নিউজ ডেস্ক, 29 জানুৱাৰী : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শুকুৰবাৰে 2021 চনৰ 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব লগা দেশৰ নতুন বিত্তীয় বৰ্ষৰ আৰ্থিক বিৱৰণ দাঙি ধৰে ৷ 'The Economic Survey 2020-21' ৰ মুখ্য আৰ্থিক পৰামৰ্শদাতা কৃষ্ণমূৰ্তী ভেনকা সুব্ৰমনিয়ামৰ দ্বাৰা গঠিত এক কমিটীয়ে দেশৰ বিভিন্ন বিভাগ সমূহত ৰাজ্যৰ অৰ্থনীতিৰ বিৱৰণ দাঙি ধৰে ৷
লগতে কিছু সংস্কাৰ সাধন কৰাৰ কথাও ব্যক্ত কৰে কমিটীখনে ৷ ইফালে, ক'ভিড মহামাৰীৰ সময়ত বিধস্ত হোৱা অৰ্থনীতি আগন্তুক বিত্তীয় বৰ্ষত পুনৰ ঠন ধৰি উঠিব বুলিও মন্তব্য প্ৰদান কমিটীৰ শীৰ্ষ বিষয়ববীয়াৰ ৷
উল্লেখ্য যে, বিগত বৰ্ষৰ এপ্ৰিল-জুন মাহত দেশৰ মুঠ ঘৰুৱা উৎপাদন 23.7 শতাংশ আৰু দ্বিতীয় পৰ্যায়ত 7.5 শতাংশ হোৱা বুলিও কমিটীয়ে প্ৰতিবেদন দাখিল কৰিছে ৷
লগতে পঢ়ক : পথৰুঘাটৰ ৰণঃ ইতিহাসৰ পাতত ধূসৰ হোৱা এক জীয়া কাহিনী