ETV Bharat / business

প্ৰকল্প বন্ধৰ বাবে উৎপাদন স্তব্ধ অটোম’বাইল কোম্পানীসমূহৰ

author img

By

Published : Mar 23, 2020, 1:46 PM IST

হুণ্ডাই মটৰ ইণ্ডিয়াই এক বিবৃতিযোগে কয় যে, 23 মাৰ্চৰ পৰা কোম্পানীটোৱে ইয়াৰ সকলো নিৰ্মানকাৰ্য স্থগিত ৰাখিব ৷ চৰকাৰে প্ৰকল্পটো খোলাৰ বাবে পৰৱৰ্তী জাননী প্ৰদান কৰিলেহে প্ৰকল্পৰ কাম পুনৰ আৰম্ভ কৰা হ’ব ৷

Brakes on automobile production as plants shut down
প্ৰকল্প বন্ধৰ সমান্তৰালকৈ উৎপান স্তব্ধ অটোম’বাইল কোম্পানীসমূহৰ

নেশ্বনেল ডেক্স,23 মাৰ্চঃ কৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধ কৰিবলৈ নিজৰ প্ৰকল্পসমূহ বন্ধ কৰাৰ কথা ঘোষণা কৰে দেশৰ দ্বিতীয় বৃহৎ ব্যক্তিগত বাহন নিৰ্মানকাৰী সংস্থা হুণ্ডাই মটৰচ ইণ্ডিয়া লিমিটেড, দুচকীয়া আৰু তিনিচকীয়া বাহন নিৰ্মানকাৰী সংস্থা টিভিএচ মটৰ কোম্পানী লিমিটেড, এইছাৰ মটৰচ লিমিটেড, আৰু চুজুকী মটৰচাইকেল ইণ্ডিয়া প্ৰাইভেট লিমিটেডে ৷

হুণ্ডাই মটৰ ইণ্ডিয়াই এক বিবৃতিযোগে কয় যে, 23 মাৰ্চৰ পৰা কোম্পানীটোৱে ইয়াৰ সকলো নিৰ্মানকাৰ্য স্থগিত ৰাখিব ৷ চৰকাৰে প্ৰকল্পটো খোলাৰ বাবে পৰৱৰ্তী জাননী প্ৰদান কৰিলেহে প্ৰকল্পৰ কাম পুনৰ আৰম্ভ কৰা হ’ব ৷

বাহন নিৰ্মানকাৰী সংস্থাটোৰ চেন্নাইত প্ৰায় দুটা প্ৰকল্প আছে ৷ যাৰ বাৰ্ষিক ক্ষমতা প্ৰায় সাত লাখ ইউনিট ৷ ইয়াৰ বিপৰীতে টিভিএচ মটৰৰ্চে এক অন্তৰ্বৰ্তীকালীন ব্যৱস্থা হিচাপে সোমবাৰৰ পৰা কাৰ্যকাৰী হোৱাকৈ প্ৰকল্প আৰু কাৰ্যালয়সমূহ দুদিনৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

ইয়াৰ সমান্তৰালকৈ বুলেট আৰু অন্যান্য মটৰচাইকেল নিৰ্মানকাৰী সংস্থা এইছাৰ মটৰৰ্চেও স্থানীয় প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি ভাৰতত থকা ইয়াৰ ডিলাৰসমূহক বন্ধ ৰখাৰ বাবে আহ্বান জনাইছে ৷ লগতে চুজুকী মটৰচাইকেল ইণ্ডিয়ায়ো গুৰুগ্ৰামৰ খাৰ্কী ঢৌলাত থকা ইয়াৰ প্ৰকল্পত স্থগিত ৰাখিছে নিৰ্মানকাৰ্য ৷

ইতিমধ্যে কেইবাটাও কোম্পেনীয়ে COVID 19ৰ বাবে আৱশ্যকীয় সকলো সাৱধানতা গ্ৰহণ কৰাৰ লগতে কৰ্মচাৰীসকলক ঘৰৰ পৰা কাম কৰাৰ অনুমতি প্ৰদান কৰিছে ৷ এই ক্ষেত্ৰত কৰ্মচাৰীসকলৰ স্বস্থ্যৰ সুৰক্ষা আমাৰ প্ৰধান উদ্দেশ্য বুলি ব্যক্ত কৰে টিকেএমে ৷

লগতে পঢ়ক-গুজৰাটৰ এছ এম এছ হাস্পতালৰ পৰা নোহোৱা হ'ল 2.5 লাখ মাস্কঃ গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.