নিউজ ডেস্ক, 18 জুনঃ শীৰ্ষ পৰ্যায়ৰ ব্যক্তিগত খণ্ডৰ বেংক সমূহে জমা ধনত সুদৰ পৰিমাণ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ 0.25 শতাংশ পৰ্যন্ত হ্ৰাস কৰা হৈছে এই সুদৰ পৰিমাণ ৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে সুদৰ পৰিমাণ হ্ৰাস কৰাৰ পোষকতা কৰি আছে আৰু অৰ্থনৈতিক ব্যৱস্থাটো সুচাৰুৰূপে চলাবলৈ আগশাৰীৰ ব্যক্তিগত বেংক সমূহে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বেংক সমূহৰ এই সিদ্ধান্তক আৰ বি আইৰ গভৰ্ণৰ শক্তিকান্ত দাসে সমৰ্থন আগবঢ়াই ৷
আই চি আই চি আই বেংকে জনোৱা মতে সোমবাৰৰ পৰা ফিক্সড্ ডিপজিটৰ ক্ষেত্ৰত 0.10 ৰ পৰা 0.25 শতাংশলৈ সুদৰ পৰিমাণ হ্ৰাস কৰিছে ৷ বেংকটোৰ সংশোধনী হাৰ অনুসৰি 2 কোটি টকাৰ ভিতৰৰ দেশীয় জমাৰ ক্ষেত্ৰত 6.75 শতাংশ সুদ প্ৰদান কৰিব লাগিব ৷ 290 দিনৰ বাবে এই সুদৰ হাৰ প্ৰযোজ্য হ'ব ৷ আনহতে জমা ৰাশিৰ সময় সীমা 2 বছৰৰ অধিক হলে 7.30 শতাংশ সুদ প্ৰদান কৰিব ৷
অধিক পঢ়কঃ শীঘ্ৰেই অসমত স্থাপন হ'ব স্কীল চিটীঃ চন্দ্ৰমোহন পাটোৱাৰী
ইফালে এক্সিচ বেংকে 0.15 শতাংশ হাৰ হ্ৰাস কৰিছে 2 কোটি টকাৰ জমাৰ ক্ষেত্ৰত ৷ আনহাতে 2 কোটিৰ অধিক জমা ধন 2 বছৰতকৈ অধিক দিনৰ বাবে সঞ্চায়িত ধনত 0.10 শতাংশ সুদ হ্ৰাস কৰিব ৷ অনুৰূপ ধৰণে এইচ্ ডি এফ চি বেংকেও সুদৰ পৰিমান বিগত সপ্তাহৰ বুধবাৰৰ পৰাই প্ৰযোজ্য হোৱাকৈ হ্ৰাস কৰিছে ৷