ETV Bharat / business

1.72 লাখ কৰ দাতালৈ আয়কৰ বিভাগৰ ই-মেইল প্ৰেৰণ

author img

By

Published : Apr 21, 2020, 10:48 PM IST

1.72 লাখ কৰ দাতালৈ আয়কৰ বিভাগৰ ই-মেইল প্ৰেৰণ ৷ ই-মেইলৰ জৰিয়তে বিচৰা হৈছে সকলোৰে পৰা স্পষ্টীকৰণ ৷

আয়কৰ বিভাগ
1.72 লাখ কৰ দাতালৈ আয়কৰ বিভাগৰ ই-মেইল প্ৰেৰণ

বিজনেছ ডেস্ক, 21 এপ্ৰিল : আয়কৰ বিভাগে প্ৰায় 1.72 লাখ কৰ প্ৰদান কৰিবলৈ থকা ব্যক্তি, ষ্টাৰ্ট আপ আৰু উদ্যোগলৈ ই-মেইল প্ৰেৰণ কৰিছে ৷ কৰ প্ৰদান আৰু কৰ উভতাই (tax refund) পোৱাৰ তথ্য প্ৰদান কৰিবলৈ এই 1.72 লাখ লোকক আহ্বান জনাই আয়কৰ বিভাগে ৷

8 এপ্ৰিলৰ পৰা কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ বৰ্ডে (CBDT) COVID-19 ৰ এই সংকটৰ সময়ছোৱাত কৰ উভতাই পাবলগীয়া লোকসকলৰ বাবে সকলো ব্যৱস্থা অতি সোনকালে সম্পন্ন কৰি দিছিল ৷ ইয়াৰ ফলত মঙলবাৰ পৰ্যন্ত 14 লাখ লোকক কৰ উভতাই দিয়াৰ ফলত 9,000 কোটি টকা লোকসকলে লাভ কৰিছিল ৷ এইসকলৰ ভিতৰত উল্লেখযোগ্য আছিল ব্যক্তি, Hindu Undivided Families (HUFs), সম্পত্তিৰ মালিক, ফাৰ্ম, কৰ্পোৰেট, ষ্টাৰ্ট আপ আৰু সূক্ষ্ম, লঘু আৰু মধ্যমীয়া প্ৰতিষ্ঠান (MSMEs) সমূহ ৷

CBDT এক বিজ্ঞপ্তিৰ জৰিয়তে কয় য়ে, এই ই-মেইলৰ জৰিয়তে কৰ প্ৰদান আৰু কৰ উভতাই পাবলগীয়া লোকসকলৰ পৰা স্পষ্টীকৰণ বিচৰা হৈছে ৷ ইয়াৰ ফলত তেওঁলোকে কৰ প্ৰদান কাৰ্যক হাৰাশাস্তি বুলি ব্যাখ্য়া আগবঢ়াব নোৱাৰিব ৷ কৰ দাতাসকলে তেওঁলোকৰ কৰ পৰিশোধৰ সকলো বিৱৰণী প্ৰদান কৰিব লাগিব বুলি CBDT য়ে কয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.