ETV Bharat / business

ধনৰ সুৰক্ষিত ডিজিটেল লেনদেনৰ বাবে জানিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ বিষয়

বৰ্তমান আমাৰ চহৰবোৰত ধনৰ ডিজিটেল লেনদেন অতি সাধাৰণ হৈ পৰিছে (Digital payments in our cities)। আমি অনলাইনযোগে ধনৰ লেনদেনত বেছিকৈ গুৰুত্ব দিবলৈ আৰম্ভ কৰিছো । আমাৰ বহুতে ইয়াৰ সঠিক ব্যৱহাৰৰ কথা নজনাৰ বাবেই বিভিন্ন ধৰণ চাইবাৰ অপৰাধৰ বলি হৈছে । সেয়ে এই ক্ষেত্ৰত আপুনি জানিবলগীয়া কেইটামান অতি গুৰুত্বপূৰ্ণ কথা তলত উল্লেখ কৰা হ'ল ।

author img

By

Published : Apr 26, 2022, 6:32 PM IST

safe and secure digital payments
ধনৰ সুৰক্ষিত ডিজিটেল লেনদেনৰ বাবে জানিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ বিষয়

নিউজ ডেস্ক, ২৬ এপ্ৰিল : ধনৰ ডিজিটেল লেনদেনৰ ব্যৱহাৰ আৰু জনপ্ৰিয়তা বৃদ্ধিক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে । আমি প্ৰকৃততে কি কৰি আছোঁ আমাৰ মাজৰ কিমান জনে এই বিষয়ে জানে ? আমাৰ মূৰ ওপৰৰ বোজা আঁতৰাবলৈ সততে পোৱা অনলাইন লেনদেনৰ জৰিয়তে সকলো ব্যৱস্থা গ্ৰহণ কৰিছো নেকি ? যদি আপুনি ধনৰ অনলাইন লেনদেন সম্পৰ্কে সকলো জানিব বিচাৰিছে তেনেহ'লে সকলো বিষয় সামৰি ক্ৰেডিট কাৰ্ড বিল পৰিশোধৰ এটা কোম্পানীয়ে এখন তালিকা প্ৰস্তুত কৰিছে । কোম্পানীটোৱে দিয়া পৰামৰ্শৰ দ্বাৰা বিত্তীয় তথ্য আৰু লেনদেনৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত আপোনাৰ সহায় হ'ব ।

সাৱধানতাৰে QR কোড ব্যৱহাৰ কৰক (Use QR codes with caution) : ৰিৱাৰ্ড বা পুৰস্কাৰ হিচাপে ধন লাভ কৰাৰ বাবে কোনোৱে আপোনাক QR কোড এটা স্কেন কৰিবলৈ অনুৰোধ জনাব পাৰে । সেই সম্পৰ্কীয় এছএমএছ পালে সাৱধান হ'ব । মনত ৰাখিব যে QR কোডবোৰ কেৱল ধন পৰিশোধ কৰিবলৈ ব্যৱহাৰ কৰা হয়, সেইবোৰ ধন লাভ কৰিবলৈ নহয় ।

সম্ভৱ হ'লে OTP বাছনি কৰক (Opt for OTPs when possible): অনলাইনযোগে ধন পৰিশোধ কৰোঁতে আপুনি অ'টিপিৰ বাবে ১০ ছেকেণ্ড অপেক্ষা কৰাটো অসুবিধাজনক হ'ব পাৰে । কিন্তু, এয়া হৈছে গ্ৰাহকসকলৰ বাবে আটাইতকৈ সুৰক্ষিত প্ৰমাণীকৰণ পদ্ধতিবোৰৰ ভিতৰত এটা । অনলাইনযোগে ধন পৰিশোধ কৰোঁতে, আপোনাৰ লেনদেন সুৰক্ষিত কৰি ৰাখিবলৈ অ'টিপি (OTP) ব্যৱহাৰ কৰক । আপোনাৰ OTP কাৰো সৈতে কেতিয়াও আনক নজনাব; এনেদৰে দুষ্টচক্ৰই ইয়াৰ অপব্যৱহাৰ কৰিব নোৱাৰে ।

