ETV Bharat / business

লকডাউনৰ পাচত কিয় ভাৰতীয়ই সৰু, ব্যৱহৃত, দুচকীয়া বাহন ক্ৰয় কৰিছে ? - ক'ভিড-19

আশা কৰা ধৰণেই ক'ভিড-19 লকডাউনৰ প্ৰথমভাগত ভাৰতীয় উপভোক্তাৰ খৰছৰ ধৰণ সলনি হ'ল ৷ শেহতীয়াকৈ চৰকাৰে প্ৰতিবন্ধকতাসমূহ শিথিল কৰি দিয়া বাবে এই খৰছৰ ধৰণ ক'ভিডৰ পূৰ্বৰ তুলনাত 80-90 শতাংশলৈ উভতি আহিছে ৷ তথাপিও ক'ভিডৰ পূৰ্বে উপভোক্তাই যিদৰে খৰছ কৰিছিল সেয়া পূৰ্বৰ দৰে হৈ থকা নাই ৷

লকডাউন
ভাৰতত সৰু, ব্যৱহৃত, দুচকীয়া বাহন ক্ৰয়
author img

By

Published : Oct 29, 2020, 7:01 PM IST

-কৃষ্ণানন্দ ত্ৰিপাঠী, ইটিভি ভাৰত

আশা কৰা ধৰণেই ক'ভিড-19 লকডাউনৰ প্ৰথমভাগত ভাৰতীয় উপভোক্তাৰ খৰছৰ ধৰণ সলনি হ'ল ৷ শেহতীয়াকৈ চৰকাৰে প্ৰতিবন্ধকতাসমূহ শিথিল কৰি দিয়া বাবে এই খৰছৰ ধৰণ ক'ভিডৰ পূৰ্বৰ তুলনাত 80-90 শতাংশলৈ উভতি আহিছে ৷ তথাপিও ক'ভিডৰ পূৰ্বে উপভোক্তাই যিদৰে খৰছ কৰিছিল সেয়া পূৰ্বৰ দৰে হৈ থকা নাই ৷

চলিত বছৰৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা লকডাউন বিশ্বৰ কাঢ়া লকডাউন সমূহৰ অন্যতম আছিল ৷ সেই সময়ছোৱাত সকলো লোক ঘৰতে আৱদ্ধ হৈ পৰাৰ লগতে প্ৰায় বন্ধ হৈ পৰিছিল অৰ্থনৈতিক কৰ্ম ৷

ই দেশৰ উপভোক্তাৰ খৰছৰ ধৰণ একেবাৰে সলনি কৰি পেলাইছিল ৷ অৰ্থনৈতিক অনিশ্চয়তাৰ ফলত মধ্যবিত্ত পৰিয়ালৰ লোকে টকা জমা কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল ৷

ফেডাৰেল বেংকৰ কাৰ্যবাহী বিষয়া শালিনী ৱেৰিয়ৰে কয়, "লকডাউনৰ প্ৰাৰম্ভিক পৰ্যায়ত আমি প্ৰত্যক্ষ কৰিছিলো যে, উপভোক্তাই ঘৰুৱা ব্যৱহৃত সামগ্ৰী, দৰৱ-পাতি আৰু অন্যন্য প্ৰয়োজনীয় সামগ্ৰীত খৰছ হ্ৰাস কৰিছিল ৷"

ৱেৰিয়াৰে লগতে কয় যে, চৰকাৰে লকডাউন শিথিল কৰি দিয়া বাবে যোৱা তিনি মাহত উপভোক্তাৰ খৰছৰ আকৌ উত্থান ঘটে ৷

শালিনীয়ে কয়, "অৰ্থনৈতিক কাৰ্যসমূহ পুনৰ আৰম্ভ হোৱাত খৰছৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে ৷ জানুৱাৰীৰ দৰে এই পৰিমাণ 80-90 শতাংশলৈ বৃদ্ধি পাইছে আৰু এয়া এক ভাল সংকেত ৷ "

ইটিভি ভাৰতৰ এক প্ৰশ্নৰ উত্তৰত ৱেৰিয়াৰে কয় যে, ক'ভিডৰ পূৰ্বৰ দৰেই খৰছৰ পৰিমাণ পুনৰ বৃদ্ধি পাইছে যদিও খৰছ কৰাৰ ধৰণত কিছু সালসলনি আহিছে ৷

