বিজনেছ ডেস্ক, 12 এপ্ৰিল : পাঁচটা গুৰুত্বপূৰ্ণ খণ্ডৰ উৎপাদন আৰু শ্ৰম সম্পৰ্কত বিভিন্ন লোকৰ লগতে উদ্যোগ খণ্ডৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ এটা পষেকৰ ভিতৰত এই পাঁচটাকৈ খণ্ড কাৰ্যক্ষম হৈ পৰিলে প্ৰয়োজন হ'বলগা সমৰ্থন সম্পৰ্কতো গুৰুত্ব আৰোপ কৰিছে চৰকাৰে ৷
এই পাঁচটা খণ্ড হৈছে কাপোৰ উৎপাদন খণ্ড, ৰাসায়নিক খণ্ড, বৈদ্যুতিক খণ্ড, তীখা খণ্ড আৰু ফাৰ্মাচী খণ্ড ৷
ৰাষ্ট্ৰজোৰা লকডাউনৰ ফলত দেশৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰাৰ পাচতে অৰ্থনীতি পুনৰুদ্ধাৰৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ ৷
এই সম্পৰ্কত কোম্পানীসমূহৰ সংস্থাৰ জৰিয়তে চাৰিটা প্ৰশ্ন সম্বলিত এক প্ৰশ্নাৱলীও প্ৰস্তুত কৰিছে চৰকাৰে ৷ ইয়াৰ জৰিয়তে এক সিদ্ধান্তত উপনীত হ'ব পাৰিব বুলি আশা ব্যক্ত কৰিছে চৰকাৰে ৷
15 দিনৰ ভিতৰত এই খণ্ডসমূহ কাৰ্যক্ষম হৈ পৰিলে কেঁচা সামগ্ৰীৰ উৎস, শ্ৰমিক, যোগান, প্ৰৱেশদ্বাৰ সমূহৰ সৈতে যোগসূত্ৰ স্থাপন আদি সম্পৰ্কতো কেন্দ্ৰই প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিছে ৷
আনহাতে, উদ্যোগসমূহত শ্ৰম প্ৰদান কৰা শ্ৰমিকসকলে ক'ত বসবাস কৰিব আৰু 70 শতাংশ শ্ৰমিকৰ ব্য়ৱহাৰেৰে কাম সম্পাদন কৰিব পাৰিব নে সেই সম্পৰ্কতো প্ৰতিক্ৰিয়া জানিব বিচাৰে কেন্দ্ৰীয় চৰকাৰে ৷
উল্লেখ্য় যে, লকডাউন ঘোষণা কৰাৰ ফলত বহুসংখ্যক শ্ৰমিকে নিজ নিজ স্থানলৈ ঘূৰি যোৱাৰ ফলত উৎপাদন আৰু সামগ্ৰী প্ৰস্তুতকৰণত ভৱিষ্যতে প্ৰভাৱ পৰিব বুলি আশংকা কৰা হৈছিল ৷