বিজনেছ ডেক্স,23 মাৰ্চঃ এটা দিনত সৰ্বাধিক পতনেৰে ইতিহাস গঢ়িলে ভাৰতীয় শ্বেয়াৰ বজাৰে ৷ কেৱল এটা দিনত 13 শতাংশ হ্ৰাস পালে ভাৰতীয় সূচক ছেনছেক্স আৰু নিফটী ৷ যাৰ এটা দিনত লোকচানৰ পৰিমাণ 10 লাখ কোটি ৷ 3,935 পইন্ট হ্ৰাসেৰে 25,981 পইন্টত সামৰণি পৰে বম্বে ষ্টক এক্সেঞ্জৰ সূচকাংক ছেনছেক্স ৷ আনহাতে, নেশ্বনেল ষ্টক এক্সেঞ্জৰ সূচকাংক নিফটী সামৰণি পৰে 7,610 পইন্টত ৷ দিনটোত নিফটীৰ হ্ৰাসৰ পৰিমাণ 1,135 পইন্ট ৷ ইফালে, শ্বেয়াৰৰ মূল্য দ্ৰুতগতিত হ্ৰাস পোৱাৰ বাবে 10 দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে ষ্টক এক্সেঞ্জে কাৰ্যকৰী কৰিবলগীয়া হ’ল ল’ৱাৰ চাৰ্কিট ৷ যাৰ বাবে 45 মিনিটৰ বাবে সম্পূৰ্ণৰূপে বন্ধ থাকে ষ্টক এক্সেঞ্জ দুটাৰ লেনদেন ৷ উল্লেখ্য যে, বিভিন্ন স্তৰত প্ৰভাৱিত হোৱাৰ দৰে কৰ’না ভাইৰাছৰ প্ৰভাৱত প্ৰায় বিধ্বস্ত হৈ পৰিছে বিশ্বৰ অৰ্থনীতি ৷ কেৱল চলিত মাহতেই বৰ্তমানলৈ প্ৰায় 33.2 শতাংশ পতন হয় ভাৰতীয় শ্বেয়াৰ বজাৰ ৷ বিভিন্ন খণ্ডৰ ভিতৰত আজিৰ দিনটোত নিফটী বেংকৰ 17.37 শতাংশ হ্ৰাস পোৱাৰ লগতে অট’ম’বাইল খণ্ডৰ 14.17 শতাংশ আৰু ধাতু খণ্ডত হ্ৰাস হয় 11.21 শতাংশ ৷ ইফালে, দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বজাৰৰ পতন দীৰ্ঘ দিনলৈ অব্যাহত থকাৰ শংকা প্ৰকাশ কৰা হৈছে ৷ ভাৰতীয় বজাৰৰ সমান্তৰালকৈ আজিৰ দিনটোত হংকঙৰ হেং ছেং 4.86 শতাংশ হ্ৰাস হয় ৷
ইতিহাসত প্ৰথম - এটা দিনত 13 শতাংশ পতন, এঘন্টাত লোকচান 10 লাখ কোটি - Markets hit lower circuit
ভাৰতীয় শ্বেয়াৰ বজাৰত এটা দিনত সৰ্বাধিক পতন ৷ 3,935 পইন্ট হ্ৰাসেৰে সামৰণি পৰে ছেনছেক্স ৷ নেশ্বনেল ষ্টক এক্সেঞ্জৰ সূচকাংক নিফটী সামৰণি পৰে 7,610 পইন্টত