ETV Bharat / business

চৰকাৰে চিনাক্ত কৰা "জ'ন" অনুসৰি উদ্যোগ সমূহক মুকলি কৰাৰ পৰামৰ্শ CII ৰ - ভাৰতীয় উদ্যোগীক পৰিসংঘ

পৰামৰ্শ অনুসৰি "ধীৰ আৰু পৰিকল্পিত" পদ্ধতিৰে উদ্যোগ সমূহ মুকলি কৰাৰ বাবে আহ্বান জনাই । কৰ'ণা ভাইৰাচ সংক্ৰমণৰ ভিত্তি কৰি চৰকাৰে নিৰ্ণয় কৰা ভৌগলিক অঞ্চল যেনে, ৰেড জ'ন, গ্ৰীণ জ'ন আৰু এম্বাৰ জ'নৰ ওপৰত লক্ষ্য ৰাখি "ধীৰ আৰু পৰিকল্পিত" দৃষ্টিভংগী লবলৈ কয় ।

চৰকাৰে চিনাক্ত কৰা "জ'ন" অনুসৰি উদ্যোগ সমূহক মুকলি কৰাৰ পৰামৰ্শ CII ৰ

author img

By

Published : Apr 13, 2020, 3:34 PM IST

নিউজ ডেস্ক, 13 এপ্ৰিলঃ ভাৰতীয় উদ্যোগীক পৰিসংঘ চমুকৈ CII য়ে দেওবাৰে উদ্যোগ মুকলি কৰাৰ ক্ষেত্ৰত এক পৰামৰ্শ আগবঢ়াই । "ধীৰ আৰু পৰিকল্পিত" পদ্ধতিৰে উদ্যোগ সমূহ মুকলি কৰিবলৈ পৰামৰ্শ আগবঢ়াই । কৰ'ণা ভাইৰাচ সংক্ৰমণৰ ভিত্তিত কৰি চৰকাৰে নিৰ্ণয় কৰা ভৌগলিক অঞ্চল যেনে, ৰেড জ'ন, গ্ৰীণ জ'ন আৰু এম্বাৰ জ'নৰ ওপৰত লক্ষ ৰাখি "ধীৰ আৰু পৰিকল্পিত" দৃষ্টিভংগী ল'বলৈ আহ্বান জনায় ।

বস্ত্ৰ উদ্যোগ, ফাৰ্মাচি, খাদ্য উদ্যোগ, খনিজ আৰু ধাতু উদ্যোগ, ই-কমাৰ্চ, অটোমবাইল উদ্যোগ, আৰু ৰাসায়নিক উদ্যোগ সমূহ খোলাৰ প্ৰয়োজন আছে বুলি ভাৰতীয় উদ্যোগীক পৰিসংঘৰ প্ৰতিবেদনত প্ৰকাশ পায় ।

আনহাতে লকডাউনৰ ফলত হোৱা ক্ষতিৰ বাবে চৰকাৰক সহায্য পেকেজ ঘোষণা কৰাৰ পোষকতা কৰিছে এই প্ৰতিবেদনে ।

লক ডাউনত উদ্যোগ সমূহ খোলাৰ ক্ষেত্ৰত এক ৰণনীতিৰ প্ৰস্তাৱ দাখিল কৰে । য'ত উদ্যোগৰ গুৰুত্ব অনুযায়ী তিনিটা ভাগত ভাগ কৰি মুকলি কৰাৰ পৰামৰ্শ দিছে ।

প্ৰথম পৰ্যায়- ফাৰ্মাছিটিকেল সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ সমূহক 100 শতাংশ মুকলি কৰা।

দ্বিতীয় পৰ্যায়- এক বা দুই সপ্তাহৰ ব্যৱধানত কৃষি উদ্যোগ, ই কমাৰ্চ মুকলি কৰা ।

তৃতীয় পৰ্যায়- এক বা দুই সপ্তাহৰ ব্যৱধানত বাকী উদ্যোগসমূহ কাৰ্যক্ষম কৰা ।

উল্লেখ্য যে, উদ্যোগ সমূহ মুকলি কৰিলে স্বাস্থ্য, সামাজিক দূৰত্ব আৰু পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ ব্যৱস্থা কৰাৰো পৰামৰ্শ দিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.