নিউজ ডেস্ক, 25 জুনঃ মঙলবাৰে বিমানসেৱা প্ৰতিষ্ঠান স্পাইছজেটে ঘোষণা কৰে যে তেওঁলোকে দিল্লী আৰু মুম্বাইৰ পৰা আঠখনকৈ নতুন বিমানৰ চলাচল আৰম্ভ কৰিব ৷ জুলাইৰ পৰা নতুন বিমানকেইখনৰ চলাচল দিল্লী আৰু মুম্বাইৰপৰা আৰম্ভ হ'ব ৷
মুম্বাই-ৰিয়াধ-মুম্বাই,মুম্বাই-ঢাকা-মুম্বাই,দিল্লী-ঢাকা-দিল্লী আৰু দিল্লী-জেড্ডা-দিল্লী সূচী অনুসৰী কম খৰচী এই বিমানৰ চলাচল কৰা হ'ব বুলি স্পাইছ জেটৰ ফালৰ পৰা প্ৰকাশ কৰে ৷ বয়িং 737-800 এয়াৰ ক্ৰাফ্ট সমূহৰ যাত্ৰী পৰিবহনৰ ক্ষমতা হ'ব 178 জন ৷
লগতে পঢ়কঃ শিৱসাগৰত তাঁতশালে দিছে জীৱিকাৰ সন্ধান
চৌদি আৰৱৰ ৰাজধানী চহৰ ৰিয়াধ বাণিজ্যৰ মুখ্য কেন্দ্ৰ হোৱাৰ লগতে অৰ্থনৈতিক বাবে ঘাটি স্বৰূপ হৈ পৰিছে ৷ সেয়ে পোনপটীয়া বিমান সেৱা আগবঢ়োৱাৰ বাবে যথেষ্ট লোক উপকৃত হ'ব বুলি ধাৰণা কৰা হৈছে ৷ মুম্বাই-ঢাকা-মুম্বাই আৰু মুম্বাই-ৰিয়াধ-মুম্বাইৰ মাজত বিমান সেৱা ক্ৰমে 25 জুলাই আৰু 15 আগষ্টৰ পৰা আৰম্ভ হ'ব ৷ আনহাতে দিল্লী-ঢাকা-দিল্লী আৰু দিল্লী-জেড্ডা-দিল্লীৰ মাজত বিমান চলাচল 31 জুলাইৰ পৰা আৰম্ভ হ'ব ৷