ETV Bharat / business

এপ্ৰিলত অ'টোমোবাইল কোম্পানীৰ বিক্ৰীৰ হাৰ শূন্য

author img

By

Published : May 1, 2020, 8:46 PM IST

লকডাউনৰ ফলত ব্য়াপকভাৱে ক্ষতিগ্ৰস্ত হৈছে অ'টোমোবাইল কোম্পানীসমূহ ৷ দেশৰ আগশাৰীৰ কোম্পানীসমূহৰ বিক্ৰীৰ হাৰ শূন্যত ৰৈছে ৷

লকডাউনৰ ফলত ব্য়াপকভাৱে ক্ষতিগ্ৰস্ত হৈছে অ'টোমোবাইল কোম্পানীসমূহ
এপ্ৰিলত অ'টোমোবাইল কোম্পানীৰ বিক্ৰীৰ হাৰ শূন্য

বিজনেছ ডেস্ক, 1 মে' : লকডাউনৰ ফলত এপ্ৰিল মাহত অ'টোমোবাইল কোম্পানীসমূহৰ ঘৰুৱা বজাৰত বিক্ৰীৰ হাৰ শূন্য হৈ পৰা বুলি তথ্য প্ৰদান কৰা হৈছে ৷

এপ্ৰিল মাহত মাৰুটিৰ শূন্য ইউনিট বিক্ৰী

দেশৰ সৰ্ববৃহৎ কাৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান মাৰুটি ছুজুকি ইণ্ডিয়াই (MSI) প্ৰদান কৰা তথ্য অনুসৰি, লকডাউনৰ ফলত কোম্পানীটোৱে ঘৰুৱা বজাৰত এখনো গাড়ীৰ বিক্ৰী কৰিবলৈ সক্ষম নহ'ল ৷ আনহাতে, মুন্দ্ৰা বন্দৰৰ জৰিয়তে কোম্পানীটোৱে 632 ইউনিট ৰপ্তানী কৰিবলৈ সক্ষম হৈছে ৷ সকলো সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰি এই ইউনিটসমূহ প্ৰেৰণ কৰা হৈছে বুলি মন্তব্য কৰে মাৰুটিয়ে ৷

এপ্ৰিল মাহত এম জি মটৰৰ শূন্য ইউনিট বিক্ৰী

এম জি মটৰ ইণ্ডিয়াৰ ডিলাৰ বন্ধ হৈ থকাৰ ফলত এপ্ৰিল মাহত শূন্য ইউনিট বিক্ৰী হোৱা বুলি কোম্পানীটোৱে জানিবলৈ দিয়ে ৷ মে' মাহৰ পৰা গাড়ীৰ বিক্ৰী বৃদ্ধি পাব বুলি আশা ব্যক্ত কৰিছে কোম্পানীটোৱে ৷ গাড়ী নিৰ্মাণ সংস্থাটোৱে জানিবলৈ দিয়া অনুসৰি, সামাজিক দূৰত্ব, পৰিস্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত ধ্যান ৰাখি কোম্পানীটোৱে ইয়াৰ কাম আৰম্ভ কৰিবলৈ সাজু হৈছে ৷

এপ্ৰিল মাহত মাহিন্দ্ৰাৰ শূন্য ইউনিট বিক্ৰী

অ'টোমোবাইল কোম্পানী মাহিন্দা আৰু মাহিন্দ্ৰাই (M&M) এপ্ৰিল মাহত ঘৰুৱা বজাৰত শূন্য ইউনিট বিক্ৰী কৰা বুলি তথ্য প্ৰদান কৰিছে ৷ কিন্তু, যোৱা মাহত বিদেশলৈ কোম্পানীটোৱে 733 খন গাড়ী ৰপ্তানী কৰা বুলি জানিবলৈ দিয়ে ৷ হিতাধিকাৰী, বিশেষকৈ ডিলাৰ আৰু যোগানকাৰী পাৰ্টনাৰ সমূহৰ সৈতে কোম্পানীটোৱে একত্ৰিত হৈ কাম আৰম্ভ কৰিব বুলি মন্তব্য কৰে M&M ৰ মুখ্য কাৰ্যবাহী বিষয়া বিজয় নাক্ৰাই ৷

M&M ট্ৰেক্টৰৰ বিক্ৰী এপ্ৰিল মাহত 83 শতাংশলৈ হ্ৰাস

লকডাউনৰ ফলত এপ্ৰিল মাহত M&M ট্ৰেক্টৰৰ বিক্ৰী হ্ৰাস পাই 83 শতাংশত উপনীত হ'ল ৷ কেৱল 4,772 ইউনিটহে বিক্ৰী হোৱা বুলি জানিবলৈ দিয়ে কোম্পানীটোৱে ৷ আনহাতে, যোৱা বছৰৰ এপ্ৰিল মাহত কোম্পানীটোলে বিক্ৰী কৰিছিল 28,552 ইউনিট ট্ৰেক্টৰ ৷ ইয়াৰ ফলত পূৰ্বৰ বৰ্ষৰ তুলনাত এই বিক্ৰীৰ হাৰ 83 শতাংশ হ্ৰাস পোৱা বুলি মন্তব্য কৰে M&M য়ে ৷ আনহাতে, যোৱা বছৰৰ এপ্ৰিল মাহত ৰপ্তানি 1,057 ইউনিট হোৱাৰ বিপৰীতে এই বছৰ এই সংখ্যা 56 ইউনিটতে সীমাবদ্ধ থাকে ৷ ইয়াৰ ফলত ৰপ্তানীৰ হাৰ 95 শতাংশলৈ হ্ৰাস পায় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.