposits) বাবে বিবেচনা কৰিব পাৰে । সকলোৱে কৰ সঞ্চয়ক তেওঁলোকৰ বাৰ্ষিক বিত্তীয় পৰিকল্পনাৰ এটা গুৰুত্বপূৰ্ণ অংশ বুলি বিবেচনা কৰা উচিত ।

কৰ-সঞ্চয় স্থায়ী জমা যাক চমুকৈ এফ.ডি বুলি কোৱা হয়, ই হৈছে এক বিনিয়োগ বিকল্প যি কৰ ৰেহাই, সুৰক্ষা আৰু এক যুক্তিসংগত সূতৰ হাৰৰ একাধিক লাভালাভ প্ৰদান কৰে (Tax saving fixed deposit)। বেংকৰ দ্বাৰা আগবঢ়োৱা এই এফডিবোৰক আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ধন বিনিয়োগ কৰিবলৈ সুৰক্ষিত আঁচনি বুলি গণ্য কৰা হয় । বহুতো বিনিয়োগকাৰীয়ে তেওঁলোকৰ নিশ্চিত লাভ আৰু প্ৰায় ৭ শতাংশ সূতৰ হাৰ বিবেচনা কৰি এইবোৰ গ্ৰহণ কৰি আছে ।

যিসকলে কৰ ৰাহি কৰিব বিচাৰে, তেওঁলোকে চলিত বিত্তীয় বৰ্ষ সমাপ্ত হোৱাৰ পূৰ্বে এই এফডিবোৰ লোৱাৰ কথা বিবেচনা কৰিব পাৰে । আয়কৰ আইন, ১৯৬১-ৰ ধাৰা ৮০চি-য়ে বিভিন্ন কৰ সঞ্চয় আঁচনিত কৰা বিনিয়োগৰ ওপৰত ১,৫০,০০০ টকালৈকে কৰ্তনৰ অনুমতি দিয়ে । এই আঁচনিবোৰৰ ভিতৰত এটা হ'ল কৰ সঞ্চয় স্থায়ী জমা বা FD । এই আঁচনিসমূহত জমা কৰা পৰিমাণ ধাৰা ৮০ চি ৰ সীমালৈকে ক্লেইম কৰিব পাৰি ।

কৰ ৰেহাই ক্লেইম কৰিবলৈ, ব্যক্তি আৰু হিন্দু অবিভক্ত পৰিয়ালে (HUFs) এই FDবোৰত বিনিয়োগ কৰিব পাৰে (How to invest in FD)। এই FDবোৰ বেংকত খুলিব পাৰি য'ত আপোনাৰ ইতিমধ্যে একাউণ্ট আছে বা আন যিকোনো বেংকতো পাৰে (FD savings schemes)। এই FDবোৰৰ ওপৰত উপাৰ্জন কৰা সূত মুঠ উপাৰ্জনত অন্তৰ্ভুক্ত কৰিব লাগে । প্ৰযোজ্য শ্লেবৰ ওপৰত নিৰ্ভৰ কৰি কৰ পৰিশোধ কৰিব লাগে ।

যেতিয়া বেংক এটাত জমাৰ পৰা লাভ কৰা সূত বিত্তীয় বৰ্ষত ৪০,০০০ টকা অতিক্ৰম কৰে তেতিয়া টিডিএছ (Tax deducted at source) আৰোপ কৰা হয় । প্ৰপত্ৰ ১৫জি আৰু প্ৰপত্ৰ ১৫এইচ দাখিল কৰি এই টিডিএছক ৰেহাই দিব পাৰি । জ্যেষ্ঠ নাগৰিকৰ বাবে এফডিৰ সূতৰ উপাৰ্জন ৫০,০০০ টকালৈকে কৰমুক্ত ।

অৱশ্যে, এই আঁচনিবোৰলৈ যোৱাৰ পূৰ্বে কিছুমান দিশ বিবেচনা কৰিব লাগিব (Certain aspects of FD)। কৰ সঞ্চয় স্থায়ী জমাৰ ম্যাদ হৈছে পাঁচ বছৰ । এই লক-ইন সময়ত ইয়াৰ পৰা ধন উলিওৱা সম্ভৱ নহয় । লগতে, এই এফ.ডি.বোৰত কোনো ঋণ সুৰক্ষা হিচাপে ল'ব নোৱাৰি । এই জমাবোৰৰ সূতৰ হাৰ বেংকৰ পৰা বেংকলৈ পৃথক হয় ।

লগতে পঢ়ক :Tax savings plans : কৰ সঞ্চয় আঁচনিয়ে বিত্তীয় পৰিকল্পনাত বাধা দিব পাৰে..!

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.