স্ক্ৰীণত আহি থকা এপ্ সমূহ ডাউনলোড নকৰিব (Do not download screen sharing apps) : একাউণ্টৰ গৰাকীসকলৰ তথ্য পাবলৈ এতিয়া চাইবাৰ অপৰাধীয়ে স্ক্ৰীণ শ্বেয়াৰিং এপ্লিকেচন ব্যৱহাৰ কৰা দেখা গৈছে । তেওঁলোকে সাধাৰণতে বেংকৰ প্ৰতিনিধি হিচাপে পৰিচয় দিয়ে, গ্ৰাহকসকলক তেওঁলোকৰ স্ক্ৰীণ শ্বেয়াৰ কৰিবলৈ কয় আৰু তাৰ পাছত কাৰ্ডৰ তথ্য, OTP আৰু বিভিন্ন তথ্য বিচাৰে । সেয়ে এনে ধৰণৰ বিত্তীয় কেলেংকাৰীৰ পৰা হাত সাৰিবলৈ কোনো অজ্ঞাত এপ্প ডাউনলোড কৰাৰ পৰা বিৰত থাকক ।

সম্ভৱ হ'লে বায়'মেট্ৰিক প্ৰমাণীকৰণ ব্যৱহাৰ কৰক (Use biometric authentication when possible) : বেছিভাগ ফিনটেক এপ্ ক্ৰমান্বয়ে বায়'মেট্ৰিক প্ৰমাণীকৰণলৈ পৰিৱৰ্তন কৰি থকা আছে । যাৰ ফলত ৪ টা অংকৰ বা ৬ টা অংকৰ পিনৰ ওপৰত নিৰ্ভৰশীল হোৱাটো কমি আহিছে । যেতিয়া ডিজিটেল প্ৰক্ৰিয়াৰে ধন পৰিশোধ কৰাৰ কথা আহে, ব্যৱহাৰকাৰীক নিশ্চিত কৰিবলৈ পৃথক পৃথক আঙুলিৰ ছাপ স্কেনিং কৰা স্মাৰ্টফোন ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হয় ।

সদায়ে ইন-এপ্ গ্ৰাহক সেৱা বাছনি কৰিব (Always choose in-app customer care) : এনে সময় আহিব পাৰে যেতিয়া বিফল লেনদেনৰ ওপৰত অভিযোগ দিবলৈ বা নিৰ্দিষ্ট অনুৰোধৰ স্থিতি জানিবলৈ গ্ৰাহক সেৱাৰ সহায়ৰ প্ৰয়োজন হয় । আপুনি কাৰোবাৰ সৈতে কথা পাতিবলৈ আৰু বিৱৰণ জনাব লাগিব পাৰে, কিন্তু তেনে সমস্যা সমাধান কৰাৰ আটাইতকৈ সুৰক্ষিত উপায় হৈছে ইন-এপ্ গ্ৰাহক সেৱা ।

বিৱৰণৰ প্ৰতি মনোযোগ দিয়ক (Pay attention to details) : এজন প্ৰৱঞ্চকে আপোনাক আপোনাৰ বিত্তীয় তথ্য জানিবলৈ বিভিন্ন ধৰণে প্ৰৱঞ্চনা কৰিবলৈ চেষ্টা কৰিছে নেকি তাক জানিবলৈ এছএমএছ আৰু ইমেইলৰ জৰিয়তে শ্বেয়াৰ কৰা তথ্যৰ প্ৰতি মনোযোগ দিব । বহুক্ষেত্ৰত, ভাষা, ব্যাকৰণ, ইউআৰএল, আৰু ৱেবছাইটৰ ডমেইনৰ নামত সৰু-সুৰা ভুল বিচাৰি পালে ই আপোনাক কেলেংকাৰীৰ বলি হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে ।

লগতে পঢ়ক :টেছলাৰ মুৰব্বী এলন মাস্কে ক্ৰয় কৰিব টুইটাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.