ETV Bharat / business

গুৱাহাটীৰ ৰেডিচন ব্লুত দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ গুৰুত্বপূৰ্ণ বৈঠক - guwahati

ট্ৰেড এছোচিয়েশ্যন, উদ্যোগপতি আৰু চাৰ্টাৰ্ড একাউণ্টেনৰ সৈতে আলোচনা ৷ টেক্স আৰু জি এছ টি সন্দৰ্ভত এই বৈঠক৷ বৈঠকৰ অন্তত বিত্তমন্ত্ৰীগৰাকীৰ সাংবাদিকক সম্বোধন ৷

মহানগৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ গুৰুত্বপূৰ্ণ বৈঠক
author img

By

Published : Aug 29, 2019, 11:07 PM IST

গুৱাহাটী,29 আগষ্ট: বৃহস্পতিবাৰে মহানগৰীৰ হোটেল ৰেডিচন ব্লুত দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে টেক্স আৰু জি এছ টি সন্দৰ্ভত ট্ৰেড এছোচিয়েশ্যন, উদ্যোগপতি আৰু চাৰ্টাৰ্ড একাউণ্টেত সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়৷ আলোচনাৰ অন্তত বিত্তমন্ত্ৰীগৰাকীয়ে সংবাদমেল যোগে কয় যে, বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ তুলনাত ভাৰতৰ অৰ্থনীতি দ্ৰুতগতিত বৃদ্ধি পাইছে । বিত্তমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছক আক্ৰমণ কৰি কয় যে কংগ্ৰেছৰ অৰ্থনীতিক লৈ কথা কোৱাৰ কোনো অধিকাৰ নাই। তেঁও লগতে কংগ্ৰেছৰ দিনত হোৱা কয়লা, ২ জি কেলেংকাৰীৰ আদিৰ বিষয়েও সংবাদমেলত উল্লেখ কৰে । কংগ্ৰেছৰ বাবে এতিয়া আত্মসমালোচনা কৰাৰে সময় বুলি অভিহিত কৰি কংগ্ৰেছৰ সময়ত মুদ্ৰাস্ফীতিৰ হাৰ সৰ্বাধিক আছিল বুলিও সীতাৰমনে মন্তব্য কৰে । বিত্তমন্ত্ৰী গৰাকীক সাংবাদিকে দেশৰ বৰ্তমানৰ অৰ্থনৈতিক অৱস্থা কেতিয়ালৈ পুনৰ সুস্থিৰ হ'ব বুলি কৰা প্ৰশ্নৰ উত্তৰত এই মুহূৰ্তত ইয়াৰ উত্তৰ দিয়াটো সম্ভৱ নহয় বুলি জনায় । বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী অনুৰাগ ঠাকুৰ উপস্থিত থকা বৈঠকখনত জি এছ টিৰ বাবে ৰাজ্য চৰকাৰ সমূহে পাবলগীয়া ধন ৩০ দিনৰ ভিতৰত প্ৰদান কৰা হ'ব বুলিও জানিবলৈ দিয়ে ৷

Intro:মহানগৰীৰ হোটেল ৰেডিচন ব্লুত ট্ৰেড এছোচিয়েশ্যন, উদ্যোগপতি আৰু চাৰ্টাৰ্ড একাউণ্টেত সকলৰ সৈতে টেক্স আৰু জি এছ টি সন্দৰ্ভত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ গুৰুত্বপূৰ্ণ আলোচনা। আলোচনাৰ অন্তত বিত্তমন্ত্ৰী গৰৱকীয়ে সম্বোধন কৰে সাংবাদিকক।

Body:দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আজি টেক্স আৰু জি এছ টি সন্দৰ্ভত ট্ৰেড এছোচিয়েশ্যন, উদ্যোগপতি আৰু চাৰ্টাৰ্ড একাউণ্টেত সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় মহানগৰীৰ হোটেল ৰেডিচন ব্লুত। আলোচনাৰ অন্তত বিত্তমন্ত্ৰী গৰাকীয়ে এখন সংবাদমেলত সাংবাদিক সকলক জানিবলৈ দিয়ে যে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ তুলনাত ভাৰতৰ অৰ্থনীতি দ্ৰুতগতিত বৃদ্ধি পাই আছে। বিত্তমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছত আক্ৰমণ কৰি কয় যে কংগ্ৰেছেৰ অৰ্থনীতিক লৈ কথা কোৱাৰ অধিকাৰ নাই। কংগ্ৰেছ দেশৰ সম্পত্তি সমূহ বেচি খালে। কয়লা, ২ জি কেলেংকাৰী ইয়াৰে প্ৰমাণ। কংগ্ৰেছৰ এতিয়া আত্মসমালোচনা কৰাৰে সময়। কংগ্ৰেছৰ সময়ত মুদ্ৰাস্ফীতিৰ হাৰ সৰ্বাধিক আছিল। বিত্তমন্ত্ৰী গৰাকীক সাংবাদিকে দেশৰ বৰ্তমানৰ অৰ্থনৈতিক অৱস্থা কেতিয়ালৈ পুনৰ সুস্থিৰ হ'ব বুলি কৰা প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰী গৰচকীয়ে কয় যে এই মুহূৰ্তত মোৰ পক্ষে ইয়াৰ উত্তৰ দিয়াটো সম্ভৱ নহয়।

বাইট : নিৰ্মলা সীতাৰমন

Conclusion:বিজেপি চৰকাৰে দেশৰ আন্তগাঠনিৰ উন্নয়নৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে বুলিও জানিবলৈ দিয়ে বিত্তমন্ত্ৰী গৰাকীয়ে। জি এছ টিৰ বাবে ৰাজ্য চৰকাৰ সমূহে পাবলগীয়া ধন ৩০ দিনৰ ভিতৰত প্ৰদান কৰা হ'ব বুলিও কয় নিৰ্মলা সীতাৰমনে। আলোচনাত বিত্তমন্ত্ৰীৰ লগতে উপস্থিত থাকে বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী অনুৰাগ ঠাকুৰ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.