ETV Bharat / business

Air India Disinvestment: দিল্লী উচ্চ ন্য়ায়ালয়ে খাৰিজ কৰিলে সুব্ৰমন্য়ম স্বামীৰ আবেদন - PIL on Air India Disinvestment process dismissed

বিজেপি নেতা সুব্ৰমন্য়ম স্বামীয়ে এয়াৰ ইণ্ডিয়াৰ ডিচ ইনভেষ্টমেন্ট প্ৰক্ৰিয়া বাতিল কৰণৰ বাবে দাখিল কৰা এক PIL বৃহস্পতিবাৰে দিল্লী উচ্চ ন্য়ায়ালয়ে খাৰিজ কৰিছে (PIL by Subramanian Swamy dismissed) ৷ জানো আহক কি আছিল এই PIL ত ?

pil-by-subramanian-swamy-on-air-india-disinvestment-process-dismissed
Air India disinvestment process সন্দৰ্ভত সুব্রহ্মণ্যম স্বামীৰ PIL খাৰিজ
author img

By

Published : Jan 6, 2022, 3:39 PM IST

Updated : Jan 6, 2022, 3:50 PM IST

নিউজ ডেস্ক, 6 জানুৱাৰী : দিল্লী উচ্চ ন্য়ায়ালয়ে বৃহস্পতিবাৰে বিজেপি নেতা সুব্ৰমন্য়ম স্বামীয়ে এয়াৰ ইণ্ডিয়াৰ ডিচ ইনভেষ্টমেন্ট প্ৰক্ৰিয়া বাতিল কৰণৰ বাবে দাখিল কৰা জনস্বাৰ্থ জনিত এক আবেদন খাৰিজ কৰে (PIL by Subramanian Swamy dismissed)। দিল্লী উচ্ছ ন্য়ায়ালয়ৰ মুখ্য ন্য়ায়াধীশ ডি এন পেটেল আৰু ন্য়ায়াধীশ জ্য়োতি সিঙৰ এক খণ্ড বিচাৰপীঠে এই আবেদন খাৰিজ কৰে (High court dismiss PIL on Air India disinvestment) । স্মৰ্তব্য যে, বিগত বৰ্ষৰ অক্টোবৰ মাহত ভাৰত চৰকাৰে টাটা গ্ৰুপৰ সৈতে এয়াৰ ইণ্ডিয়াৰ ডিচ ইনভেষ্টমেন্ট বাবে ১৮,০০০ কৌটি টকাৰ চুক্তি স্বাক্ষৰ কৰিছিল ।

স্বামীয়ে তেওঁৰ আবেদনত এই ডিচ ইনভেষ্টমেন্ট প্ৰক্ৰিয়াক বে-আইনী, দুর্নীতিগ্রস্ত আৰু জনস্বাৰ্থ ৰহিত বুলি অভিযোগ কৰি কৈছিল যে, এই চুক্তিৰ দ্বাৰা টাটা গ্ৰুপক অনুকম্পা কৰা হৈছে । স্বামীয়ে কয় যে, এয়াৰ ইণ্ডিয়াৰ বাবে কৰা বিদিঙত মাত্ৰ দুটা কোম্পানীয়েহে ভাগ লৈছিল, ইয়াৰে এটা টাটা গ্ৰুপ আৰু আনটো স্পাইচ জেট, যাৰ বিৰুদ্ধে মাদ্ৰাছ উচ্চ ন্য়ায়ালয়ত এতিয়াও অৰ্থশূন্য়তা অথবা দেউলীয়া হোৱাৰ বাবে মোকৰ্দমা চলি আছে ।

শুনানীৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ হৈ যুক্তি দৰ্শাই মহাধিবক্তা তুষাৰ মেহতাই কয় যে এয়াৰ ইণ্ডিয়াৰ ডিচ ইনভেষ্টমেন্ট এটা নীতিগত সিদ্ধান্ত আছিল আৰু এই সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ ক্ৰমবৰ্ধমান লোকচানৰ বাবে লোৱা হৈছিল । তেওঁ আদালতক জনায় যে ডিচ ইনভেষ্টমেন্টৰ সিদ্ধান্ত ২০১৭ চনতেই লোৱা হৈছিল আৰু নীতি সন্মতভাৱে এই সিদ্ধান্ত লোৱা হৈছে ৷

ডিচ ইনভেষ্টমেন্টৰ সময়লৈকে হোৱা লোকচান চৰকাৰে বহন কৰিব আৰু তাৰ পাছৰ পৰাই সমস্ত লোকচান টাটা গ্ৰুপে বহন কৰিব । তেওঁ এই ডিচ ইনভেষ্টমেন্টৰ বিৰুদ্ধে কৰা আইনী প্ৰক্ৰিয়া অপ্রাসংগিক বুলি দাবী কৰে । আনহাতে টাটা গ্ৰুপৰ হৈ যুক্তি দৰ্শাই জ্যেষ্ঠ অধিবক্তা হৰিশ চালভেই আইনী মেৰপেচৰ বাবে যাতে ডিচ ইনভেষ্টমেন্ট প্ৰক্ৰিয়া বিলম্বিত নহয় তাৰ বাবে আদালতক অনুৰোধ জনায় ।

লগতে পঢ়ক : Manohari Gold tea new records : প্ৰতিকেজিত ৯৯,৯৯৯ টকা দৰত বিক্ৰী হ’ল অসমৰ চাহ

Last Updated : Jan 6, 2022, 3:50 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.