ETV Bharat / business

কেন্দ্ৰীয় বাজেটে 1.53 লাখ কোটি টকাৰ ক্ষতি কৰিব ৰাজ্য চৰকাৰ সমূহক - budget would cost to states

নিৰ্মলা সীতাৰমনৰ বাজেটে ৰাজ্য চৰকাৰ সমূহক তেওঁলোকৰ কেন্দ্ৰীয় কৰৰ অংশৰ পৰা 1.53 লাখ কোটি টকাৰ ক্ষতি কৰিব ৷

বাজেটে ক্ষতি কৰিব ৰাজ্যচৰকাৰসমূহক
কেন্দ্ৰীয় বাজেটে 1.53 লাখ কোটি টকাৰ ক্ষতি কৰিব ৰাজ্য চৰকাৰ সমূহক
author img

By

Published : Feb 3, 2020, 8:01 PM IST

কেন্দ্ৰীয় বাজেট: এই বছৰৰ কেন্দ্ৰীয় বাজেটৰ অধ্যয়নে স্পষ্ট কৰে যে অৰ্থনৈতিক মন্দাৱস্থাই কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ অৰ্থনৈতিক অৱস্থাৰ কিমান ক্ষতি কৰিছে । বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে স্বীকাৰ কৰিছে যে বিত্তীয় বৰ্ষ 2019-20 ৰ সংশোধিত নিৰিখৰ হিচাপত সকলো 5টা প্ৰধান কেন্দ্রীয় কৰৰ লগত জড়িত তেওঁৰ বাজেটৰ লক্ষ্য পূৰণ কৰাতো সম্ভৱ নহ'ব । অৰ্থনৈতিক মন্দাৱস্থাই কেৱল কেন্দ্ৰৰ অৰ্থনীতিকে ক্ষতি কৰা নাই, ই ৰাজ্য চৰকাৰ সমূহকো সমানে ক্ষতিগ্ৰস্ত কৰিছে কিয়নো তেওঁলোকে কেন্দ্ৰই সংগ্ৰহ কৰা কৰৰ পৰা 1.53 লাখ কোটি টকাৰ অংশ হেৰুৱাব ।

যোৱা কিছু বছৰ ধৰি ঘৰুৱা বাৰ্ষিক আয় কমি আহি শেহতীয়াকৈ জুলাই-ছেপ্টেম্বৰৰ সময়ত মাত্ৰ 4.5% লৈ অৱনমিত হৈছে । 2012-13 বৰ্ষৰ জানুৱাৰী-মাৰ্চৰ সময়ৰ পৰা এইটো হৈছে আটাইতকৈ কম ঘৰুৱা বাৰ্ষিক উৎপাদনৰ হাৰ । এই মন্দাই কেন্দ্ৰীয় চৰকাৰক আৰ্থিকভাৱে বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে ।

জুলাই 2019ৰ মধ্যকালীন বাজেট দিয়াৰ সময়ত নিৰ্মলা সীতাৰমনে 2019-20 বিত্তীয় বৰ্ষৰ বাজেটৰ নিৰিখত 24.61 লাখ কোটি টকা ৰাজহ সংগ্ৰহৰ হিচাপ ধৰিছিল । এইতো হিচাপত 22.48 লাখ কোটি (বিত্তীয় বৰ্ষ 2018-19ৰ পুনঃ নিৰ্ধাৰিত নিৰিখ)ৰ পৰা 24. 61 লাখ কোটিলৈ (বিত্তীয় বৰ্ষ 2019-20)ৰ পূৰ্বনিৰ্ধাৰিত নিৰিখত মুঠ 2.13 লাখ কোটিৰ বৃদ্ধি হ'ব লাগিছিল যি শতাংশৰ হিচাপত 9. 47%ৰ বৃদ্ধি হ'লহেতেন । সীতাৰমন এই লৈ আত্মবিশ্বাসী আছিল কিয়নো GSTক বাদ দি বাকী বাণিজ্যিক কৰ আৰু আয় কৰ দুয়োটাই এই বছৰত ভাল বৃদ্ধিৰ লক্ষণ দেখাই আছিল ।

2019-20 বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ সংগ্ৰহ হ'ব লগীয়া মুঠ 24.61 লাখ টকাৰ কৰৰ পৰা ৰাজ্য চৰকাৰ সমূহে 8.09 লাখ কোটি পোৱাৰ হিচাপ আছিল ।

