ETV Bharat / business

অত্যাৱশ্যকীয় নোহোৱা সামগ্ৰীৰ বিক্ৰীত বাধা চৰকাৰৰ

author img

By

Published : Apr 19, 2020, 6:27 PM IST

ই-কমাৰ্চ প্লেটফৰ্মযোগে চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহিৰে অন্যান্য সামগ্ৰীৰ বিক্ৰীত বাধা আৰোপ কৰিছে ।

অত্যাৱশ্যকীয় নোহোৱা সামগ্ৰীৰ বিক্ৰীত বাধা চৰকাৰৰ
অত্যাৱশ্যকীয় নোহোৱা সামগ্ৰীৰ বিক্ৰীত বাধা চৰকাৰৰ

নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাই এক চৰকাৰী পত্ৰযোগে ই-কৰ্মাচ কোম্পানীসমূহক অত্যাৱশ্য়কীয় সামগ্ৰীৰ বাহিৰে অন্য়ান্য় সামগ্ৰীসমূহ আঁতৰাই আনিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।

লগতে পঢ়কঃ বিনা বেতনে তিনিমাহৰ বাবে নিলম্বন স্পাইছজেটৰ কৰ্মচাৰী!

চাৰিদিনৰ পূৰ্বেই চৰকাৰে এইসমূহ কোম্পানীক মোবাইল ফোন,ৰেফ্ৰিজাৰেটৰ আৰু ৰেডি-মেড গাৰ্মেন্ট বিক্ৰীত অনুমতি প্ৰদান কৰিছিল যদিও দেওবাৰে পুনৰ এইদৰে নিষেধাজ্ঞা আৰোপ কৰে কেন্দ্ৰীয় চৰকাৰে । লক ডাউনৰ সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে জাৰী কৰা নতুন নিয়মাৱলীৰ প্ৰতি লক্ষ্য ৰাখিয়ে কেন্দ্ৰীয় গৃহ সচিবগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে। ইতিমধ্যে এই বিষয়ত বিভিন্ন ই-কমাৰ্চ কোম্পানীসমূহক নিৰ্দেশনা প্ৰদান কৰা হৈছে ।

এপ্ৰিলৰ ২০ তাৰিখৰ পৰা এইসমূহ সামগ্ৰী বিক্ৰীত অনুমতি প্ৰদান কৰা হৈছিল যদিও শেহতীয়াকৈ প্ৰদান কৰা পত্ৰখনত ই-কমাৰ্চ কোম্পানীয়ে ব্যৱহাৰ কৰা বাহনসমূহক নিৰ্দিষ্ট পাৰপত্ৰ লোৱাৰ পিচতহে এই অধিকাৰ প্ৰদান কৰা হ'ব বুলি কোৱা হয়। অৱশ্যে কি কাৰণত কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই ।

লগতে পঢ়কঃ কোভিড-১৯ : কৰদাতাসকললৈ সকাহ বিত্ত মন্ত্ৰালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.