নিউজ ডেস্ক, ১৬ মে': দেশত চলি থকা অনলাইন ফুড ডেলিভাৰী কোম্পানী "Zomato"ত কৰ্মৰত সকলৰ বাবে আহিছে এক দুঃখবৰ । লক্ ডাউন, কৰ'ণা সংকটৰ মাজতেই শুকুৰবাৰে কোম্পানীটোৰ পৰা কোৱা হয় ১৩ শতাংশ কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ কথা । কোম্পানীটোত বৰ্তমানে ৪০০০ হাজাৰ কৰ্মচাৰী কৰ্মৰত । কৰ'ণা ভাইৰাছৰ মহামাৰী কাৰণেই কোম্পনীটোৱে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ।
জ'মেট'ৰ প্ৰতিষ্ঠাপক আৰু CEO দীপিন্দৰ গোয়েলে কয়, কোম্পানীৰ ব্যৱসায়ৰ বহু কেইটা দিশত বিগত কেইটামান মাহত নাটকীয় ৰূপত কিছু পৰিৱৰ্তন দেখা পোৱা গৈছে । ইয়াৰ ভিতৰত কেইবাটাও পৰিৱৰ্তন স্থায়ী হ'ব । আমি অধিক কেন্দ্ৰীভূত জ'মেট' নিৰ্মাণ কৰাৰ চেষ্টা অব্যাহত ৰাখিম । কিন্তু সকলো কৰ্মচাৰীক পৰ্যাপ্ত কাম দিয়াৰ সম্ভাৱনা দেখা পোৱা যোৱা নাই । আমি প্ৰায় ১৩ শতাংশ কৰ্মচাৰী আমাৰ সৈতে আগলৈ ৰাখিবলৈ সক্ষম নহ'ম বুলি উল্লেখ কৰে গোয়েলে ।
যি সকল কৰ্মচাৰীক অব্যাহতি দিয়া হ'ব তেওঁলোকে ২৪ ঘণ্টাৰ ভিতৰত কোম্পানীৰ অধীনত এটা দলৰ পৰা জুম ক'লৰ নিমন্ত্ৰণ লাভ কৰিব । সেই সকল কৰ্মচাৰীক এতিয়াই অব্যাহতি দিয়া নহয় বুলি উল্লেখ কৰা হয় । অৱশ্য়ে কোম্পানীৰ হাতত তেওঁলোকৰ বাবে কাম নাই যিহেতু তেওঁলোকক ৫০ শতাংশ দৰমহাহে প্ৰদান কৰিব বুলি কোৱা হৈছে ।
গোয়লে লগতে কয়, কৰ্মচাৰী সকলে নিজৰ সম্পূৰ্ণ সময় আৰু নিজৰ সম্পূৰ্ণ শক্তি নতুন চাকৰি বিচাৰিবলৈ প্ৰয়োগ কৰিব বুলি আশা প্ৰকাশ কৰে । জুন মাহৰ পৰা কোম্পানীটোৱে সকলো কৰ্মচাৰীৰ ৫০ শতাংশ দৰমহা কৰ্তন কৰিবলৈ আগবাঢ়িছে ।