শালিনীয়ে কয়, "ভ্ৰমণ, হোটেল আৰু আতিথ্য বহু হ্ৰাস পালে, ইয়াৰ পৰিৱৰ্তে সকলোৱে অন্য পন্থা বিচাৰি উলিয়াইছে ৷" ক'ভিডে বহু লোকক ব্যক্তিগত বাহন ক্ৰয় কৰিবলৈ বাধ্য কৰিলে ৷

বেংকৰ উপভোক্তাৰ খৰছৰ ধৰণৰ তথ্য বিশ্লেষন কৰা শালিনী ৱেৰিয়ৰে কয় যে, ক'ভিড-19 ৰ ভয়াবহতাৰ পৰা ৰক্ষা পাব পৰা সামগ্ৰীতহে সাধাৰণ লোকে খৰছ কৰিছে ৷

ইটিভি ভাৰতক ৱেৰিয়াৰে কয়, "আমি ক্ৰেতাৰ মাজত দেখা পাইছো যে, তেওঁলোকে সৰু, ব্যৱহৃত আৰু দুচকীয়া বাহন ক্ৰয় কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ৷ ৰাজহুৱা বাহনত যাতায়ত কৰাত শংকা আহি পৰা বাবে তেওঁলোকে এনেদৰে বাহন ক্ৰয়ৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷"

ব্যক্তিগত বাহন ক্ৰয়ৰ সংখ্যা বৃদ্ধি পোৱাৰ দুটা কাৰণ হৈছে-

প্ৰথমটো হৈছে, লকডাউনৰ ফলত মেট্ৰ', নগৰ ট্ৰেইন আৰু বাছ সেৱা ব্যাহত হ'ল ৷

দ্বিতীয়টো হৈছে, ক'ভিড-19 ত মৃত্যু হোৱা লোকৰ সংখ্যাই দেশজুৰি

1,20,000 আৰু সমগ্ৰ বিশ্বজুৰি 1.17 মিলিয়নৰ ঘৰ অতিক্ৰম কৰাৰ ফলত ৰাজহুৱা পৰিবহণ কৰিবলৈ ভিতিগ্ৰস্ত হৈ পৰিছে সাধাৰণ ৰাইজ ৷

উৎসৱ ছিজনৰ প্ৰভাৱ

অক্টোবৰৰ নৱৰাত্ৰিৰ পৰা অহা বছৰৰ মাৰ্চ মাহলৈ চলিবলগা উৎসৱ ছিজনত ভাৰতীয় উপভোক্তাই বহু খৰছ কৰিছে ৷ এই সময়ছোৱাত ভাৰতীয়ই নতুন বাহন, ঘৰ, মূল্যবান ধাতু যেনে, সোণ, ৰূপ, গহনা, বস্ত্ৰ আৰু অন্যান্য সামগ্ৰী ক্ৰয় কৰিছে ৷ এই সময়ছোৱাত এনে সামগ্ৰী ক্ৰয় কৰাটো শুভ বুলি বিবেচনা কৰা হয় বাবে গ্ৰাহকে এনে সামগ্ৰী ক্ৰয় কৰিছে ৷

বেংকাৰ শালিনীয়ে কয়, "উৎসৱ ছিজন আৰম্ভ হোৱাৰ লগে লগে খৰছৰ ধৰণ আৰু বৃদ্ধি পাব বুলি আমি আশা কৰিছো ৷ আমি দেখিবলৈ পাইছো যে, ই-কমাৰ্চ বিক্ৰেতা যেনে এমাজন আৰু ফ্লিপকাৰ্টে বিভিন্ন সা-সৰঞ্জাম, মোবাইল ফোন আদি বিক্ৰী কৰাত বহু সফল হৈছে ৷

অৰ্থনীতৰ পুনৰুদ্ধাৰ নিশ্চিত কৰিছে PMI ৰ তথ্যই

কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয় নিৰ্মলা সীতাৰমণে মঙলবাৰে কয় যে, উৎসৱৰ ছিজনত যিহেতু সামগ্ৰী ক্ৰয়ৰ পৰিমাণ বৃদ্ধি পাইছে সেয়েহে অৰ্থনীতি পুনৰুদ্ধাৰ হ'ব ৷

IHS Markit’s Purchasing Managers’ Index (PMI), India য়ে প্ৰদান কৰা তথ্য অনুসৰি, চলিত বছৰৰ ছেপ্তেম্বৰ পৰ্যন্ত ভাৰতৰ উদ্যোগসমূহত উৎপাদনৰ হাৰ অতি খৰতকীয়াকৈ বৃদ্ধি পাইছে ৷

লগতে পঢ়ক : ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ মাৰ্ক ৰবিনছনৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.