যি কি নহওঁক, যোৱা 2019ৰ 5জুলাইৰ পৰা 2020ৰ 1 ফেব্ৰুৱাৰীলৈকে মাত্ৰ 7 মাহৰ ভিতৰতে নিৰ্মলা সীতাৰমনৰ 2019-20 বিত্তীয় বৰ্ষৰ নিৰ্ধাৰিত নিৰিখত আউল লাগিল । কেন্দ্ৰীয় চৰকাৰৰ মুঠ কৰ সংগ্ৰহ 24.61 লাখ কোটি (2019-20ৰ পূৰ্ব নিৰ্ধাৰিত নিৰিখ) টকাৰ পৰা 21. 63 লাখ কোটিলৈ ( 2019-20ৰ পুনঃ নিৰ্ধাৰিত নিৰিখ) মুঠ 2.98 লাখ কোটি টকা বা 12.1% হ্ৰাস হোৱাটোপ্ৰায় নিশ্চিত । যাৰ ফলস্বৰূপে কেন্দ্ৰীয় চৰকাৰৰ কৰ সংগ্ৰহ, বাজেটৰ নিৰিখত 16.5 লাখ টকাৰ পৰা 15.05 লাখ (কেন্দ্ৰলৈ যোৱা মুঠ) কোটিলৈ হ্ৰাস হ'বলৈ গৈ আছে যি প্ৰায় 1.45 লাখ কোটি বা 8.84% ৰ লোকচান ।

এই লোকচান সংখ্যাগত ফালৰ পৰা ৰাজ্যচৰকাৰ সমূহৰ বেছি হব, যি নেকি তেওঁলোকৰ মুঠ নিৰ্ধাৰিত সংগ্ৰহৰ পৰা আনুপাতিক হিচাপত আৰু অধিক হোৱাটো নিশ্চিত ।

যদিও 2019-20 বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰসমূহে 8.09 লাখ কোটি টকা লাভ কৰাৰ কথা আছিল কিন্তু যোৱা শনিবাৰে ঘোষণা কৰা পুনঃ নিৰ্ধাৰিত নিৰিখত তেওঁলোকৰ অংশ 6.56 লাখ কোটিলৈ হ্ৰাস পাব যি নেকি বাজেটৰ নিৰিখত 1.53 লাখ কোটি টকা বা 18.91%ৰ লোকচান ।

Intro:Body:

কেন্দ্ৰীয় বাজেটে 1.53 লাখ কোটি টকাৰ ক্ষতি কৰিব ৰাজ্য চৰকাৰ সমূহক

নিৰ্মলা সীতাৰমনৰ বাজেটে ৰাজ্য চৰকাৰ সমূহক তেওঁলোকৰ কেন্দ্ৰীয় কৰৰ অংশৰ পৰা 1.53 লাখ কোটি টকাৰ ক্ষতি কৰিব

কেন্দ্ৰীয় বাজেট: এই বছৰৰ কেন্দ্ৰীয় বাজেটৰ অধ্যয়নে স্পষ্ট কৰে যে অৰ্থনৈতিক মন্দাৱস্থাই কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ অৰ্থনৈতিক অৱস্থাৰ কিমান ক্ষতি কৰিছে। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে স্বীকাৰ কৰিছে যে বিত্তীয় বৰ্ষ 2019-20 ৰ সংশোধিত নিৰীখৰ হিচাপত সকলো  5 টা প্ৰধান কেন্দ্রীয় কৰৰ লগত জড়িত তেওঁৰ বাজেটৰ লক্ষ্য পূৰণ কৰাতো সম্ভৱ নহ'ব।

অৰ্থনৈতিক মন্দাৱস্থাই কেৱল কেন্দ্ৰৰ অৰ্থনীতিকে ক্ষতি কৰা নাই , ই ৰাজ্য চৰকাৰ সমূহকও সমানে ক্ষতিগ্ৰস্ত কৰিছে কিয়নো তেওঁলোকে কেন্দ্ৰই সংগ্ৰহ কৰা কৰৰ পৰা 1.53 লাখ কোটি টকাৰ অংশ হেৰুৱাব ।

