নিউজ ডেস্ক,১৭ জানুৱাৰী : বিশ্বত হোৱাটছএপ ব্যৱহাৰকাৰীৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে । ব্যৱহাৰকাৰীৰ সুবিধাৰ্থে হোৱাটছএপয়ে বিভিন্ন নতুন নতুন সুবিধাও প্ৰদান কৰিছে । শেহতীয়াকৈ ব্যৱহাৰকাৰীসকলক উন্নত সেৱা প্ৰদান কৰাৰ অংশ হিচাপে বহুতো নতুন সুবিধা প্ৰৱৰ্তন কৰিছে হোৱাটছএপ কৰ্তৃপক্ষই (WhatsApp new rules)। কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এতিয়াও বহুতো লোকে এই এপটোৰ কিছুমান বিশেষত্বৰ বিষয়ে নাজানে ।
বিশ্বৰ অধিকাংশ লোকেই হোৱাটছএপ ব্যৱহাৰ কৰে যদিও তাৰ বেছি সংখ্যকে কিছুমান বিশেষত্বৰ বিষয়ে অৱগত নহয় । সেয়ে হোৱাটছএপৰ সেই বিশেষত্বসমূহৰ বিষয়ে জানো আহক ।
প্ৰতিগৰাকী স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে বৰ্তমান হোৱাটছএপ মেচেজিং এপ ব্যৱহাৰ কৰে (WhatsApp messaging app)। ইয়াৰ অৰ্থ হ'ল ফোন কল, মেচেজিং আৰু মিডিয়া ফাইল শ্বেয়াৰিঙৰ বাবে হোৱাটছএপ এতিয়া সকলোৰে পছন্দ হৈ পৰিছে । আমোদজনক কথোপকথনৰ পৰা গুৰুত্বপূৰ্ণ বৈঠকলৈ এতিয়া হোৱাটছএপৰ জৰিয়তে কৰা হয় । কিন্তু আপুনি জানেনে ৬৫,৫৩৬ নম্বৰটো হোৱাটছএপৰ বাবে কিয় গুৰুত্বপূৰ্ণ ? যাৰ বাবে এই ব্যৱহাৰকাৰী-অনুকূল সুবিধা বিশ্বজুৰি জনপ্ৰিয় হৈ আছে ?
উল্লেখ্যে যে হোৱাটছএপৰ জৰিয়তে প্ৰেৰণ কৰা মিডিয়া ফাইলবোৰৰ এটা সীমা থাকে । অৰ্থাৎ নিৰ্দিষ্ট সীমাৰ ভিতৰত হে আপুনি কোনো ফাইল হোৱাটছ এপৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰিব । ইয়াৰ অৰ্থ হৈছে Text, ফটো, ভিডিঅ'/অডিঅ', ডকুমেণ্ট...আপুনি যি শ্বেয়াৰ কৰিব বিচাৰে সেয়া নিৰ্ধাৰিত আকাৰৰ বাহিৰত প্ৰেৰণ কৰিব নোৱাৰিব ।
ইয়াৰোপৰি, হোৱাটছএপত ৬৫,৫৩৬ টাতকৈ অধিক বৰ্ণ বা কেৰেক্টাৰ (Character) প্ৰেৰণ কৰা সম্ভৱ নহয় । যদি আপুনি ৬৫,৫৩৭ টা বৰ্ণ বা কেৰেক্টাৰ টাইপ কৰে আৰু ইয়াক প্ৰেৰণ কৰিবলৈ চেষ্টা কৰে, পপ-আপ স্ক্ৰীণত দেখুৱাব যে কেৱল প্ৰথম ৬৬,৫৩৬ টা বৰ্ণহে প্ৰেৰণ কৰা হ'ব (WhatsApp character limits)।
অন্যান্য মিডিয়া ফাইলৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতাবোৰ এনেধৰণৰ.....(Media file restrictions in WhatsApp)
আপুনি হোৱাটছএপত এটা সময়ত ৩০ খনলৈকে ফটো প্ৰেৰণ কৰিব পাৰে । তাৰ পাছত, আপুনি সংলগ্ন ফটোবোৰ প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিলেও, ই দেখুৱায় যে সেইবোৰ হোৱাটছএপ স্ক্ৰীণত পপ-আপ উইণ্ডোৰ জৰিয়তে প্ৰেৰণ কৰা সম্ভৱ নহয় ।
লগতে এটা সময়ত ৩০ টাতকৈ অধিক ভিডিঅ' প্ৰেৰণ কৰিব নোৱাৰে । অৱশ্যে, প্ৰতিটো ভিডিঅ' ফাইলৰ আকাৰ ১৬ এমবিৰ ভিতৰত হ'ব লাগিব । হোৱাটছএপৰ কেমেৰা বিকল্পৰ জৰিয়তে ৰেকৰ্ড কৰা ভিডিঅ'টোৰ আকাৰ ১৬ এমবি অতিক্ৰম কৰিব নালাগে ।
আনহাতে ডকুমেণ্ট শ্বেয়াৰৰ ক্ষেত্ৰত আকৌ পূৰ্বে হোৱাটছএপৰ জৰিয়তে সেইবোৰ আনৰ সৈতে শ্বেয়াৰ কৰাৰ বাবে ফাইলৰ আকাৰৰ সীমা মাত্ৰ ১০০ এমবি আছিল । কিন্তু শেহতীয়াকৈ হোৱাটছএপয়ে ফাইলৰ আকাৰ বৃদ্ধি কৰিছে । যাৰ বাবে এতিয়া ব্যৱহাৰকাৰীসকলে হোৱাটছএপৰ জৰিয়তে ২ জিবি পৰ্যন্ত ডকুমেণ্ট ফাইলও প্ৰেৰণ কৰিব পাৰে ।
লগতে পঢ়ক :Whats App new feature: এতিয়াৰে পৰা ৩২ জনলৈকে কৰিব পাৰিব Video call