নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ মাইক্ৰ', স্মল আৰু মিডিয়াম খণ্ডৰ এন্টাৰপ্ৰাইজৰ বাবে বহুকেইটা আঁচনিৰ কথা প্ৰকাশ কৰিছে চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াই । ইয়াৰ লগতে আত্মসহায়ক গোট আৰু কৃষকসকলৰ বাবেও ঋণ প্ৰদান কৰিব বুলি বুধবাৰে বেংকটোৱে প্ৰকাশ কৰিছে ।
এমএছএমই খণ্ডৰ বাবে তেওঁলোকৰ বাৰ্ষিক আয়ৰ ওপৰত ভিত্তি কৰি জৰুৰীকালীনভাৱে ১০ শতাংশলৈ ক্ৰেডিট প্ৰদান কৰিব বেংকটোৱে । এই ঋণৰ পৰিমান সৰ্বাধিক ৫০কোটিলৈকে প্ৰদান কৰিব বেংকটোৱে । ১৮ মাহৰ সময়সীমাৰ ভিতৰত এই ঋণ প্ৰদান কৰিব বেংকটোৱে । জুন ৩০, ২০২০লৈকে গ্ৰাহকসকলে এই সুবিধা লাভ কৰিব ।
আনহাতে কিষাণ ক্ৰেডিট কাৰ্ড থকা সকলক খেতি, পুখুৰী, পশুপালন, দুগ্ধ উৎপাদন আদি খণ্ডৰ বাবে ১০ হাজাৰৰ পৰা ৫০ হাজাৰলৈ ঋণ প্ৰদান কৰিব বেংকটোৱে । বিগত এবছৰৰ সমীক্ষা লক্ষ্য কৰি বেংকে গ্ৰাহকসকলক এইদৰে ঋণ প্ৰদান কৰিব বুলি জনাইছে । আনহাতে আত্মসহায়ক গোটৰ বাবে ৫হাজাৰৰ পৰা ১ লাখলৈকে ঋণ প্ৰদান কৰিব বেংকটোৱে । চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহলৈকে কৃষিখণ্ড আৰু আত্মসহায়ক গোটৰ সৈতে জড়িতসকলে বেংকটোৰ পৰা ঋণ লাভ কৰিব পাৰিব বুলি জনাইছে বেংকটোৰ পৰিচালন সঞ্চালকে ।
লগতে পঢ়কঃ GeM ৰ জৰিয়তে কৰ'ণা ভাইৰাছৰ চিকিৎসা সামগ্ৰী ক্ৰয়ৰ বাবে চৰকাৰৰ 159 কোটি ব্যয়