নতুন দিল্লী,11 জুন : জনচন এণ্ড জনচনৰ শিশুৰ বাবে প্ৰস্তুত কৰা চেম্পুত নাই কোনো ক্ষতিকাৰক পদাৰ্থ ! আমেৰিকাৰ কোম্পানীটোৱে শিশুৰ বাবে প্ৰস্তুত কৰা সামগ্ৰীত ক্ষতিকাৰক পদাৰ্থ থকাৰ অভিযোগ উত্থাপন কৰিছিল জয়পুৰৰ এটা গৱেষণাগাৰে ৷
জনচন এণ্ড জনচনে প্ৰকাশ কৰে যে কোম্পানীটোৱে শিশুৰ বাবে প্ৰস্তুত কৰা চেম্পুত কোনো ধৰণৰ ক্ষতিকাৰক সামগ্ৰী নাই ৷ এই সামগ্ৰী সকলো প্ৰকাৰে শিশুৰ বাবে সুৰক্ষিত ৷ কলকাতাৰ চেন্ট্ৰেল ড্ৰাগছ লেবৰেটৰীয়ে কৰা পৰীক্ষাত এই কথা প্ৰমাণ হোৱা বুলি প্ৰকাশ কৰে কোম্পানীটোৱে ৷ ইয়াৰ পূৰ্বে দণ্ডাধীশৰ আদালতে পূৰ্বৰ পৰীক্ষাত বিসংগতি থকাৰ অভিযোগত কোম্পানীটোক চেম্পুৰ পুনৰ পৰীক্ষণৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ নিৰ্দেশ অনুসৰি কোম্পানীটোৱে শিশুৰ বাবে প্ৰস্তুত কৰাৰ চেম্পুৰ পুনৰ পৰীক্ষা কৰোৱাইছিল ৷
জনচন এণ্ড জনচনে প্ৰকাশ কৰে যে, গ্ৰাহকৰ সুৰক্ষা কোম্পানীটোৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ ৷ উল্লেখযোগ্য যে,চলিত বৰ্ষৰ 5 মাৰ্চত ৰাজস্থান ড্ৰাগ কন্ট্ৰল অৰগেনাইজেচনে জনচন এণ্ড জনচনৰ চেম্পুত ফৰমেলডিহাইড থকা বুলি অভিযোগ উত্থাপন কৰিছিল ৷ বিশেষজ্ঞৰ তথ্য অনুসৰি ফৰমেলহাইডৰ বাবে মানৱ শৰীৰত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে ৷ এই অভিযোগ খণ্ডন কৰি জনচন এণ্ড জনচনে ৰাজস্থানৰ গৱেষণাগাৰটোৰ পৰীক্ষা পদ্ধতি সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰিছিল ৷ পৰৱৰ্তী সময়ত 3 জুনত ৰাজস্থান ড্ৰাগ কন্ট্ৰল অৰগেনাইজেচনে কলকাতাৰ গৱেষণাগাৰৰ তথ্য অনুসৰি জনচন এণ্ড জনচনৰ 100 এম এল আৰু 50 এম এলত ক্ষতিকাৰক পদাৰ্থ নাই বুলি প্ৰকাশ কৰিছিল ৷