নেশ্বনেল ডেস্ক, 14 ডিচেম্বৰঃ কেন্দ্ৰীয় ৰেল’ৱে বিগত 2019 চনৰ এপ্ৰিল মাহৰ পৰা ডিচেম্বৰ মাহলৈ টিকট বিহীন তথা অনিয়মীয়া যাত্ৰীৰ পৰা 155,14 কোটি টকাৰ জৰিমনা লাভ কৰিছে ৷ সোমবাৰে চৰকাৰী সূত্ৰই এই কথা সদৰী কৰে ৷ এইবেলি এই জৰিমনা পূৰ্বৰ অৰ্থাৎ 2018 চনৰ তুলনাত 14.44% বৃদ্ধি হোৱা বুলি উল্লেখ কৰে ৷ উল্লেখ্য যে 2018 চনত এই জৰিমনাৰ পৰিমাণ আছিল 135,56 কোটি টকা ৷
কেন্দ্ৰীয় ৰেল’ৱে এক বিবৃতিত প্ৰকাশ কৰে যে 2019 চনৰ কেৱল ডিচেম্বৰত মাহতে টিকট বিহীন যাত্ৰীৰ পৰা 12.20 কোটি টকা জৰিমনা লাভ কৰিছে যি 2018 চনতকৈ 17.30% বৃদ্ধি হৈছে ৷ ইয়াৰোপৰি বিগত বৰ্ষৰ ডিচেম্বৰ মাহত সংৰক্ষিত আসনৰ টিকটৰ 249 টা ঘটনাৰ পৰা 1.95 লাখ টকাৰ জৰিমনা কেন্দ্ৰীয় ৰেল’ৱে লাভ কৰিছে বুলি প্ৰকাশ কৰে ৷
আৰু পঢ়কঃসাত দিনলৈ 2 ঘন্টাৰ বাবে দিল্লী বিমানবন্দৰত বন্ধ সকলো বিমানৰ উৰণ-অৱতৰণ