নতুন দিল্লী, 6 জানুৱাৰীঃ সোমবাৰে বৃদ্ধি পালে সোণৰ মূল্য ৷ প্ৰতি দহ গ্ৰাম সোণত পূৰ্বতকৈ 857 টকা বৃদ্ধি পায় ৷ এই বৃদ্ধিৰ ফলত বৰ্তমান দহ গ্ৰাম সোণৰ মূল্য হৈছে 40,969 টকা ৷ বৰ্তমান সময়ত মধ্যপ্ৰাশ্চ্যত চলি থকা উদ্বেগজনক পৰিস্থিতিৰ বাবেই বৃদ্ধি পাইছে এই মূল্য ৷ফেব্ৰুৱাৰী মাহতো সোণৰ বজাৰত মূল্য বৃদ্ধিৰ ধাৰা অব্যাহত থাকিব বুলি ধাৰণা কৰা হৈছে ৷ 40,969 টকাত পুনৰ 2.14 শতাংশ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ এপ্ৰিল মাহতো দাম সম পৰিমাণে বৃদ্ধি হৈ 41,170 টকা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷
উল্লেখ্য যে,ইৰাণৰ সেনা প্ৰধান কাছেম ছ'লেমানিক আমেৰিকাই শুকুৰবাৰে দ্ৰোণ আক্ৰমণেৰে বাগদাদ চহৰত হত্যা কৰিছিল ৷ আৰু তাৰ পিছৰপৰাই মধ্য পাশ্চ্যত সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতিৰ ৷ যাৰ ফলত সমগ্ৰ বিশ্বৰ বজাৰতে প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়কঃ স্থানীয়সকলৰ বাবে চাকৰিৰ সংৰক্ষণে নিবনুৱা সমস্যা সমাধান কৰিবনে?