যোৱা কিছু বছৰ ধৰি ঘৰুৱা বাৰ্ষিক আয় কমি আহি শেহতীয়াকৈ জুলাই- ছেপ্টেম্বৰৰ সময়ত মাত্ৰ 4.5% লৈ অৱনমিত হৈছে। 2012- 13 বৰ্ষৰ জানুৱাৰী- মাৰ্চৰ সময়ৰ পৰা এইটো হৈছে আটাইতকৈ কম ঘৰুৱা বাৰ্ষিক উৎপাদনৰ হাৰ। এই মন্দাই কেন্দ্ৰীয় চৰকাৰক আৰ্থিক ভাৱে বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে।

জুলাই 2019ৰ মধ্যকালীন বাজেট দিয়াৰ সময়ত নিৰ্মলা সীতাৰমনে  2019- 20 বিত্তীয় বৰ্ষৰ বাজেটৰ নিৰিখত 24.61 লাখ কোটি টকা ৰাজহ সংগ্ৰহৰ হিচাপ ধৰিছিল। এইতো হিচাপত 22.48 লাখ কোটি( বিত্তীয় বৰ্ষ 2018-19ৰ পুনঃ নিৰ্ধাৰিত নিৰিখত) ৰ পৰা 24. 61 লাখ কোটিলৈ  (বিত্তীয় বৰ্ষ 2019-20) ৰ পূৰ্বনিৰ্ধাৰিত নিৰিখত) মুঠ 2.13 লাখ কোটিৰ বৃদ্ধি হ'ব লাগিছিল যি শতাংশৰ হিচাপত 9. 47%ৰ বৃদ্ধি হ'ল হেতেন। সীতাৰমন এই লৈ আত্মবিশ্বাসী আছিল কিয়নো GST ক  বাদ দি বাকী বাণিজ্যিক কৰ আৰু আয় কৰ দুয়োটাই এই বছৰত ভাল বৃদ্ধিৰ লক্ষণ দেখাই আছিল।

2019-20 বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ সংগ্ৰহ হ'ব লগীয়া মুঠ 24. 61 লাখ টকাৰ কৰৰ পৰা ৰাজ্য চৰকাৰ সমূহে 8.09 লাখ কোটি পোৱাৰ হিচাপ আছিল।

যি কি নহওঁক, যোৱা 2019ৰ 5জুলাইৰ পৰা 2020ৰ 1 ফেব্ৰুৱাৰীলৈকে  মাত্ৰ 7 মাহৰ ভিতৰতে নিৰ্মলা সীতাৰমনৰ 2019-20 বিত্তীয় বৰ্ষৰ নিৰ্ধাৰিত নিৰিখত আউল লাগিল। কেন্দ্ৰীয় চৰকাৰৰ মুঠ কৰ সংগ্ৰহ 24. 61 লাখ কোটি ( 2019-20ৰ পূৰ্ব নিৰ্ধাৰিত নিৰিখ) টকাৰ পৰা 21. 63 লাখ কোটিলৈ ( 2019-20ৰ পুনঃ নিৰ্ধাৰিত নিৰিখ) মুঠ 2.98 লাখ কোটি টকা বা 12.1% হ্ৰাস হোৱাটোপ্ৰায় নিশ্চিত ।

যাৰ ফলস্বৰূপে কেন্দ্ৰীয় চৰকাৰৰ কৰ সংগ্ৰহ, বাজেটৰ নিৰিখত 16.5 লাখ টকাৰ পৰা 15.05 লাখ (কেন্দ্ৰলৈ যোৱা মুঠ) কোটিলৈ হ্ৰাস হ'বলৈ গৈ আছে যি প্ৰায় 1.45 লাখ কোটি বা 8.84% ৰ লোকচান।

এই লোকচান সংখ্যাগত ফালৰ পৰা ৰাজ্যচৰকাৰ সমূহৰ বেছি হব, যিনেকি তেওঁলোকৰ মুঠ নিৰ্ধাৰিত সংগ্ৰহৰ পৰা আনুপাতিক হিচাপত আৰু অধিক হোৱাটো নিশ্চিত ।

যদিও 2019-20 বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰসমূহে 8.09 লাখ কোটি টকা লাভ কৰাৰ কথা আছিল কিন্তু যোৱা শনিবাৰে ঘোষণা কৰা পুনঃ নিৰ্ধাৰিত নিৰিখত তেওঁলোকৰ অংশ 6.56 লাখ কোটিলৈ হ্ৰাস পাব যিনেকি বাজেটৰ নিৰিখত 1.53 লাখ কোটি টকা বা 18.91%ৰ লোকচান ।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.