নিউজ ডেস্ক, 16 মেঃ কেছ-লাইট অৰ্থব্যৱস্থাৰ লক্ষ্যৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে বুধবাৰে মুকলি কৰিছে এক ভিজন ডকুমেন্ট, যাৰ দ্বাৰা সহজ, সুৰক্ষিত, সহজলভ্য আৰু ক্ষীপ্ৰ ই-পেমেন্ট সহজসাধ্য হৈ পৰিব ৷ 2021 চনৰ ভিতৰত ভাৰতত ডিজিটেল লেনদেনৰ সংখ্যা 8.707 কোটিলৈ বৃদ্ধি পাব আৰু ইয়াৰ বাবেই ৰিজাৰ্ভ বেংকে এই নতুন ব্যৱস্থাৰে ধনৰ লেনদেনত গুৰুত্ব প্ৰদান কৰিব ৷
এই নতুন লেনদেন ব্যৱস্থাৰে ইউপিআই/আইএমপিএছ ব্যৱস্থাত 100 শতাংশ লগতে এন ই এফটি ব্যৱস্থাত 40 শতাংশ ধনৰ লেনদেন বৃদ্ধি পোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷ উল্লেখ্য যে, 2018 চনৰ 2,069 কোটি ডিজিটেল লেনদেনৰ বিপৰীতে ইয়াৰ সংখ্যা 2021 চনত 8.707 কোটিলৈ বৃদ্ধি পাব ৷ গ্ৰাহকৰ মাজত ধনৰ লেনদেন সম্পৰ্কত সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে সংশ্লিষ্ট বিভাগত এটা হেল্পলাইনৰ দ্বাৰা গ্ৰাহকৰ সকলো সমস্যাৰে সমাধান কৰা হ'ব বুলি উল্লেখ কৰিছে ৰিজাৰ্ভ বেংকে ৷